শ্ৰী বিশ্বাত্মা

(নীতি-নিৰ্দেশক)

ভোটাৰৰ অধিকাৰৰ বাবে শ্ৰী বিশ্বাত্মাৰ সূদীৰ্ঘ ২০ বছৰৰ দীঘলীয়া সংগ্ৰামৰ পিছত ১৭ নবেম্বৰ,২০১৬ তাৰিখে "বিশ্ব দৰ্শন দিৱস"ৰ দিনা ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল ৰাজনৈতিক ৰূপে পঞ্জীয়ন কৰা হয়। বিশ্ব বানিজ্যিক চুক্তি- "গ্যেট", (GATT) চুক্তিৰ পিছত সমগ্ৰ বজাৰ বিশ্বব্যাপি হৈ যোৱাৰ পিছত এই দলৰ প্ৰতিষ্ঠাপকে পাঁচশৰো অধিক সংখ্যক সাংসদৰ ওচৰত ভোটাৰৰ মাজত সৃষ্টি হোৱা আৰ্থিক, ৰাজনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় অধিকাৰৰ ওপৰত আইন বনোৱা আৰু আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পাদনা কৰিবলৈ আহ্বান জনাইছিল। কিন্তু দলৰ সভাপতি সকলে পূঁজি পতিৰ ধমকত নিজ নিজ দলৰ সাংসদ সকলক বাধা প্ৰদান কৰিলে। এনে পৰিস্থিতিত পৰি শ্ৰী বিশ্বাত্মাই এই দলৰ প্ৰতিষ্ঠা কৰিলে।

শ্ৰী বিশ্বাত্মা ওৰফে ভৰত গান্ধী'ৰ জন্ম ১২ ফেব্ৰুৱাৰী, ১৯৬৯ চনত মুম্বাইত হৈছিল। এওঁ এজন প্ৰেৰণাদায়ক সু-বক্তা আছিল। বিশ্বাত্মাই এই দলৰ লগতে "বিশ্ব পৰিবৰ্তন মিছন" আৰু অন্য বহু সংগঠনৰ প্ৰতিষ্ঠাপক। নিৱনুৱা আৰু কৰ্মহীন মানুহৰ দুখ-দুৰ্দশা দেখি শ্ৰী গান্ধীয়ে নিজৰ আনুষ্ঠানিক শিক্ষা এৰি দিয়ে। আৰু সংকল্প ল'লে যে বেলেগৰ কাম কাঢ়ি তেওঁ কেতিয়াও উপাৰ্জন নকৰে। নিজে নিবনুৱা হৈ থাকি নিবনুৱা সমস্যা সামাধানৰ ৰাস্তা বিচাৰিলে। সেইকাৰণে বিশ্বাত্মাই নিজে আয়বিহীন, অবিবাহিত আৰু ঘৰ-সম্পত্তি তথা বেংক একাউণ্ট বিহীন ভাৱে আছে। শ্ৰী বিশ্বাত্মাৰ এনে সংকল্পই ২১শ, শতিকাই তেওঁক এজন দাৰ্শনিক বনাই দিলে। তেওঁ এক দৰ্জনৰো অধিক কিতাপৰ লেখক। বিশ্বাত্মা কেৱল এই দলৰে তথা ভাৰতৰে নহয়, তেওঁৰ পৰা সমগ্ৰ বিশ্বই মাৰ্গদৰ্শন পাই আছে। ত্যাগ, সেৱা, সাহস, জ্ঞান, অনুভৱ আৰু সমাজৰ কাৰনে সমৰ্পিত এনে নেতৃত্ব ভাৰতৰ কোনো দলৰ ওচৰত নাই।


Open chat
Any query?
We are here to help you regarding
the new political system.