লবীকেন্দ্ৰীক ব্যক্তিয়ে সদায় ৰাজনীতি লেতেৰা কৰে, শুধৰণি কৰিব নোৱাৰে। যদি ৰাজনীতিৰ ব্যক্তি নিজৰ পৰিয়ালৰ প্ৰতি পক্ষপাতি হয় তেতিয়া নিশ্চিত ৰূপে বেইমান হ’বই। যদি তেওঁ নিজৰ গাওঁ বা অঞ্চল, নিজ জাতি বা নিজ ধৰ্মৰ প্ৰতি পক্ষপাতিত্ব কৰে নিশ্চিতৰূপত দূৰ্নীতিপৰায়ন হ’বই। কিয়নো তেওঁ বেলেগ গাওঁ, বেলেগৰ অঞ্চল, অন্য জাতি, আৰু বেলেগৰ ধৰ্মৰ ধন সম্পত্তিত নিজৰ অংশ’ক আজুৰি আনি নিজ অঞ্চললৈ নিব বিচাৰিব। বেলেগৰ সংস্কাৰক ঠান-বান কৰিব আৰু নিজৰ সংস্কাৰৰ ওকালতি কৰিব। বেলেগ অঞ্চলৰ অন্য জাতিৰ আৰু অন্য ধৰ্মৰ মানুহৰ অংশ আজুৰিবলৈ তেওঁক যিমান অপৰাধৰ প্ৰয়োজন হ’ব, সকলো অপৰাধ তেওঁ বৈধ্য মানিব।
এনেদৰেই যি ব্যক্তিয়ে মাত্ৰ নিজৰ দেশৰ প্ৰতি পক্ষপাতিত্ব কৰে, তেওঁ অন্য বেলেগ দেশৰ ধন-সম্পত্তিক চ’ল বল অথবা কৌশলেৰে নিজ দেশলৈ আনিবলৈ চেষ্টা চলাব। এনে অপৰাধিক ব্যক্তিৰ হাতত যদি ৰাজনীতি থাকে, তেতিয়া দূৰ্ণীতি তথা অপৰাধ নিৰ্মূল কৰাটো অসম্ভব। সেইকাৰণে যি সকল লোক ৰাজনৈতিক ক্ষেত্ৰত যায়, এয়া সুনিশ্চিত কৰাটো প্ৰয়োজন যে তেওঁ যাতে পক্ষপাতিত্ব নকৰে।
সমগ্ৰ দেশজুৰি শ্ৰী ভৰত গান্ধীয়ে ৰাজনীতি শুধৰণিৰ যি প্ৰশিক্ষণ চলাই আছে, ইয়াৰদ্বাৰা নিৰপেক্ষ আৰু সমদৰ্শী কৰ্মী সৃষ্টি কৰাই আছে। শ্ৰী ভৰত গান্ধীয়ে সকলো জনসাধাৰণক প্ৰশিক্ষিত কৰোৱাৰ প্ৰয়োজন অনুভৱ কৰে। যিসকলে ভাবে যে তেওঁলোকৰ নেতাই বেইমানী-দূৰ্ণীতি কৰি হ’লেও বেলেগ দেশৰ অংশ নিজৰ দেশলৈ আজুৰি আনক, বেলেগ ৰাজ্যৰ, বেলেগ লোকসভা, বেলেগ বিধানসভাৰ পৰা বেলেগ গাৱঁৰ পৰা আজুৰি আনক—— এনে দূৰ্ণীতিপৰায়ন আৰু বেইমান মানুহক যদি নেতা বনোৱা যায়, তেওঁক ভোট দিয়া যায় তেনেহ’লে তেওঁ বেলেগ অঞ্চলৰ অংশ আজুৰি আনি নিজৰ অঞ্চললৈ আনক বা নানক, কিন্তু বেলেগৰ টকা আৰু চৰকাৰী টকা আজুৰি আনি নিজৰ ঘৰ’লৈ নিশ্চিতৰূপত নিব।
নিজৰ প্ৰতি পক্ষপাতিত্ব কৰা ব্যক্তি যিমানেই সমাজ সেৱা নকৰক লাগে কিন্তু নিজৰ পৰিয়ালৰ সেৱা নিশ্চয় কৰিব। এনে পৰিয়াল সেৱক’ বৰ্তমানৰ ৰাজনীতিত বিৰাজমান হ’ল। ইয়াত নীতি-নিয়মৰ দুখটো আছেই, জনসাধাৰণৰ মানসিকতাও ক’ম দূষি নহয়।
আজি মাত্ৰ নেতাৰেই নহয়, জনসাধাৰণৰ চৰিত্ৰও শুধৰণি কৰাৰ প্ৰয়োজন আছে। য’ত আন্ত:জাতিয়, আন্ত:ধাৰ্মিক, আন্তঃৰাষ্ট্ৰীয় বিবাহ, সমদৰ্শী সমাজ আৰু সমদৰ্শী নেতা সৃষ্টি কৰাত বহুত ডাঙৰ ভুমিকা গ্ৰহণ কৰিব পাৰে। এনে বিবাহৰ পৰা জন্ম পোৱা সন্তান আপেক্ষিকভাৱে অধিক কৌশলি আৰু বুদ্ধিয়ক হয়। এই কথা য়ুজেনিক্স আৰু জেনেটিক্স শৌধৰ দ্বাৰা প্ৰমানিত হৈ গৈছে। শ্ৰী গান্ধীয়ে কয় যে প্ৰয়োজনকৈ অধিক ধনী লোকসকলে নিজৰ টকা ধাৰ্মিক হিংসাত উচতনি দিয়াত খৰচ কৰি আছে। আহি থকা সময়ত ধাৰ্মিক উৎমাদনা আৰু ধাৰ্মিক হিংসাৰ পৰা সৃষ্টি হ’বপৰা বিশ্বব্যাপী মাৰ-কাটৰ পৰা ৰক্ষা পাবলৈ নিজৰ নিজৰ সন্তানৰ নাম এনেদৰে ৰাখিবলৈ সকলো ধৰ্মৰ লোকক পৰামৰ্শ দিয়ে যে নাম শুনি কোনেও যাতে ধৰিব নোৱাৰে তেওঁ কোন ধৰ্মৰ লোক হয়। সেইকাৰণে ল’ৰা-ছোৱালীৰ নাম ৰাখিবলৈ ধৰ্মগ্ৰন্থ চোৱাৰ সলনি ভূগোল, বিজ্ঞান আৰু গনিত চাই নাম ৰাখিব লাগে। ইয়াৰদ্বাৰা ল’ৰা-ছোৱালীৰ নাম অনুবাদ যোগ্য হ’ব আৰু বিশ্বৰ যিকোনো ঠাইত হোৱা ধাৰ্মিক হিংসাৰ পৰা তেওঁ সুৰক্ষিত থাকিব। নামৰ অনুবাদ হৈ যোৱাৰ কাৰণে তেওঁ তেওঁৰ শৈক্ষিক জীৱনত অধিক সফল হ’ব পাৰিব কিয়নো তেওঁক শিক্ষা দিয়া শিক্ষকেও অনুবাদ যোগ্য নাম হোৱাৰ কাৰণে তেওঁৰ নামৰ অৰ্থ নিজৰ ভাষাত বুজি ল’ব।