ধৰ্ম হৃদয়হীন বিশ্বৰ হৃদয় হয়।
আজি এই পূঁজিবাদী সমাজে মানুহ আৰু মানৱীয়ৰ মাজত নগ্ন স্বাৰ্থপৰ আৰু নগদ টকা-পইচা’ৰ নিৰ্দয় ব্যৱহাৰৰ বাদে কোনো সম্পৰ্ক এৰা নাই। এনে হৃদয়হীন পূঁজিবাদী বিশ্বৰ কাৰণে ধৰ্ম এটা হৃদয়ৰ ভুমিকা পালন কৰে। এনে ধৰ্মৰ দ্বাৰাই বহুতো হৃদয়হীন পূঁজিপতি লোকেও দান-দক্ষিনা, চান্দাৰ ৰূপত কেতিয়াবা কেতিয়াবা গৰীৱক সহায় কৰে। সেইকাৰণেই কাৰ্ল’মাক্সে ধৰ্মক হৃদয়হীন বিশ্বৰ হৃদয় বুলিও অভিহিত কৰিছিল।
ধৰ্ম ধনীৰ গৰিমা আৰু দূখীয়াৰ দুখ।
বছৰ বছৰ ধৰি বিভাজিত সমাজত ধনী আৰু দূখীয়াৰ কাৰণে ধৰ্মৰ বেলেগ বেলেগ মান্যতা দেখা যায়। য’ত ধনীলোকে বহুত গৌৰবেৰে কয়, এই সকলো ধন-দৌলত ভগৱানে মোক দিছে, সেই একেই দুখীয়ালোকে বৰ দুখ প্ৰকাশ কৰি কান্দি কান্দি প্ৰাৰ্থনা কৰে, “হে ভগৱান আমাৰ ওপৰতো দয়া কৰক”। ধৰ্মৰ এই ৰূপ দেখি কাৰ্লমাক্সে কৈছিল, “ধৰ্ম ধনীৰ গৰীমা আৰু দুখীয়াৰ দুখ”।
ধৰ্ম নিৰুৎসাহৰ উৎসাহ হয়।
যেতিয়া মানৱ সমাজ, প্ৰকৃতিৰ শক্তিৰ ওচৰত অসহায় অনুভৱ কৰিছিল আজিৰ দৰে কোনো বৈজ্ঞানীক আবিষ্কাৰো নাছিল, সেই সময়ত মানুহে প্ৰকৃতিৰ সন্মুখত ধৈৰ্য্য হেৰুৱাৰ উপক্ৰম হৈছিল, তেতিয়াই দেব-দেবী বা ঈশ্বৰৰ সহায় সম্বন্ধীয় বিচাৰত উৎসাহিত হৈ গৈছিল। আজিও যেতিয়া কোনোবা দুখীয়া মানুহ সমস্যাৰে ভাৰাক্ৰান্ত হয়, চাৰিওফালে সহায়ক নেদেখে তেতিয়া তেওঁৰ সাহস শেষ হৈ যায়। এনে পৰিস্থিতিত ধৰ্ম অৰ্থাৎ ঈশ্বৰৰ সহায় সম্পৰ্কীয় বিচাৰৰ দ্বাৰা তেওঁৰ সাহস বাঢ়ি যায়। এইদৰেই ধৰ্ম নিৰুৎসাহৰ উৎসাহো হয়।
ধৰ্ম নিচাঁৰ ভাণ্ডাৰ হয়।
শোষক বৰ্গৰ উচতনীত আহি, জনসাধাৰণে যেতিয়া এইটো মানি লয় যে তেওঁলোকৰ ওপৰত হৈ থকা শোষণ,দমন, অন্যায়-অত্যাচাৰ,বলৎকাৰ সকলো ঈশ্বৰৰ ইচ্ছাত হৈ আছে। তথা যেতিয়া শোষক বৰ্গই ধৰ্মৰ নামত জনসাধাৰণক ঠগ-প্ৰৱঞ্চনা কৰে আৰু ধাৰ্মিক অপ-প্ৰচাৰ কৰাই জনসাধাৰণক নিজৰ নিজৰ মাজত যুদ্ধ কৰাই আৰু জনসাধাৰণেও শোষক বৰ্গৰ উচতনীত আহি নিজৰ ভাত-কাপোৰৰ প্ৰশ্ন পাহৰি গৈ নিজৰ মাজত হাই-কাজিয়াত লিপ্ত হয়। ধৰ্মৰ নামত মানৱতাৰ বিৰুদ্ধে লুটপাত, হিংসা আৰু বলৎকাৰ কৰিবলৈ উঠিপৰি লাগে। ধৰ্মৰ এই নঞাৰ্থক ভুমিকা দেখি কাৰ্লমাক্সে কৈছিল- ধৰ্ম নিচাৰ ভাণ্ডাৰ হয়।
কাৰ্লমাক্সৰ বিৰুদ্ধে মিছাঁ প্ৰচাৰ।
কিয়নো পূঁজিপতি বৰ্গৰ মিডিয়া আৰু দালাল ধৰ্মৰ সম্বন্ধে কাৰ্লমাক্সৰ দ্বাৰা কোৱা সম্পুৰ্ণ কথা শোষক শ্ৰেনীয়ে নকয়। তেওঁলোকে মাত্ৰ এটা কথাতে লাগি থাকে যে, “মাক্সে ধৰ্মক নিচাৰ ভাণ্ডাৰ বুলি কৈছিল” এই আধাৰতে সকলো মাক্সবাদীক ধৰ্মৰ শত্ৰু হিচাপে মানে। ইমানেই নহয়, তেওঁলোকে মাক্সক ধাৰ্মিক লোকসকলৰ শত্ৰু বুলিও গন্য কৰে। যদিও এয়া সত্য নহয় বাস্তৱত মাক্সে কোনো ধৰ্মক ঘৃণা নকৰে। মাক্সৰ শত্ৰু মাত্ৰ শোষক বৰ্গৰ প্ৰতিহে। শোষকৰ দমন-উৎপিঢ়নৰ বিৰুদ্ধে মানৱীয়তাৰ সন্মানাৰ্থে যুজ দিয়া সকলো ধৰ্মকেই তেওঁ নিজৰ প্ৰানতকৈও বেছি মৰম কৰে।
ইতিহাস সাক্ষী আছে, ৰাছিয়া আন্দোলনক বিফল কৰিবৰ কাৰণে সেই সময়ত শোষক বৰ্গই যি ধাৰ্মিক হিংসা উচতাইছিল, এনে ধাৰ্মিক উচতনিত ৰাছিয়াৰ প্ৰায় ২০০০ গীৰ্জা আৰু মজ্জিদ ক্ষতিগ্ৰস্ত হৈছিল। আন্দোলনৰ অন্তত লেনি’নে এই সকলো ধৰ্মস্থলক মেৰামতি কৰাই।
আজিও আমেৰিকান সাম্ৰাজ্যবাদী সকলে মুচলমানৰ নামত মিছাঁ ভিডিঅ’ বনাই চীনৰ কমিউনিষ্ট চৰকাৰক বদনাম কৰি আছে। মাত্ৰ সেইকাৰণেই মুচলমানসকলে মাক্সবাদক ঘৃণা কৰক।
কাৰ্লমাক্স’ক ধাৰ্মিক লোকসকলৰ শত্ৰু বুলি কৈ শোষক বৰ্গৰ লোকসকলে জনসাধাৰণক মাক্স’ৰ পৰা আঁতৰাই ৰাখিব বিচাৰে। কিয়নো তেওঁলোকৰ দ্বাৰা কৰি থকা শোষণ,দমন,উৎপীঢ়ন অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে জনসাধাৰণে মাক্সৰ নেতৃত্বত যাতে আন্দোলন নকৰে অৰ্থাৎ শোষক বৰ্গৰ এই ব্যৱস্থাৰ পথ পৰিবৰ্তন নঘটাই।
পূঁজিপতি বৰ্গৰ লোকে নিজৰ অৱস্থাক অক্ষুন্ন ৰাখিবলৈ দিনে-ৰাতিয়ে জনসাধাৰণক মিছাঁ কৈ জনসাধাৰণক নিজৰ মাজতে কাজিয়া কৰাই, বেয়া ছবি দেখুৱাই, মদ-ভাং আৰু জোৱাৰ প্ৰয়োভৰ বঢ়াই, অন্ধবিশ্বাসৰ প্ৰয়োভৰ বঢ়াই, ধৰ্মৰ আঁৰ লৈ জনসাধাৰণৰ বিৰুদ্ধে কু-কৰ্ম কৰাই। ভাত-কাপোৰৰ প্ৰশ্নৰ পৰা জনসাধাৰণৰ ধ্যান আঁতৰাবলৈ মন্দিৰ-মদজিদৰ নামত হাই-কাজিয়া, পৰিকল্পিত কুৰীতি, লুটপাত, বলৎকাৰ আদিত উচতনি দি ধৰ্মক নিচাৰ ভাণ্ডাৰ বনাই দিয়ে। কাৰ্লমাক্সে ধৰ্মৰ নামত চলাই থকা এই কু-কৰ্মক মাত্ৰ এটা নামেৰে নামাকৰণ কৰিছে- নিচাৰ ভাণ্ডাৰ।