
ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল

ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ উপলব্ধীবোৰ
ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ জন্মই হৈছে সত্বা পৰিবৰ্তনৰ সলনি ব্যৱস্থা পৰিবৰ্তন। সেইকাৰণে এই দল প্ৰতিষ্ঠাৰ চতুৰ্থ বৰ্ষটো কোনো নিৰ্বাচনত জয়ী হ’ব পৰা নাই। কিন্তু অধিক সংখ্যক ৰাজনৈতিক দল, ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে এই দলৰ কাৰ্য্যক অনুকৰণ কৰিছে
- ভোটাৰশ্বিপৰ কাৰণে সমগ্ৰ দেশত আন্দোলন চলাই থকা ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল তথা অন্য বহু সংগঠনৰ প্ৰভাৱত বাধ্য হৈ কেন্দ্ৰ চৰকাৰে ২০১৯ চনত উপান্ত কৃষকক প্ৰতিমাহে ৫০০ টকাকৈ দি ভোটাৰশ্বিপৰ সাংবিধানিক মঞ্জুৰী দিলে। ইয়াৰ উপৰিও ষাঠি উৰ্ধৰ মজদূৰক প্ৰতিমাহে ৩০০০ টকাকৈ দিয়াৰ ঘোষণা কৰে যদিও নিদিলে। মূখ্য বিৰুধী দল তথা কংগ্ৰেছেও ইয়াক মুল বিষয় হিচাপে লৈছিল। সত্বালৈ আহিলে দুখীয়াক মাহে ৬০০০ টকাকৈ বছৰত মুঠ- ৭২০০০ টকা “ন্যায়” আঁচনি ঘোষণা কৰিছিল। যদি ভোটাৰশ্বিপৰ আন্দোলন কৰিথকাসকলে এই কথাত আস্বস্ত হৈ ঘৰত বহি গ’ল, ভাগৰুৱা হ’ল বা ধৈৰ্য্যহীন হৈ যায়। তেতিয়া চৰকাৰ আৰু উক্ত সকলো দলে জনসাধাৰণক নগদ টকা দিয়া আঁচনিৰ পৰা হাত উজান দিব পাৰে। ভোটাৰশ্বিপৰ ওপৰত জনসাধাৰণৰ অংশগ্ৰহণ আৰু জনপ্ৰিয়তা দেখি দেশৰ প্ৰায় হাজাৰোধিক ৰাজনৈতিক দলে “ভোটাৰশ্বিপ”ক নিজ দলৰ এজেণ্ডাত ৰাখিবলৈ আৰম্ভ কৰিলে।
- যেতিয়াই দেশৰ ক’ৰ গৰিৱৰ ওপৰত খৰছ কৰাৰ কথা আহিছিল, তেতিয়াই ২০০৪ চনলৈ সকলো চৰকাৰে দেশত টকা নাই বুলি কন্দা-কতা আৰম্ভ কৰি দিছিল। কিন্তু যেতিয়াই ভোটাৰশ্বিপৰ কথা সংসদত উত্থাপন হ’ল তেতিয়াই জনসাধাৰণক পুন:পতিয়াকৈ অৰ্থনৈতিক লাভ দিয়াৰ দৰে কাম আৰম্ভ হ’ল।
- ২০০৭ চনত ছত্তীছগঢ়ত, ছত্তীছগঢ় বিকাশ পাৰ্টিৰ দ্বাৰা ভোটাৰশ্বিপক মুল এজেণ্ডা হিচাপে কৰা দাবী-উত্থাপনৰ পৰা জনসাধাৰণৰ ধ্যান আঁতৰাবলৈ ছত্তীছগঢ় চৰকাৰে ৰাজ্যখনত ৩৬০০০ গৰিৱ পৰিয়ালক প্ৰতি কিলো তিনি টকাকৈ চাউল দিয়াৰ ঘোষণা কৰে আৰু এই আঁচনি এতিয়াও চলি আছে।
- বিহাৰৰ নালন্দা জিলাত সকলো দলৰ জিলা সভাপতি সকলে “ভোটাৰশ্বিপ”আৰু “পঞ্চায়ত জনপ্ৰতিনিধি” সকলক বেতন-ভাট্ৰা দিয়াৰ কাৰণে আন্দোলন কৰে। তেতিয়া ৰাজ্য চৰকাৰে বাধ্য হৈ জনপ্ৰতিনিধি সকলক বেতন-ভাট্ৰা দিয়াৰ কথা ২০০৮ চনৰ ২৮ মাৰ্চ তাৰিখে মানি ল’বলৈ বাধ্য হয়। কিন্তু ভোটাৰশ্বিপ’ৰ কথা কেন্দ্ৰ চৰকাৰৰ বিষয় বুলি ৰাখি থ’লে।
- ভোটাৰশ্বিপ’ আন্দোলনৰ লগত জড়িত এজন বৃদ্ধ সাংসদ, শ্ৰী কাডেৰ মুহীঊদ্দীনৰ পৰামৰ্শ মানি ডিএমকে নেতা এম কৰুণানীধিয়ে ৰাজ্য চৰকাৰে ভোটাৰশ্বিপ অসুবিধা মানি ২০০৭ চনৰ বিধানসভাৰ নিৰ্বাচনত জনসাধাৰণক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে, যেতিয়াই তেওঁৰ দল সত্বালৈ আহিব তেতিয়াই ৰাজ্যখনৰ সকলো পৰিয়াললৈ একো একোখন ৰঙীন টেলিভিছন দিয়া হ’ব আৰু পিছত দিলেও।
- গৰিৱৰ নাম শুনিলেই টকা নাই বুলি কন্দা-কতা কৰা কেন্দ্ৰ চৰকাৰক Parliamentary Council for votership (PCV) ৰ লগত জড়িত সাংসদ সদস্য সকলৰ হেঁচাত পৰি “এমজিএনৰেঘা” “ৰাষ্ট্ৰীয় ৰোজগাৰ গেৰান্টী আইন বনাবলৈ বাধ্য হ’ল। ইয়াৰ মাধ্যমেৰে আজিও গৰিৱৰ ওচৰলৈ প্ৰায় ৪০ হাজাৰ কৌটি টকা প্ৰতি বৰ্ষত গৈ আছে।
- ভোটাৰশ্বিপ আন্দোলনৰ প্ৰভাৱত কেন্দ্ৰ চৰকাৰে ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত দেশৰ সকলো পৰিয়াললৈ মাহে ৩০০০ টকাৰ আয়ৰ গেৰান্টী ঘোষণা কৰিবলৈ বাধ্য হৈছিল। যাৰ জৰিয়তে এই আঁচনিৰ ওপৰত ২•৫ লাখ কৌটি খৰচ কৰিব। যেতিয়াই ভোটাৰশ্বিপ’ৰ ৰূপত ভোটাৰৰ অৰ্থনৈতিক অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন হ’ল তেতিয়াই “খাদ্য সুৰক্ষা আইন-২০১১” বনাবলৈ বাধ্য হ’ল। খাদ্য সুৰক্ষা আইন’ত প্ৰায় এশ কৌটি খৰচ হোৱাৰ সম্ভাৱনা আছে। এই সকলো আঁচনিক একত্ৰিকৰণ কৰিলে “ভোটাৰশ্বিপ” দিয়াৰ কাৰণে প্ৰয়োজনীয় টকাৰ আধা অংশৰ (প্ৰায় ১৪ লাখ কৌটি) ব্যৱস্থা হৈ যায়। কংগ্ৰেছ চৰকাৰৰ চিন্তা-ধাৰণাত এয়াই কমী আছিল যে, দেশৰ ভোটাৰক চাকৰ তথা কাম কৰাবৰ বাবে পুহিৰখা ফাল্টু গোলাম বুলি মানে কিন্তু পৰিয়ালৰ সদস্য বুলি মানিবলৈ টান পায়। সেইকাৰণে ভোটাৰশ্বিপ’ আন্দোলনৰ হেঁচাত পৰি চৰকাৰে ভোটাৰৰ ওপৰত দয়া দেখুৱাই আছে কিন্তু তেওঁলোকৰ অধিকাৰ দিয়াৰ বাবে প্ৰস্তুত নহয়। আনফালে “MGNREGA”, Cash transfer scheme”, Adhar card”, Food security Bill” আদি আইন তথা আঁচনিয়ে প্ৰমাণ কৰে যে, কংগ্ৰেছ চৰকাৰে “ভোটাৰশ্বিপ” আৰম্ভ কৰাৰ ফালে গতি কৰিছিল। কিন্তু এই কথাকে বিপদঘন্টা মানি ২০১১ চনত পূঁজিপতিয়ে টকাৰ বলেৰে ব্যক্তিগত টিভি চেনেলক কংগ্ৰেছ চৰকাৰক বদনাম কৰিবলৈ লগাই দিলে। পৰিনামস্বৰূপ ২০১৪ চনত কংগ্ৰেছে নিৰ্বাচনত পৰাজয় বৰণ কৰিলে। পূঁজিপতিসকলে ভোটাৰৰ কাম ৰুদ্ধ কৰিবৰ কাৰণে প্ৰথমতে আন্না আন্দোলন কৰোৱালে। পুনৰ আন্নাৰ মানসপুত্ৰক মোহৰ হিচাপে লৈ নিজৰ দল গঠন কৰিলে। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত দিল্লী নিৰ্বাচনৰ পিছত দিল্লীৰ নিৰংকুশ বিধানসভা দেখি তেওঁলোকে আন্নাৰ মানস পুত্ৰক এৰি মোডীক ভোটাৰশ্বিপ ৰুধিবলৈ কাম অৰ্পণ কৰিলে। Slot Gacor