১৪ তম লোকসভাত এক অদ্ভূতপূৰ্ব কাম হৈছিল। দেশৰ অধিকাংশ সাংসদে ভোটাৰৰ হিতৰ কাৰণে এক অসাধাৰণ সিদ্ধান্ত লবলৈ মান্তি হৈছিল। যদি এই সিদ্ধান্তক সংসদৰ জৰিয়তে আইনৰ ৰূপত লৈ লোৱা হ’লে আজি দেশৰ সকলো নাগৰিক,কৃষক আৰু নিবনুৱাই অৰ্থনৈতিক অচলাৱস্তাৰ কাৰণে আত্মহত্যা নকৰিলেহেতেন। ৰাষ্ট্ৰদ্ৰোহৰ শাস্তি কোনেও ভুগিব নালাগিলহেতেন। আপোনি যিমান কল্পনা কৰিব পাৰে ইয়াৰে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰায় সকলো সমস্যাৰ সামাধান হৈ গ’লহেতেন। কিন্তু এক অনাকাংক্ষিত দূৰ্ঘটনা ঘটিল যে দেশৰ অধিকাংশ ৰাজনৈতিক দলৰ সভাপতি সকলে এই সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰিলে আৰু নিজৰ পদৱীৰ বলত এই প্ৰস্তাৱক সংসদত আলোচনা কৰিব নিদিলে আৰু এই খবৰ মিডিয়াৰ জৰিয়তে দেশৰ জনসাধাৰণৰ ওচৰলৈকো যাব নিদিলে।
জানো আহক, কি আছিল এই প্ৰস্তাৱ :
অৰ্থনৈতিক স্বাধীনতা অবিহনে ভোটৰ ৰাজনৈতিক অধিকাৰ মূল্যহীন। এনে ক্ষেত্ৰত যেতিয়া বিশ্বৰ সকলো কাম হাতৰ সলনি মেচিনেৰে কৰাটো সম্ভৱ হৈ গ’ল। মগজুৰ কাম কম্পিউটাৰে কৰা হ’ল, তেনে ক্ষেত্ৰত সকলো নাগৰিক’ক কামৰ অধিকাৰ দিব পৰা নাযায়। তেনেহ’লে জীয়াই থাকিবলৈ দৈনিক ধনৰ প্ৰয়োজনীয়তা কেনেকৈ পুৰণ কৰিব ? আজি ৰোজগাৰ লোৱাৰ জ্যেদ’ কৰিলে দেশদ্ৰোহীৰ শ্ৰেনীত আহিব লাগিব। কিয়নো মেচিন আৰু কম্পিউটাৰৰ পৰা কাম কাঢ়ি হাতক দিয়াৰ জ্যেদ’ কৰিলে আমি বিশ্বৰ অৰ্থব্যৱস্থাত পিছপৰি যাম। অৰ্থনৈতিক আৰু বিত্তীয় প্ৰয়োজনক পূৰ্ণ কৰিবৰ কাৰণে এই নতুন আন্দোলনকাৰীৰ বিচাৰৰ পৰিনাম “ভোটাৰশ্বিপ” হয়। সংসদত সেই সময়ত ভৰত গান্ধী নামৰ এজন ৰাজনৈতিক চিন্তকে এই প্ৰস্তাৱ সংসদত সাংসদ সকলৰ ওচৰত উত্থাপন কৰিছিল।
১৮ বছৰ হোৱা যুৱক, যি সকলে প্ৰথমবাৰ ভোট দিব তেওঁলোকে, যিসকলে ৰাজনীতিত দেশ সেৱাৰ মাৰ্গদৰ্শণ নিৰ্বাচিত কৰে এনে লোকসকলে ভোটাৰশ্বিপ’ৰ বিষয়ে বিস্তৃত ৰূপত জানিব লাগে। ভোটাৰশ্বিপ’ শিক্ষাৰ কাৰণে আমাক সমগ্ৰ দেশজুৰি গাঁও পঞ্চায়ত স্তৰত প্ৰশিক্ষিত কৰ্মীৰ আৱশ্যকতা আছে। আপুনি যি ৰাজনৈতিক দলৰ ভোটাৰেই নহওঁক লাগে, বৈজ্ঞানীক প্ৰণালীৰে আপুনি নিজৰ ৰাজনৈতিক শক্তিৰ ব্যৱহাৰ কৰা উচিত।