Skip to content
Home » নিৰ্বাচনী পূঁজিৰ লালশাত পৰি গৰীৱ আৰু মধ্যবৰ্গৰে সম্পৰ্ক এৰিলে দলবোৰে

নিৰ্বাচনী পূঁজিৰ লালশাত পৰি গৰীৱ আৰু মধ্যবৰ্গৰে সম্পৰ্ক এৰিলে দলবোৰে

দেশৰ পূঁজিপতিৰ মঙ্গলৰ কাৰণে যদি দুজন সাংসদেও আৱাজ উঠাই তেতিয়া কেন্দ্ৰ চৰকাৰে আইন বনাই দিয়ে। কিন্তু গৰীৱ আৰু মধ্যবৰ্গক অৰ্থনৈতিক কুপ্ৰথাৰ পৰা মুক্তি দিয়াবৰ কাৰণে যেতিয়া তিনিশ জনতকৈও অধিক সাংসদে ভোটাৰশ্বিপ’ আইন বনোৱাৰ আৱাজ সংসদত উঠাইছিল তেতিয়া কেন্দ্ৰ চৰকাৰ নিশ্চুপ হৈ গ’ল। বৰ্তমান মোডী চৰকাৰে এই প্ৰস্তাৱখন ঠাণ্ডা পানীত ডুবাই লৈ বহি আছে।

যদি ভোটাৰশ্বিপ’ৰ নামত এই আইন হৈ যোৱাহ’লে, দেশত প্ৰকৃতিৰ দ্বাৰা পাই থকা উৎপাদন আৰু ইয়াৰ পৰা চপোৱা নোট’ দেশৰ ভোটাৰ সকলৰ মাজত ভগোৱা হ’লহেতেন। মেচিনৰ পৰিশ্ৰমৰ দ্বাৰা যি উৎপাদন হৈ আছে আৰু সেই উৎপাদনৰ সলনি যি নোট’ চাপি আছে, এই নোটো দেশৰ ভোটাৰসকলক ভগোৱা হ’লহেতেন।

যদি ভোটাৰশ্বিপ’ আইন হৈ যোৱাহ’লে দেশৰ ভোটাৰসকলে সংসদ আৰু চৰকাৰৰ দ্বাৰা নিৰ্মিত সামাজিক সম্পত্তি, আইন আৰু সংস্থানবোৰৰ ভাড়া কমেও ৪৫০০ টকাকৈ প্ৰতিমাহে পাই থাকিলহে’তেন।

কিন্তু সংসদ্বীয় এক্সপাৰ্ট’ সমিটিৰ সমৰ্থণৰ পিছতো ভোটাৰক দেশৰ বিকাশৰ অংশীদাৰীত্ব দিয়াৰ দৰে ভোটাৰশ্বিপ’ আইনৰ প্ৰস্তাৱ গ’ত ১২ বছৰে সংসদত ওলমাই ৰাখিছে। মোডী চৰকাৰে এইখন প্ৰস্তাৱক বস্তাত ভৰাই ৰাখিছে। য’ত সংসদত এইখন প্ৰস্তাৱক দাঙিধৰা কেবাজনো লোকক শ্ৰী নৰেন্দ্ৰ মোডীয়ে নিজৰ কেবিনেট’ত মন্ত্ৰী বনাই ৰাখিছে। কিয়নো ভোটাৰৰ যি সামাজিক সম্পত্তিক তেওঁলোকে ব্যৱহাৰ কৰি আছে আৰু ভোটাৰক দিব লগা ভাড়া কব্জা কৰি ৰাখিছে। এনে পূঁজিপতিৰ হাতৰ মুঠিতেই খেলি আছে মোডী চৰকাৰ।

শ্ৰী ভৰত গান্ধীয়ে অসমৰ চিৰাং জিলাত আয়োজিত এখনি জনসভাক সম্বোধন কৰি আছিল। শ্ৰী গান্ধীয়ে কয় যে, “এইখন দেশ কেৱলমাত্ৰ কৌটিপতি/পূঁজিপতিৰে নহয়, যদি ভোটাৰশ্বিপ’ আইন নবনাই তেতিয়া এইয়া প্ৰমাণিত হ’ব, কেন্দ্ৰ চৰকাৰে কেৱলমাত্ৰ দুই শতাংশ ধনীক লোককহে প্ৰতিনিধিত্ব কৰে। বাকী ৯৮ শতাংশ গৰীৱ আৰু মধ্যবৰ্গ চৰকাৰ বিহীন, সংসদ বিহীন, দেশ বিহীন, অনাথ হয় আৰু ঠিক এই ধৰনৰে গোলাম হয়, যেনেদৰে কৃষকৰ বলধ কৃষকৰ গোলাম হয়”।

গুনী-জ্ঞানী ৰাজনীতি সুধাৰকে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ সভা সম্বোধন কৰি জনায় যে যেনেদৰে কৃষক’ৰ ঘৰত কাম কৰাব’ৰ কাৰণে ব’লধ গৰু পুহি ৰাখে, ঠিক তেনেদৰেই দেশৰ গৰীৱ আৰু মধ্যবৰ্গক ব’লধ গৰুৰ দৰে কেৱল মাত্ৰ কাম কৰাৱৰ বাবে পুহি ৰাখিছে। এয়া আৰ্থিক গোলামী হয়।

শ্ৰী ভৰত গান্ধীয়ে কয় যে, “গৰিৱী আৰু গোলামীৰ মাজত কি পাৰ্থক্য আছে এয়া কোৱাৰ প্ৰয়োজন আছে”। তেওঁ উল্লেখ কৰে যে দেশৰ প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্ৰীয়ে এতিয়াও গৰীৱ আৰু গোলামীৰ মাজৰ পাৰ্থক্য নাজানে। এক দৰ্জনৰো অধিক কিতাপৰ লেখক শ্ৰী ভৰত গান্ধীয়ে দেশৰ গৰীৱৰ চিকিৎসা কৰি আছে কিন্তু বেমাৰ গোলামীৰ হয়। যেতিয়ালৈকে ভোটাৰশ্বিপ’ৰ আইন বনাই দেশত চলি থকা আৰ্থিক গোলামীৰ কুপ্ৰথা বন্ধ কৰা নাযাব তেতিয়ালৈকে গৰীৱ শেষ নহ’ব বা নাযাব। মাত্ৰ উৎপাদন আৰু বিকাশৰ স্তৰ বঢ়ালেই গৰীৱ নাযায়।

ভোটাৰশ্বিপ’ প্ৰস্তাৱৰ ওপৰত কেন্দ্ৰ চৰকাৰে যি ধৰণৰ ব্যৱহাৰ কৰি আহিছে, এয়া দেখি এনে আৱাজ উঠোৱা হৈছে যে ধনী আৰু দুখীয়াৰ মঙ্গলৰ কাৰণে ইমানেই যুজ আছে যিটো ভাৰত আৰু পাকিস্তানৰ মঙ্গলৰ বাবে আছে। য’ত ভাৰত-পাকিস্থানৰ বেলেগ বেলেগ চৰকাৰ, বেলেগ বেলেগ নোট’, বেলেগ বেলেগ ৰাষ্ট্ৰবাদী মান্যতা দিয়া হ’ল। ঠিক তেনেদৰে ধনী আৰু দূখীয়াৰ কাৰণে বেলেগ বেলেগ চৰকাৰ, বেলেগে বেলেগে নোট’ বনাব লাগে। কিয়নো ৪০ কিলো: উজনৰ পালোৱান ১৫০ কিলো: উজনৰ পালোৱানৰ লগত যুজিব নোৱাৰিব। যদি যুজিবলৈ দিয়া যায়, এয়া প্ৰাকৃতিক ন্যায়ৰ বিৰুদ্ধ হ’ব। এনে অন্যায় আজি সমগ্ৰ বিশ্বত চলি আছে। ৰাজনৈতিক বিচাৰক জনে কয় যে, গৰীৱ আৰু মধ্যবিত্তৰ ৰাষ্ট্ৰীয়তাক মান্যতা দিয়ক অন্যথা ভোটাৰশ্বিপ’ৰ আইন বনাওক। আৰু দেশৰ বিকাশৰ অংশীদাৰীত্ব সকলো ভোটাৰক দিয়া যাওক। যদি এই আইন হৈ যায় তেতিয়া আজিৰ বজাৰৰ দৰ অনুযায়ী প্ৰতি ভোটাৰে কমেও ৪৫০০ টকাকৈ মাহে পাব পাৰে। ইয়াৰদ্বাৰা গৰীৱ শেষ হ’ব। নিবনুৱা সমস্যা, আৰ্থিক বিষমতাৰ সামাধান হ’ব আৰু ক্ৰয় ক্ষমতাৰে কৰ্ম-সংস্কৃতি সৃষ্টি হ’ব।

শ্ৰী ভৰত গান্ধীয়ে কয় যে ইউৰুপীয় অন্ধবিশ্বাসৰ ওপৰত যদি দেশবোৰৰ শংকা যদি আঁতৰি যায়, তেতিয়াহ’লে দেশবোৰৰ কাৰণে আৰু গণতন্ত্ৰৰ কাৰণে ভাল নহ’ব। সংসদত ভোটাৰশ্বিপ’ অধিকাৰ সম্বন্ধীয় জাননীখনৰ মুল আবেদক শ্ৰী গান্ধীয়ে জনাই যে কেন্দ্ৰ চৰকাৰে তেওঁৰ প্ৰস্তাৱক নকল কৰি “আধাৰ কাৰ্ড”ৰ আইন বনালে, জনসাধাৰণক পুনপতিয়াকৈ টকা দিয়াৰ নীতি বনালে, গেছ চিলিণ্ডাৰত চাবচিডিৰ টকা জনসাধাৰণৰ বেংক একাউণ্টত দিবলৈ আৰম্ভ কৰিলে, জন-ধনৰ নামত জনসাধাৰণক বেংকৰ একাউণ্ট খুলিবলৈ দিলে, বেচিক’ ইনকাম’ৰ নামত প্ৰতি ব্যক্তিক ১৫০০ টকাকৈ দিয়াৰ প্ৰস্তাৱ ল’লে। কিন্তু জন-ধন’ একাউণ্টতো টকা ভৰাই নিদিলে আৰু বেচিক ইনকাম’ৰ নামত দিয়া প্ৰতিশ্ৰুতিও পুৰণ নকৰিলে। গৰীৱ আৰু মধ্যবৰ্গৰ ওপৰত এনে ব্যৱহাৰ গণতন্ত্ৰ বিৰোধী আৰু ৰাষ্ট্ৰ বিৰোধী হয়। শ্ৰী গান্ধীয়ে কয় যে যদি মোডী চৰকাৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনত হাৰি যোৱাহ’লে বেচিক ইনকাম’ৰ দিশে আগবাঢ়িলহে’তেন, কিন্তু জনসাধাৰণক অসুবিধা দি অহাৰ পিছতো ভোট পাই আছে গতিকে সেৱা কৰা’ৰ কি প্ৰয়োজন আছে ? এনে সিদ্ধান্তৰ ওপৰত নৰেন্দ্ৰ মোডীয়ে জনসাধাৰণৰ আৰ্থিক দূৰ্দশা শেষ কৰিবৰ কাৰণে দেশত “বেচিক ইনকাম” (ভোটাৰশ্বিপ’ৰ আৰম্ভণি) নামেৰে আৰম্ভ কৰা কামৰ পৰা ফালৰি কাটিলে। ইতিহাসে এই সকলো প্ৰশ্নৰ উত্তৰ সুধিব আৰু মাত্ৰ মোডীয়েই নহয়, ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াৰ উত্তৰ দিব লাগিব বুলি শ্ৰী গান্ধীয়ে অসমৰ বিশাল জনসভাত বক্তব্য ৰাখে।

3 thoughts on “নিৰ্বাচনী পূঁজিৰ লালশাত পৰি গৰীৱ আৰু মধ্যবৰ্গৰে সম্পৰ্ক এৰিলে দলবোৰে”

Leave a Reply

Your email address will not be published. Required fields are marked *

Open chat
Any query?
We are here to help you regarding
the new political system.