ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল
ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ সংবিধান
অপূৰ্ব সংবিধানৰ বিশেষত্বসমুহ
কথিত গণতন্ত্ৰক বাস্তবিক গণতন্ত্ৰলৈ ৰূপান্তৰিত কৰাই দলৰ মুল কাম-
দলে মুল ৰূপত কথিত গণতন্ত্ৰক বাস্তবিক গণতন্ত্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে কাম কৰি আছে আৰু মাত্ৰ দেশতে নহয় বিশ্ব স্তৰত গণতান্ত্ৰিক ব্যৱস্থাৰ দ্বাৰা বনোৱা আইনক প্ৰচলিত কৰিবৰ কাৰণে কাম কৰি আছে। লগতে দলে অপ্ৰসংগিক হৈ যোৱা ৰাজনৈতিক তত্ব আৰু অৰ্থশাস্ত্ৰৰ মুল পৰিভাষাক সংশোধন কৰিবৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় চুক্তি কৰিবৰ কাৰণে কাম কৰি আছে।
বৰ্গ প্ৰতিযোগিতাৰ সলনি বৰ্গ ব্যৱস্থা-
ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ সংবিধানক মানৱ জাতিৰ স্বভাবৰ ওপৰত ধ্যান ৰাখি বনোৱা হৈছে। সেইকাৰণে দলৰ সংবিধানক এনে মানুহে বৰ ধুনীয়াকৈ বুজি পায় যে যি জনে মানৱ শৰীৰ আৰু শৰীৰৰ কোষসমুহৰ আন্ত:সম্ভন্ধ আৰু ক্ৰিয়াবিধি তথা ফিজিঅলজিক ভালদৰে জানে। সেইকাৰণে ভিপিআই' দলৰ সংবিধান অন্য দলৰ সংবিধানৰ তুলনাত অধিক কৌশলী হয়। যাক কিছু কিছু লোকে কঠিন বুলিও কয়।
সমাজ প্ৰৱধান আৰু সমাজ সেৱাত ৰোজগাৰ-
ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ মান্যতা যে দলত কাম কৰি থকা সকলৰ কামৰ প্ৰাপ্য হ'ব লাগে, সেইকাৰণে দলে এনে অপূৰ্ব ব্যৱস্থা কৰিছে যে দল সত্বালৈ অহাৰ পিছত দলত কাম কৰিথকা কৰ্মীসকলৰ পাব লগা পাপ্য বেতন আৰু দলক অনুদান দিয়া মানুহবোৰৰ অনুদান সুতসহ চৰকাৰৰ ক'ৰৰ দ্বাৰা ঘুৰাই দিয়াৰ আইন বনোৱা হৈছে।
আলোচক সকলক প্ৰতিনিধিত্ব-
দলে আলোচক সকলকো মান্যতা দিয়া হৈছে। সেইকাৰণে এওঁলোককো সদস্য বুলি গণ্য কৰে যিজনে দলত আনুষ্ঠানিক ৰূপে যোগদান কৰা নাই। দলে তেওঁক শূন্য সদস্যতাৰ মান্যতা দিয়ে। শূন্য সদস্যৰ প্ৰতিনিধি দলৰ সৰ্বোচ্চ অধিকাৰী হয়। যাক দলৰ নীতি-নিৰ্দেশক বুলি কোৱা হয়। আলোচক সকলকো কেৱল মাত্ৰ এই দলেহে প্ৰতিনিধিত্ব দিছে।
ভাৰতৰ লগতে বিশ্বৰ সকলো দেশৰ চিন্তা-
দেশৰ চিন্তা কৰিবৰ কাৰণে দলত সৰ্ব ভাৰতীয় সমিতি আছেই। কিন্তু দলৰ মান্যতা যে সমগ্ৰ বিশ্বত সকলো দেশৰ সমস্যা একেধৰণৰ। সেইকাৰণে দলৰ সংবিধানত সকলো দেশৰ সমস্যা সমুহ সামাধানৰ কাৰণে দলে বেলেগ বেলেগ সমিতিৰ ব্যৱস্থা ৰাখিছে। সেইকাৰণে এই দল আন্তঃৰাষ্ট্ৰীয়।
পৰিয়ালৰ পৰা বিশ্ব স্তৰৰ সমস্যা সমুহৰ সামাধানৰ কাৰণে দলৰ সকলো স্তৰৰ কোষৰ সু ব্যৱস্থা-
দলত মুঠ ১৯ টা স্তৰ আছে। যিটো অন্য কোনো দলত নাই। দলে জনসাধাৰণৰ সমস্যাসমুহৰ সামাধানৰ কাৰণে কাম কৰিব। এনে সমস্যা সমুহৰ সামাধানৰ কাৰণে দলে বেলেগ বেলেগ কোষৰ ব্যৱস্থা ৰাখিছে। এনে সমস্যা সমুহৰ বৰ্গীকৰণ তলত দিয়া ধৰণে কৰা হৈছে-
বিভিন্ন ৰাজনৈতিক বিচাৰধাৰাৰ প্ৰতিনিধি সকলক সংৰক্ষণ-
দলত নিম্নলিখিত বিভিন্ন স্তৰৰ চেতনা থকা লোকসকলক স্থান দিয়া গৈছে-
পূঁজিবাদী আৰু সমাজবাদী, দুয়োটালৈ স্থান-
দলৰ সংবিধানে সকলো স্তৰৰ মানুহৰ নিম্নলিখিত ধৰণে স্থান দিয়ে-
মিত্ৰজোঁট সমন্ধীয় নিয়মাৱলী-
ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল অন্য দলৰ সৈতে মিত্ৰতা বনাব কিন্তু লিখিত সংবিধানৰ ভিক্তিতহে এয়া সম্ভৱ। কোনো ধৰনৰ ওপৰোৱা কথাৰ ওপৰত মিত্ৰতা সম্ভৱ নহ'ব। যি আধাৰত দলে অন্য দলৰ লগত মিত্ৰতা কৰিব এই সকলো দলৰ সংবিধানত সন্নিবিষ্ট আছে।