দলৰ ওপৰত নাগালেণ্ড'ত আক্ৰমণ

উ: পূৰ্বাঞ্চলৰ জনসাধাৰণে দলত পূৰ্ণদ্যোমে অংশগ্ৰহণ কৰি আছিল। কিয়নো উ:পূৱত গৰিৱী আৰু সজাগতা দুয়ো অধিক আছিল।কেন্দ্ৰত সত্বাত থকা দল বিজেপি'ৰ দৃষ্টিত এই দলৰ উত্থান চকুত লগা ধৰণে হৈছিল। প্ৰথমতে এই দলৰ প্ৰতিষ্ঠাপক শ্ৰী বিশ্বাত্মা'ৰ পৰা পুলিচ সুৰক্ষা আঁতৰাই দিলে। য'ত তেওঁৰ ওপৰত আক্ৰমণ সম্ভৱ হয়। ইয়াৰ পিছত ২০২০ চনৰ ১৩ মাৰ্চ তাৰিখে নাগালেণ্ডৰ ডিমাপুৰ'ত আৰক্ষী বিষয়া সকলক নিৰ্দেশ দি বিশ্বাত্মাক আঁতক কৰালে। যেতিয়া তেওঁ দলীয় কৰ্মীক প্ৰশিক্ষণ দি আছিল।

নাগালেণ্ডত দলৰ ওপৰত আক্ৰমনৰ ঘটনাক্ৰম

ডিমাপুৰত জানিবুজি স্ব-জ্ঞানে গোচৰ ৰুজু কৰি প্ৰস্তাৱক শ্ৰী বিশ্বাত্মা'ক আতক কৰা, মোটা অংকৰ ঘোচ লোৱা, মুক্তিপণ দাবী কৰা, সন্ত্ৰাসবাদীক পূঁজি যোগান ধৰা আৰু হত্যাৰ পৰিকল্পনা সম্বন্ধীয় কিছু অতিৰিক্ত তথ্য আৰু পৰিনাম

আৰক্ষীয়ে স্বজ্ঞানে জানিবুজি শ্ৰী বিশ্বাত্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে। তেওঁ ওপৰত দূষ জাপি দিছে যে তেওঁ দলৰ মাধ্যমেৰে জনসাধাৰণক লোভ দেখুৱাই তেওঁলোকৰ পৰা টকা হৰকাই আছে। ১৩ মাৰ্চ ২০২০ তাৰিখে চাৰিদিনীয়া প্ৰশিক্ষণৰ অন্তিম দিনা ডিমাপুৰ আক্ষৰী থানালৈ এইবুলি কৈ মাতিছিল যে দলৰ দ্বাৰা চলাই থকা অভিযানৰ কিছু তথ্য আৰক্ষীয়ে লব লগা আছে। কিন্তু থানাত শ্ৰী বিশ্বাত্মা আৰু তেওঁৰ স্বেচ্ছাসেৱক দেশৰক্ষী সকলক বে-আইনীভাবে উপায়েৰে আট'ক কৰা হ'ল।

১) আটক কৰিবৰ বাবে নাগালেণ্ড আৰক্ষীৰ প্ৰস্তুতি- - ২০২০ চনৰ ২ মাৰ্চ তাৰিখে বিশ্বাত্মৰ দিল্লী কাৰ্য্যালয়ৰ পৰা বিশ্বাত্মাৰ কাৰণে পুলিচ সুৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু নাগালেণ্ড আৰক্ষী আয়ুক্তলৈ ইমেইল পঠিওৱা হৈছিল। এই ইমেইলতে প্ৰস্তাৱকৰ নাগালেণ্ড ভ্ৰমন সূচীৰ তথ্য আৰক্ষী বিভাগে লাভ কৰে। এই তথ্যৰ অপ-ব্যৱহাৰ কৰি সুৰক্ষা দিয়াৰ সলনি ৰাজ্যখনৰ উচ্চস্তৰীয় বিষয়া সকলৰ দ্বাৰা বিশ্বাত্মা'ক আটক কৰি ধন সংগ্ৰহ আৰু হত্যাৰ পৰিকল্পনা কৰা হ'ল। ঘটনাক্ৰমে ইয়াকে সূচাই যে এই পৰিকল্পনাৰ দৰে ডিমাপুৰ জিলাৰ আৰক্ষীক আৰু মন' জিলাৰ আৰক্ষীক বিশ্বাত্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবৰ কাৰণে গোচৰ দিওঁতা বিচৰা'ৰ দায়িত্ব হয়তো দিয়া গৈছিল। এই দুই জিলাতেই বিশ্বাত্মা'ক আটক কৰিবৰ কাৰণে গোচৰ দিওঁতা বিচৰাটো সম্ভৱ আছিল। কিয়নো এই দুয়োখন জিলাতে দলৰ সদস্যতা অভিযান ছলি আছিল।

২) আৰক্ষীৰ দ্বাৰা শ্ৰী বিশ্বাত্মা'ক কৌটিপতি বুলি বদনাম উলিয়াই দিলে- উক্ত নিৰ্দেশৰ অনুপালন কৰি মন' জিলাৰ অতিৰিক্ত উপায়ুক্তক কোনোবা এজন ব্যক্তিয়ে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ সদস্যতা সম্বন্ধীয় কিছু নিৰ্দেশনা পত্ৰ আৰু প-পত্ৰ দিয়া হ'ল। ১১ মাৰ্চ ২০২০ তাৰিখে মন' জিলাৰ উপায়ুক্তই ৱাটচ্আপ যোগে সমগ্ৰ ৰাজ্যজুৰি চৰকাৰী বিষয়া সকলক এই খবৰ প্ৰসাৰিত কৰি বিশ্বাত্মাক আটক কৰাৰ কাৰণ আবিষ্কাৰ কৰিলে "আৰক্ষী বিষয়া সকলৰ মাজত আৰু নগা সন্ত্ৰাসবাদীৰ মাজত এই অপবাদ প্ৰচাৰ কৰা হ'ল যে প্ৰস্তাৱক জন কৌটিপতি লোক হয়। তেওঁ এটা দলৰ মুল মানুহজন হয়।এই দলৰ ওচৰত বহুত ধন আছে। এই ধন নাগালেণ্ডৰ জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা হৈছে"। এনে অপ-প্ৰচাৰৰ পিছত বিশ্বাত্মা'ক প্ৰথমতে ডিমাপুৰ আৰক্ষী আয়ুক্ত নইম মুস্তাফা'ই ১৪ মাৰ্চত এই কথা ক'লে। যেতিয়া বিশ্বাত্মাক জেললৈ পঠিয়াই দিয়া হ'ল, তেতিয়াও ২৪ মে' তাৰিখে ডিমাপুৰ চেন্ট্ৰল জেললৈ অহা কয়দীয়েও তেনেকৈয়ে ক'লে। এই কয়দীজনৰ ওচৰত বিশ্বাত্মাৰ সহযোগী সকলৰ অপহৰণ সম্বন্ধীয় সকলো তথ্য আছিল।

৩) শ্ৰী বিশ্বাত্মাক অপহৰণ কৰিবৰ বাবে কেইবাটাও সন্ত্ৰাসবাদী সংগঠন সংক্ৰিয় হ'ল - এই অপ-প্ৰচাৰৰ পিছত সন্ত্ৰাসবাদী সংগঠন সমুহে এই কথাত প্ৰেৰণা পালে যে বিশ্বাত্মাক অপহৰণ কৰি দলৰ সকলো ধন মুক্তিপণ হিচাপে লৈ সংগঠনৰ পূঁজিত জমা কৰিব। জেল'ত কয়দী হৈ থকা ব্যক্তিজনে এই কথাও জনালে যে এই সংগঠন সমুহে বিশ্বাত্মাক অপহৰণ কৰিবৰ বাবে ১০ ৰ'পৰা ২৩ মাৰ্চলৈ চাৰিদিন চেষ্টা চলাইছিল। কিন্তু বিশ্বাত্মা সুৰক্ষা কৰ্মীৰ বেস্তনীত থকাৰ বাবে সম্ভৱ হৈ নুঠিল।

৪) ঘোচ আৰু ধন উপাৰ্জনৰ অপপ্ৰচাৰ দলৰ ওপৰত ঠগ-প্ৰবঞ্চনাৰ আৰোপ লগোৱা হ'ল - হোৱাটচআপৰ জৰিয়তে মন' জিলাৰ জিলা উপায়ুক্তই এই খবৰ ১১ মাৰ্চ ৰাতিপুৱা বিশ্বাত্মাৰ ওচৰলৈ পঠিয়াই। য'ত দলৰ সদস্যতা আবেদন পত্ৰত সদস্যতা মাছুল ১৫০ টকা লিখা আছিল আৰু ধনপ্ৰাপ্তি ৰচীদত ৩৫০ টকা লিখা আছে। এই বিষয়ৰ ওপৰত ১১ মাৰ্চত দলৰ দুজন কৰ্মীক মন' জিলাত আৰক্ষীয়ে আটক কৰিলে। আৰক্ষীয়ে তেওঁলোকৰ ওপৰত আৰোপ লগাইছিল যে "আপোনালোকে জনসাধাৰণক ঠগ-প্ৰবঞ্চনা কৰি ৩৫০ টকা লৈ আছে আৰু মাহত ৬০০০ টকা দিয়াৰ আশ্বাস প্ৰদান কৰি আছে।

৫) দলে নিজৰ ৱেবচাইটত দিলে ষ্পষ্টিকৰণ- যেতিয়া এই খবৰ দলৰ নাগালেণ্ড প্ৰদেশৰ সভানেত্ৰীৰ মাধ্যমেৰে আবেদনকৰ্তাৰ দলৰ কাৰ্য্যালয়ে প্ৰাপ্ত কৰিলে তেতিয়া ইয়াৰ ষ্পষ্টিকৰণ দলৰ ৱেবছাইটত ১২ মাৰ্চত আপলোড কৰা হয়। এইটো উল্লেখ কৰা হ'ল যে ২০১৯-২০ চনৰ সদস্যতা প-পত্ৰত ভুলবশত ২০২০-২১ চনৰ ৰচীদ সংলগ্ন হৈ গৈছে। দলৰ সদস্যতা মাছুল কেবা বছৰো বঢ়োৱা নাছিল। দলীয় কৰ্মীৰ আহ্বানৰ ভিক্তিত ইয়াক ১৫০ টকাৰ পৰা ৩৫০ টকালৈ বঢ়োব লাগিছিল। ইয়াৰ কাৰণে ৰচীদ ছপোৱা হৈ গৈছিল। এয়া ভুলতে ২০১৯ চনৰ নঠিপত্ৰত গুছি গ'ল।

৬) অবৈধ্য ঘোচ তথা ধন ঘটিবলৈ গোচৰ ৰুজু অথবা আৰক্ষীৰ দ্বাৰা আটক কৰিবৰ কাৰণে বিশ্বাত্মা মন' জিলাত নাছিল - ডিমাপুৰ জিলাতহে দলীয় কৰ্মীক প্ৰশিক্ষণ দি আছিল। মন' জিলাৰ উপায়ুক্ত আৰু অৰক্ষী অধীক্ষককে কোনোবা ওপৰৰ বিষয়াৰ নিৰ্দেশত এই তথ্য ডিমাপুৰ জিলাৰ আৰক্ষী আয়োক্তক দিছিল চাগে। মন' জিলাৰ উপায়ুক্তৰ হোৱাটচআপ খবৰৰ বৰ্ণনা দি হয়তো কোৱা হৈছিল দলৰ সদস্যতা সম্পৰ্কীয় নথিপত্ৰত অমিল পোৱা গৈছে। দলৰ কোনোবা কৰ্মীয়ে যদি নিৰ্ধাৰিত মাছুলতকৈ অধিক ধন সংগ্ৰহ কৰিছে, তেতিয়াহ'লে ভুল সেই কৰ্মীজনৰ। আৰু গোচৰ সেই কৰ্মীজনৰ ওপৰতহে হ'ব লাগিছিল। কিন্তু ইয়াৰ দ্বাৰা তেওঁলোকৰ ধন উপাৰ্জন কৰাৰ উদ্দেশ্য পুৰণ নহয়। মুটা অংকৰ ঘোচ, ধন দাবী, সন্ত্ৰাস পূঁজি আৰু হত্যাৰ উদ্দেশ্য পুৰণ কৰিবৰ কাৰণে বিশ্বাত্মাক আটক আৰু অপহৰণ প্ৰয়োজন আছিল। পৰিকল্পিত ঘোচ, ধনদাবী, আটক' আৰু হত্যাৰ পিছফালে মুল উচ্চস্তৰীয় আৰু প্ৰভাৱশালী ব্যক্তি জড়িত আছিল। তেওঁলোকে এনেদৰে পৰিকল্পনা ৰচিছিল যে দলৰ মুল নেতাক আটক' কৰিলে এয়া সম্ভৱ হৈ উঠিব। দলীয় কৰ্মীক আটক কৰিলে এয়া সম্ভৱ নহ'ব।

৭) আটক' কৰা অন্য কৰ্মীসকলক এৰি দিয়া হ'ল- পূব ডিমাপুৰ থানাত বিশ্বাত্মাৰ লগতে তেওঁৰ অন্য তিনিজন কৰ্মীৰ ওপৰতো গোচৰ ৰুজু কৰিলে। কিন্তু পিছত গোচৰৰ পৰা এই তিনিওজনৰ নাম আঁতৰাই দিলে। তেওঁলোকক থানাতেই যাতনা দি চৰকাৰী সাক্ষী বনাই ১৫ মাৰ্চ তাৰিখে এৰি দিয়ে। কিয়নো ধনদাবী, ঘোচ আৰু সন্ত্ৰাসবাদী পূঁজিৰ বাবে ধন ল'বলৈ, এওঁলোকৰ আটক অনাৱশ্যক আছিল। যেনেদৰে মন' জিলাত ১১ মাৰ্চ তাৰিখে দলৰ কৰ্মীক আটক কৰাটো অনাৱশ্যক আছিল।

৮) শ্ৰী বিশ্বাত্মাৰ বিৰুদ্ধে গোচৰ কৰ্তা নোপোৱাৰ ওপৰত আৰক্ষীৰ পৰিকল্পনা- ডিমাপুৰ আৰক্ষীক হয়তো এই আদেশ নিশ্চিতৰূপত দিয়া হৈছে যে বিশ্বাত্মা'ক আটক কৰিবৰ কাৰণে কোনোবা গোচৰকৰ্তাক বিচাৰি উলিওৱা যাওক। কিন্তু গোচৰকৰ্তা হিচাপে হয়তো কোনো প্ৰস্তুত নাছিল। কিয়নো আবেদনকাৰীয়ে সামাজিক কামৰ কাৰণে স্বয়ং নিজৰ ২৩ বছৰ বয়সতে নিজক অৰ্পণ কৰি ৰাখিছে। অন্যায়ৰ বিৰুধ কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। আবেদক জন এনেকুৱা এজন ব্যক্তি যিজনে জানি-বুজি উপাৰ্জনৰ ৰাস্তা লোৱা নাই। যিজন অবিবাহিত। নিজস্ব কোনো সম্পত্তি ন'বনালে। যিজনৰ বেংকত একাউণ্ট নাই। যাৰ এটকাৰো লোভ নাই। ডিমাপুৰ আৰক্ষীৰ দ্বাৰা বনোৱা চাৰ্চিতেই ইয়াৰ সাক্ষী। কিয়নো আবেদকৰ ওপৰত ঠগ-প্ৰৱঞ্চনাৰ আৰোপত আটক কৰিছিল। এনে মহান ব্যক্তিৰ বিৰুদ্ধে গোচৰ তৰিবলৈ কোন উলাব ?

৯) টকা উলিয়াবলৈ ১০ দিনলৈ আৰক্ষীৰ জিম্মাত - যেতিয়া কোনো গোচৰকৰ্তা নাপালে, তেতিয়া মন' জিলাত আৰক্ষীৰ দ্বাৰা চহী জালিয়াতি কৰাই এটা গোচৰ ৰুজু কৰোৱালে। কোনোৱা উচ্চস্তৰীয় প্ৰভাৱশালী বিষয়াৰ নিৰ্দেশনাত আবেদক'ক কথা-বতৰাৰ দোহাই দি ডিমাপুৰৰ আৰক্ষী আয়ুক্ত নইম মুস্তাফাৰ দ্বাৰা থানালৈ মাতিলে আৰু তাত অবৈধ্যভাবে ১০ দিনলৈকে থানাতে মানসিক শাৰাশাস্তিৰে অপৰাধিৰ দৰে ৰখালে। উল্লেখনীয় যে বিশ্বাত্মাক প্ৰশিক্ষণৰ অন্তিম দিনাই সেইকাৰণেই আটক কৰা হৈছিল, কিয়নো উক্ত ৰাতিয়েই তেওঁ ৰাজধানী এক্সপ্ৰেছ যোগে কোকৰাঝাৰলৈ গৈ বিলাসীপাৰাত প্ৰশিক্ষণ দিয়াৰ কথা আছিল। মিছা কথাৰে থানালৈ মাতি অনাৰ পিছত এক সপ্তাহ'লৈ ন্যায়ালয়ত উপস্থিত নকৰালে। চৰকাৰী কাগজত মিছা তাৰিখ লিখি ৭+৩= ১০ দিনলৈ আৰক্ষীৰ জিম্মাত ৰখা দেখুৱালে। ইয়াৰ মাজতে বিশ্বাত্মাক দামদৰ কৰি থাকিল। এই সম্পৰ্কে ডিমিপুৰ আৰক্ষী অধীক্ষকে নিজে বিশ্বাত্মাক লগ ধৰিবলৈ থানালৈ আহিল। ঘোচ/দাবীৰ ধন দিবলৈ যেতিয়া বিশ্বাত্মা সন্মতি নহ'ল, তেতিয়া আৰক্ষী অধীক্ষকৰ আদেশৰ ওপৰত আৰক্ষী আয়ুক্ত মুস্তাফাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাঞ্চন খন্দেৱাল আৰু তদন্ত বিষয়া অমিত কুমাৰ (তিনি আইপিএচ বিষয়া) বিশ্বাত্মাক থানাতে মানসিকভাবে শাৰাশাস্তি কৰি ধন আদায় কৰাৰ চেষ্টাত লাগি থাকিল। কিন্তু বিশ্বাত্মা ধন দিবলৈ মান্তি নহ'ল। তেতিয়া তেওঁক ২৩ মাৰ্চ তাৰিখে জেললৈ পঠিয়াই দিয়ে। তাৰ আগদিনাই সমগ্ৰ দেশত লক' ডাউন ঘোষনা কৰিছে। দিঘলীয়া সময়লৈকে আৰক্ষীৰ জিম্মাত সেইকাৰণেও ৰাখিব পাৰে যে লক'ডাউনৰ কাৰণে তেওঁক জামিনত নিবৰ বাবে কোনো যাতে ন্যায়ালয় গৈ পাব নোৱাৰে। পৰিনাম স্বৰূপ জেলত দিঘলীয়া সময়লৈকে তেওঁক ৰখাটো সম্ভৱ হ'ল। এনে লাগে যে বিশ্বাত্মাক আটক' কৰাৰ পৰিকল্পনা কৰা ব্যক্তিজন কিমান প্ৰভাৱশালী আছিল, যি জনে ভৱিষ্যতে হ'ব লগা লক্ ডাউনৰ কথাও আগতীয়াকৈ জানিছিল। 

১০) শ্ৰী বিশ্বাত্মাৰ বিৰুদ্ধে পৰিকল্পনা আৰু গভীৰতা- বিশ্বাত্মাৰ বিৰুদ্ধে এক মিছা গোচৰ মন' আৰক্ষীয়ে কথিত ৰূপত ২১ মাৰ্চত চহী জালিয়াতি, মাত্ৰ সেইকাৰণে কৰিলে ইয়াৰ পিছফালে এটাই উদ্দেশ্য আছিল, যদি বিশ্বাত্মাৰ পৰা টকা আদায় কৰিব নোৱাৰাকৈ ডিমাপুৰ জেলৰ পৰা ওলাই যাবলৈ সক্ষম হয় তেতিয়া আকৌ আৰক্ষীৰ জিম্মালৈ আনি মন' জেলত বন্দী বনাই ল'ব। উক্ত ধন আদায় কৰা আৰু হত্যাৰ বাবে সম্ভৱ হৈ পৰিব। সেইকাৰণে মন' জিলাত বিশ্বাত্মাৰ বিৰুদ্ধে কথিত ৰূপত ২১ মাৰ্চত গোচৰ ৰুজু কৰি আবেদক'ক ডিমাপুৰ জেলত ১৯ জুনলৈকে কোনো খবৰ দিয়া নাই। বিশ্বাত্মা'ক জুন মাহত তেতিয়াহে খবৰ দিছে, যেতিয়া উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰী দিলে আৰু ডিমাপুৰ ন্যায়ালয়ত জামিন লৱৰ কাৰণে উকীল আৰু জামিনদাৰ ১৯ জুনত উপস্থিত হৈছিল। মন' জিলাৰ আৰক্ষীয়ে কেনেকৈ গম পালে যে বিশ্বাত্মা ২০ জুনত ডিমাপুৰ জেলৰ পৰা মুক্তি পাব বুলি ? এনে তেতিয়াহে সম্ভৱ হয় যেতিয়া মন' জিলাৰ আৰক্ষী আৰু ডিমাপুৰ জেলৰ আৰক্ষীৰ মাজত এই ঘটনাৰ ওপৰত কোনোবা এজন ব্যক্তি দৃষ্টি দি আছিল আৰু তথ্যবোৰ জনাই আছিল। এই ব্যক্তি বা বিষয়াজন ইমানেই শক্তিশালী আছিল যে যাৰ আদেশ ডিমাপুৰ আৰক্ষী অধীক্ষক আৰু মন' জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে মানিবলৈ বাধ্য হৈছিল। সেইজন ব্যক্তিয়ে এই কথাও সুনিশ্চিত কৰিছিল যে ডিমাপুৰ জিলাৰ উকীলে বিশ্বাত্মাৰ সহযোগীৰ পৰা মাছুলৰ নামত মুটা অংকৰ ধন যাতে লয়। কিন্তু ন্যায়ালয়ত যাতে কৰনীয়খিনি নকৰে। সেইজন ব্যক্তিয়েই এই কথাবোৰ চাই কৈ আছিল যে দিল্লীৰ পৰা অহা আবেদকৰ উকিলে নিজৰ কাম কৰিব পৰা নাই।

১১) ক'ৰ পৰা ক'ত সংযোগ আছিল শ্ৰী বিশ্বাত্মা'ৰ বিৰুদ্ধে পৰিকল্পনা-  আৰক্ষীৰ জিম্মাত থকাৰ সময়ত তদন্তকাৰী বিষয়া অমিত কুমাৰ আৰু ডিমাপুৰ আৰক্ষী আয়ুক্ত নইম মুস্তাফাই নাগা উগ্ৰপন্থীৰ হতুৱাই পৰিকল্পিত ভাবে হত্যা কৰাৰ ধমক দিছিল। কিন্তু বিশ্বাত্মাই এইটো গুৰুত্বসহকাৰে লোৱা নাছিল। কিয়নো এই ধমকী'ক আবেদকে ধন আদায় কৰা'ৰ ভাবুকি বুলি ধৰি লৈছিল। কিন্তু যেতিয়া ক'হিমা উচ্চ ন্যায়ালয়ে বিশ্বাত্মাৰ জামিন মঞ্জুৰ কৰি দিলে তেতিয়া উক্ত দিনা ন্যায়ালয়ৰ আদেশৰ পিছতেই তদন্তকাৰী বিষয়া অমিত কুমাৰে আবেদক'ক সাক্ষাৎ কৰিবলৈ জেল'লৈ আহিল। তেওঁ সেই সময়তো টকাহে বিচাৰিছিল। তেওঁ ক'লে যে তেওঁ কিছু অন্তিম কথা শুধিবলৈ আহিছে। তেওঁ জানিব বিচাৰিছিল যে "আপুনি দিল্লীৰ ছাহীনবাগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ভাষন দিছিল" ? বিশ্বাত্মাই স্বীকাৰ কৰিলে। তেওঁ দ্বিতীয় প্ৰশ্ন কৰিলে, "আপুনি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমত দলৰ ৰেলী কৰিছিল' ? বিশ্বাত্মাই এই কথাও স্বীকাৰ কৰিলে। তেওঁ তৃতীয়টো প্ৰশ্ন কৰিলে, "যদি আপুনি মৰি যায় তেতিয়া আপোনাৰ পিছত দলটোক চম্ভালিব পৰা দ্বিতীয় ব্যক্তি কোন আছে" ? তেতিয়া বিশ্বাত্মাই এই প্ৰশ্নৰ ওপৰত কেতিয়াও ভৱাই নাই বুলি উত্তৰ দিলে। তেতিয়া তেওঁ জেলৰ পৰা বাহিৰ হোৱাৰ সময়ত কৈ গ'ল, "আপুনি নাগালেণ্ডৰ পৰা জীৱিত অৱস্থাত ঘুৰি যাব নোৱাৰিব। নাগা মানুহৰ খং উঠি গ'লে জেলৰ ভিতৰৰ পৰা টানি আনি লৈ যাব আৰু মাৰি দিব"। তেওঁ লগতে ক'লে যে, "আপুনি নাগালেণ্ডত মৰিলেহে নাগা সন্ত্ৰাসবাদী বোৰক আৰু সমগ্ৰ দেশত ঈশ্বাই মিচনেৰী সকলক শেষ কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰে নাগালেণ্ডত সেনা অপাৰেশ্যন চলাবলৈ সুবিধা পাব"। তেওঁ হাঁহি হাঁহি এইটো ক'লে যে, "গান্ধীজী আপুনিটো সমাজৰ কাৰণে সকলো ত্যাগ কৰিছে। গতিকে সংবিধানৰ অনুচ্ছেদ ৩৭১ শেষ কৰি নাগালেণ্ডক সম্পূৰ্ণ ৰূপে ভাৰতৰ লগত চামিল কৰি লবলৈ আপুনি আত্মবলিদান নিদিয়ে কিয়"? এইটো কৈয়েই তেওঁ গুচি গ'ল।

১২) যেতিয়া বিশ্বাত্মাক ট্ৰাজিত জিম্মাত ডিমাপুৰ জেলৰ পৰা মন' জিলাৰ মূখ্য ন্যায়াধীশৰ আদালতত হাজিৰ কৰিবৰ কাৰণে লৈ যোৱা হ'ল। তেতিয়া তেওঁক মিছা মাতিলে। এইটো কোৱা হৈছিল যে , মাত্ৰ ৪৮ ঘন্টাৰ কাৰণে লৈ যোৱাৰ আদেশ আছে। কিন্তু এনেকুৱা নহ'ল। আবেদক'ক মন' জিলাৰ জেলত কাপোৰ অবিহনেই ডেৰ মাহ থাকিবলৈ বাধ্য কৰালে।

১৩) যেতিয়া মন' জিলাৰ চিকিৎসালয়ত ২১ জুন তাৰিখে পূৱা কৰোণা ভাইৰাচৰ পৰীক্ষাৰ বাবে বিশ্বাত্মাক লৈ অনা হ'ল। যেতিয়া তাত এজন ব্যক্তি আহিল আৰু নিজকে ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি বুলি পৰিচয় দিয়ে। তেতিয়া বিশ্বাত্মাই আপুনি মোক কেনেকৈ জানে বুলি শুধিলে ? তেতিয়া তেওঁ বিজয় সূচক হাঁহিৰে কলে, "তেওঁ সকলো জানে"। তেওঁ এইটো ক'লে যে, তেওঁ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সংস্পৰ্শত থাকে। বিশ্বাত্মাই তেওঁৰ পৰা ফোন নম্বৰতো বিচাৰোঁতে তেওঁ নিজৰ নম্বৰটো দিলে।

১৪) জিলা চিকিৎসালয়ত বিশ্বাত্মাক লগ ধৰিবলৈ মন' জিলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনো উপস্থিত হ'ল। তেওঁ ক'লে যে গোচৰ মই ৰুজু কৰিছোঁ। কিয়নো মোক ওপৰৰ পৰা নিৰ্দেশ দিছিল-

১৫) কংগ্ৰেছৰ পূৰ্ব বিধায়কৰ সন্দেহজনক ব্যৱহাৰ- যেতিয়া মন' জিলাৰ জেলত বিশ্বাত্মাক নিক্ষেপ কৰা হ'ল। তাৰ পিছদিনাই এজন ব্যক্তিয়ে তেওঁৰ ব্যক্তিগত সহায়কৰ সৈতে বিশ্বাত্মাক লগ ধৰিবলৈ আহিল। তেওঁৰ নাম পূৰ্ব বিধায়ক জন কন্যাক। তেওঁ বিশ্বাত্মাৰ পৰা মুটা অংকৰ ধন বিচাৰি কলে যে, "যদি আপুনি এই টকাখিনি দি দিয়ে তেতিয়া মন' জিলাত আপোনাৰ নামত থকা গোচৰ শেষ কৰি দিম। যি সকলে গোচৰ তৰিছিল তেওঁলোকক গোচৰ উঠাই লবলৈ কৈ দিম। গোচৰ উঠাই লোৱা হ'ব। তেওঁ নিজৰ ফোনেৰে দলৰ অসম ৰাজ্যিক সভাপতি পৰা টকা প্ৰাপ্ত কৰিবৰ কাৰণে বিশ্বাত্মাৰ লগত ফোনযোগে কথাও পতালে। তেওঁ লগত এইটো ক'লে যে, যদি আপুনি টকা নিদিয়ে তেনেহলে জেলৰ পৰা ওলাব নোৱাৰিব। আৰু নাগালেণ্ডৰ পৰা জীৱিত অৱস্থাত ওলাই যাব নোৱাৰিব। তেওঁ লগতে জনালে যে তেওঁ ডিমাপুৰত থাকে আৰু অপহৃত শিৱাকান্ত আৰু নবীন কুমাৰক অপহৰণকাৰীৰ পৰা তেওঁ মুক্ত কৰাইছে। যদি তেওঁ শিৱাকান্ত'ক পাই যোৱা হলে তেওঁক জীয়াই নাৰাখিলো হেতেন। কিয়নো শিৱাকান্তে অপহৰণকাৰীৰ পৰা মুক্ত হোৱাৰ পিছত তেওঁক ঠগবাজ কৰি দিল্লীলৈ পলাই গ'ল। যেতিয়া আপুনি ডিমাপুৰ জেলত আছিল তেতিয়া মই আপোনাৰ লগত টেলিফোনীক কথা পাতাবলৈ জেল অধীক্ষকক কৈছিলো। তেতিয়া জেল অধীক্ষকে জনাইছিল যে আপুনি কথা পাতিবলৈ ইচ্ছুক নহয়। ইয়াৰ পৰা গ'ম পোৱা যায় যে এই তথাকথিত বিধায়কজনে অপহৰণকাৰীৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিছিল।

১৬) আৰক্ষীৰ চাৰ্চিট'ত দলৰ দ্বাৰা ঠগ-প্ৰৱঞ্চনাৰ কোনো তথ্য প্ৰমান কৰিব নোৱাৰিলে- আৰক্ষীৰ চাৰ্চিট'ত ক'তো এইটো উল্লেখ হোৱা নাই যে বিশ্বাত্মাই কথিত ৰূপত ঠগ-প্ৰৱঞ্চনা কৰি যি ধন প্ৰাপ্ত কৰিছে, এয়া ক'লৈ নিয়া হ'ল ? উচ্চতম ন্যায়ালয়ৰ দ্বাৰা ২০০১ চনত দিয়া শুনানি অনুসৰি ঠগ-প্ৰৱঞ্চনাৰ বিষয়ত সত্য প্ৰমাণিত কৰিবলৈ ধনৰ শিপা বা ৰাষ্টা দেখুৱাটো সকলোতকৈ প্ৰয়োজনীয় সাক্ষী হয়।

১৭) অপহৰণ মাফিয়াৰ হাত জে'ললৈকে আছিল- ধন আদায় কৰাৰ উদ্দেশ্যে এগৰাকী মহিলা ডিমাপুৰ জেলৰ ভিতৰত বিশ্বাত্মাক লগ ধৰিবলৈ এজন উকীলৰ সৈতে আহিল। মহিলা গৰাকীয়ে তাইৰ নাম অধিবক্তা জেমীমা বুলি জনালে। তাই লগতে জনালে যে তাইৰ পতি নাগালেণ্ডৰ কুখ্যাত উগ্ৰপন্থী সংগঠন NSCN(U)ৰ বিত্তীয় সম্পাদক। মানে ধন সংগ্ৰহ প্ৰভাৰী। তাই জেলত বিশ্বাত্মাৰ পৰা মোটা অংকৰ ধন বিছাৰিলে। তাই ক'লে যে জেলৰ পৰা জীৱিত অৱস্থাত উলাই যাব বিছাৰিলে ধন দিবই লাগিব। তাইৰ প্ৰস্তাৱ বিশ্বাত্মাই অস্বীকাৰ কৰিলে। কিয়নো এইটো সন্ত্ৰাসবাদ পূঁজিৰ অপৰাধত হাত আগবঢ়োৱা ধৰণৰ কাম আছিল। টকা দিবলৈ বিশ্বাত্মাৰ হাতত টকাও নাছিল।

আবেদক বিশ্বাত্মা ভৰত গান্ধীক আটক'ৰ সময়ত জেলৰ কতৃপক্ষৰ দ্বাৰা কৰা অনৈতিক আৰু বে-আইনী কাৰ্য্য সম্বন্ধীয় তথ্য এনে ধৰণৰ-

১) ২০ মে' তাৰিখে যেতিয়া আবেদক'ৰ সহযোগী শ্ৰী শিৱাকান্ত গৌৰখপুৰী আৰু নবীন কুমাৰৰ ফোনকল বন্ধ হৈ গ'ল, তেতিয়া বিশ্বাত্মাৰ ওপৰত অসম্ভৱ আদেশ আহিল। এই আদেশৰ আধাৰৰ ওপৰত বিশ্বাত্মাই জেল প্ৰশাসনক এখনি আবেদন দি মূখ্য ন্যায়াধীশৰ আদালতলৈ নিয়াৰ নিবেদন কৰে। কিন্তু জেল প্ৰশাসনে আবেদিত আদালতলৈ নিনিয়াকৈ অপহৰণকৰ্তা সকলক সহযোগ কৰে। পিছত বিশ্বাত্মাই গম পালে যে তেওঁৰ সন্দেহ সচাঁ আৰু তেওঁৰ সহযোগীক নাগালেণ্ডৰ উগ্ৰপন্থীয়ে অপহৰণ কৰি লৈছে।

২) যেতিয়া বিশ্বাত্মাৰ সহযোগী শ্ৰী শিৱাকান্ত গৌৰখপুৰী আৰু নবীন কুমাৰক অপহৰণৰ পিছত এজন কয়দীয়ে জেলৰ ভিতৰতে ধন দাবীৰ চেষ্টা কৰে। তেতিয়া জেল বিষয়াই তেওঁক সহযোগ কৰে আৰু বিশ্বাত্মাৰ বিৰুধী হৈ গ'ল।

৩) অপহৰণকৰ্তাৰ ভিতৰত এজন ব্যক্তি কংগ্ৰেছৰ পূৰ্ব বিধায়ক জন কন্যাকে যেতিয়া জেলৰ অতিৰিক্ত অধীক্ষক ইষ্টিয়াঙগশী আঔক ফোন কৰি বিশ্বাত্মাৰ লগত কথা পতাবলৈ কলে, তেতিয়া অতিৰিক্ত অধীক্ষক আঔ' য়ে বিশ্বাত্মাই অনিচ্ছুক বুলি কোৱাৰ পিছতো কথা পাতিবলৈ হেচা প্ৰয়োগ কৰিছিল। এনেদৰে সন্ত্ৰাসবাদী পূঁজিৰ কাৰণে উগ্ৰপন্থীক সহায় কৰে। য'ত আইনে এনে কৰিবলৈ জেল কতৃপক্ষক অনুমতি নিদিয়ে।

৪) যেতিয়া বিশ্বাত্মাৰ সহযোগী অপহৰণৰ স্বীকাৰ আছিল, সেই সময়ত জেল কতৃপক্ষই অপহৰণকৰ্তাৰ বিষয়ে সম্পূৰ্ণৰূপে জানিছিল। জেলৰ এজন বিষয়াই জেলৰ ভিতৰতে বিশ্বাত্মাক খবৰ দিলে যে অপহৰণকাৰীয়ে ১৫৩ কৌটি টকাৰ দৰ-দাম বা মুক্তিপণ বিচাৰি আছে। কিন্তু বিষয়াজনে অপহৰণকৰ্তাৰ বিষয়ে কোনো তথ্য আৰক্ষীক জনোৱা নাই।

৫) ট্ৰেজিত জিম্মাৰ বাবে যেতিয়া মন' জিলাৰ আৰক্ষী বিষয়া ডিমাপুৰ জেল'লৈ আহিল। তেতিয়া জেলৰ চিকিৎসক জন নাছিল। আৰু কম্পাউনডাৰে মিছা ৰিপ'ৰ্ট লিখি পঠিয়াই দি লিখিলে যে, " বিশ্বাত্মা যাত্ৰাৰ কৰিবৰ কাৰণে সক্ষম" য'ত কম্পাউনডাৰৰ স্বাস্থ্য ৰিপ'ৰ্ট লিখাৰ অধিকাৰ নাই।

৬) বিশ্বাত্মাৰ সহযোগীসকলক অপহৰণ কাৰীৰ মূখ্য অপহৰণকৰ্তাৰ পত্নীক জেল কতৃপক্ষই ধনৰ লেনদেনৰ কথা পাতিবৰ কাৰণে ডিমাপুৰ জেলৰ ভিতৰত প্ৰবেশ কৰালে আৰু বিশ্বাত্মাৰ লগত লগ কৰালে। যত লকডাউনৰ সময়ত জেলৰ ভিতৰলৈ কোনো ব্যক্তিৰ প্ৰবেশ নিষিদ্ধ আছিল।

৭) অপহৰণ কৰ্তাক যেতিয়া বিশ্বাত্মাই দাবী কৰা ধন দিবলৈ মান্তি নহ'ল। তেতিয়া জেলৰ এজন বিষয়াই আবেদক'ক জেলৰ ভিতৰতে ধমক দি ১০ লাখ টকা বিচাৰিলে।

৮) মন' জিলাত সহযোগী জেইলৰ ৱাই চাবাচাংলে চাঙে বিশ্বাত্মাৰ হাতৰ টকা জেলত প্ৰবেশ কৰাৰ সময়ত জমা কৰি ল'লে কিন্তু ৰচিদ নিদিলে। পিছত জেলৰ পৰা ওলাই যোৱাৰ সময়ত বিশ্বাত্মাৰ সম্পূৰ্ণ ধনৰাশি ঘুৰাই নিদিলে। আৰু ক'লে যে তেওঁৰ ধনৰাশি তেওঁৰ বাৰ্ডৰ সহযোগীজনে খৰচ কৰিলে। জেইলৰ সহায়ক ৱাই, চাবাচাংলে চাঙে বিশ্বাত্মাক খাদ্যৰ নামত গৰু মাংস দি চব্জী দিয়া নাছিল। সহায়ক জেইলৰজনে আইন অনুসৰি সপ্তাহত দুদিন ফোন কৰাৰ সুবিধা নিদিলে। বিশুদ্ধ পানীৰ যোগান নধৰিলে। মুক্ত টৈংকীৰ পানী খাবলৈ বাধ্য কৰালে।

৯) জেলত কাপোৰ নিপিন্ধাকৈ থাকিবৰ কাৰণে ন্যায়াধীশে বাধ্য কৰায়। ডিমাপুৰ জেললৈ পুনৰ পঠিয়াই দিবলৈ বাৰে বাৰে কৰা আবেদন নাকচ কৰি দিয়ে। তাত বিশ্বাত্মাৰ কাপোৰ ফালি গৈছিল।

উক্ত তথ্য সমুহৰ পৰা নিম্নলিখিত পৰিনাম উলায়-

১) বিশ্বাত্মা ওৰফে ভৰত গান্ধীক আটক' এক পূৰ্ব পৰিকল্পিতভাবে কৰা হৈছে। য'ত ইমান প্ৰভাৱশালী ব্যক্তি জড়িত হৈ আছে যে যাৰ কথা মনাতো নাগালেণ্ডৰ সকলো জিলাৰ আৰক্ষী অধীক্ষক, উপায়ুক্তৰ দৰে বিষয়াৰ অনিবাৰ্য আছিল।

২) বিশ্বাত্মাক জেল পঠিওৱাৰ আদেশ আছিল। যদি কোনোবা গোচৰ দিওটা পায় তেতিয়াও আৰু যদি নাপায়ো তেতিয়া আৰক্ষীৰ দ্বাৰা মিছাকৈ নকল স্বাক্ষৰ কৰি হলেও গোচৰ ৰুজু কৰাৰ আদেশ আছিল।

৩) জেললৈ পঠিয়াই দিয়াৰ পিছত বিশ্বাত্মা জেলৰ পৰা যাতে বাহিৰলৈ ওলাব নোৱাৰে, ইয়াৰ কাৰণে অপৰাধিক উপায় অবলম্বন কৰাৰ নিৰ্দেশো প্ৰভাৱশালী পৰিকল্পনাকাৰীৰ ফালৰপৰা নাগালেণ্ডৰ উচ্চ বিষয়াসকলক দিয়া গৈছিল।

৪) তেতিয়ালৈকে শ্ৰী বিশ্বাত্মাৰ দলৰ সমষ্ট পূঁজি আৰক্ষীয়ে ঘোচৰ মাধ্যমেৰে অথবা সন্ত্ৰাসবাদীৰ মুক্তিপণৰ মাধ্যমেৰে দিবলৈ প্ৰস্তুত নহয়, তেতিয়ালৈকে তেওঁক নিৰবিচ্ছিন্ন ভাৱে এটা জেলৰ পৰা আন এটা জেলত ৰাখিব পৰাকৈ নতুন নতুনকৈ মিছা গোচৰ ৰুজু কৰি থাকিবলৈ আদেশ দিছিল।

৫) বিশ্বাত্মাৰ দ্বাৰা পৰিচালিত ৰাজনৈতিক দল শেষ কৰাৰ কাৰণে এয়াও নিৰ্দেশ দিছিল যে যদি দলৰ পূঁজি আৰক্ষীয়ে ঘোচৰ মাধ্যমেৰে আদায় কৰিব নোৱাৰে, তেতিয়াহলে আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ পূঁজি যোজনা বনাই জেলৰ পৰা বাহিৰলৈ ওলাই অহাৰ সময়তে নাগালেণ্ড সন্ত্ৰাসবাদীৰ দ্বাৰা বিশ্বাত্মাৰ অপহৰণ সুনিশ্চিত কৰা আৰু বিশ্বাত্মাৰ মৃত্যুৰ পিছত তেওঁৰ দলক চলোৱাৰ ক্ষমতা ৰখা দ্বিতীয় ব্যক্তি সকলক হত্যা কৰা যাওক। যাৰদ্বাৰা দলক কোনো দ্বিতীয় ব্যক্তিৰ দ্বাৰা পুনৰ্জীৱিত কৰিব নোৱাৰে। এই সকলো পৰিকল্পনা সেইকাৰণেই কৰা হৈছিল যাৰদ্বাৰা বিশ্বাত্মাৰ দল শেষ হৈ যায়। দলৰ জমা পূঁজি শেষ হৈ যায়। বিশ্বাত্মা ভৰত গান্ধীক শেষ কৰিব পৰা যায় আৰু বিশ্বাত্মা হত্যাৰ ঘটনাক্ৰম মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰি নাগালেণ্ডৰ সন্ত্ৰাসবাদী সংগঠন আৰু খৃষ্টান মিছনেৰী সকলৰ বিৰুদ্ধে সেনা অপাৰেশ্যন চলোৱাৰ নিৰ্দেশ দিব পৰা যায়।

Open chat
Any query?
We are here to help you regarding
the new political system.