ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল
ভিপিআই'ৰ ইতিহাস
৩ জানুৱাৰী ২০২০ তাৰিখে বৰপেটাত দলীয় কৰ্মীসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। য'ত ৫০৪ জন আৰু ৰঙাপাৰাৰ প্ৰশিক্ষণত ৭৫০ জন কৰ্মীয়ে অংশগ্ৰহণ কৰে। শ্ৰী বিশ্বাত্মাৰ জন্ম দিৱস সমাৰোহ ১৬ ফেব্ৰুৱাৰী ২০২০ তাৰিখে পালন কৰা হয়। এই শুভক্ষনতে "নাগৰিকত্ব পুন:বিচাৰ সমাৰোহ"ৰ আয়োজন কৰা হয়। এই সমাৰোহত প্ৰায় পঞ্চাশ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ৮ মাৰ্চ, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস'ৰ শুভক্ষনত অসমৰ বাক্সা জিলাৰ গোৰেশ্বৰত এখনি জনসভাৰ আয়োজন কৰা হয়। য'ত ২০০০ মহিলাই অংশগ্ৰহণ কৰে। পিছদিনা অৰ্থাৎ ৯ মাৰ্চ তাৰিখে ওদালগুৰিত LED স্কীনৰ মাধ্যমেৰে এদিনীয়া কৰ্ম-কৰ্তা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। য'ত এক হাজাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। ১০ ৰপৰা ১৩ মাৰ্চলৈ নাগালেণ্ডৰ ডিমাপুৰত চাৰিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে আৰু য'ত ১২৭ জন লোকে অংশগ্ৰহণ কৰে। শ্ৰী বিশ্বাত্মাৰ নীতি- নিৰ্দেশনাত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ উন্নতি দেখি সত্বাধাৰী দলে পৰিকল্পিতভাৱে শ্ৰী বিশ্বাত্মাক নাগালেণ্ডত ১৩ মাৰ্চ তাৰিখে আৰক্ষীয়ে আতক কৰোৱা, বিশ্বাত্মাক অপহৰণ কৰোৱা, দলৰ সকলো প-পত্ৰ তথা পাঠ্যক্ৰম শেষ কৰা আৰু শেষত বিশ্বাত্মাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। শ্ৰী বিশ্বাত্মাক আ'তক কৰাৰ পিছত অসমৰ কৰ্ম-কৰ্তা সকলে ৰেল বন্ধ কাৰ্য্যসূচী আৰু জেল ভৰৌ আন্দোলন কৰাৰ প্ৰস্তুতি আৰম্ভ কৰে। দলৰ কৰ্ম-কৰ্তা সকলে এনে নকৰাৰ আগতেই কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশত ৰেল বন্ধৰ আদেশ দিলে। সমগ্ৰ দেশ স্তব্ধ হৈ গ'ল। সমগ্ৰ দেশৰ ৰাস্তাত অহা-যোৱা বন্ধ হৈ গ'ল। আকাশীযানৰ চলাচল বন্ধ কৰি দিলে। মানুহ নিজ নিজ ঘৰতে বন্দী হৈ গ'ল। নিজ নিজ গন্তব্যস্থলতে মানুহ বন্দী হৈ থাকিগল। শ্ৰী বিশ্বাত্মাক প্ৰতাৰিত কৰিবৰ কাৰণে ১০ দিনলৈকে অনাৱশ্যক আৰক্ষীৰ জিম্মাত ৰাখিলে। ২৩ মাৰ্চ তাৰিখে যেতিয়া তেওঁক সাত বছৰৰ কাৰাদণ্ড আৰক্ষীৰ দ্বাৰা আৰোপ লগুৱাৰ পিছত বিয়লি তিনি বজাত নাগালেণ্ডৰ আদালতে জেল পঠিওৱাৰ আদেশ দিলে। ঠিক একে সময়তে উচ্চতম ন্যায়ালয়ে আদেশ জাৰী কৰিলে যে সমগ্ৰ দেশত যি সকল লোকক জেলত সাত বছৰৰ কাৰাবাসৰ আৰোপ আছে, সকলোকক মাত্ৰ পৰিচয় পত্ৰ লৈ জেলৰ পৰা মুক্ত কৰি দিয়ক। উচ্চস্তৰীয় ৰাজনৈতিক খড়যন্ত্ৰৰ কাৰণে শ্ৰী বিশ্বাত্মাক জেলৰ পৰা মুক্তি নিদিলে। কিন্তু ভাল কথা এইটো হ'ল যে যেতিয়াই বিশ্বাত্মা জেললৈ গ'ল, জেলৰ আইন সলনি হ'ল। আগত জেলৰ পৰা ফোনত কথা পতাটো অপৰাধ মানিছিল। কিন্তু যেতিয়াই বিশ্বাত্মা জেলত সোমাল, তেতিয়াই সমগ্ৰ দেশৰ জেলত বন্দী হৈ থকা সকলো কয়দীকে জেলৰ পৰা ফোন কৰা'ৰ অধিকাৰ দিয়া হ'ল। যি উকিলে ন্যায়ালয়ত তেওঁৰ তোষামোড কৰিব বিচাৰিছিল, তেওঁক তোষামোড কৰিব দিয়া নহ'ল। দলৰ জ্যেষ্ঠ নেতা শ্ৰী শিবাকান্ত গৌৰখপুৰী আৰু নবীন কুমাৰে ন্যায়ালয়ৰ কামবোৰ কৰিবৰ কাৰণে ডিমাপুৰ অহাৰ পিছত নাগালেণ্ড পুলিচে নাগা সন্ত্ৰাসবাদীৰ হতুৱাই তেওঁলোক দুজনক অপহৰণ কৰোৱালে। আৰক্ষীয়ে কোনো অপহৰণকাৰীক আতক নকৰিলে। য'ত অপহৰণৰ স্বীকাৰ হোৱা লোকৰ মোবাইল ফোন মাজে সময়ে চালু কৰি দৰদাম কৰি আছিল। অপহৰণ কৰাৰ পিছত তেওঁলোকে দলৰ পৰা তিনি কৌটি টকাৰ মুক্তিপণ বিছাৰিলে। আৰু এজন অপহৰণকাৰীক আৰক্ষীয়ে অপৰাধী বনাই একেখন জেললৈ পঠিয়াই দিলে। য'ত শ্ৰী বিশ্বাত্মা বন্দী হৈ আছিল। তেওঁ জেলতে'ই শ্ৰী বিশ্বাত্মাৰ পৰা ধন'ৰ দৰ-দাম কৰিবলৈ বিচাৰিছিল। কিন্তু বিশ্বাত্মাই তেওঁৰ কথাক গুৰত্ব নিদিলে। তেওঁ জেল কতৃপক্ষক ভুল ব্যাখ্যা দি শ্ৰী বিশ্বাত্মাৰ বিৰুধ কৰালে। অপহৰণ কৰ্তাৰ পৰাই গমপোৱা গ'ল যে বিশ্বাত্মা যেতিয়াই জেলৰ পৰা বাহিৰলৈ ওলাব, তেতিয়াই নগা সন্ত্ৰাসবাদীৰ দ্বাৰা তেওঁক অপহৰণ কৰি হত্যা কৰা যাব। নাগালেণ্ড আৰক্ষীৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত মিলা-মিছা দেখি, বিশ্বাত্মাই জেলৰ পৰা বাহিৰলৈ উলাই আহোতে কেন্দ্ৰীয় চৰকাৰৰ পৰা কেন্দ্ৰীয় সুৰক্ষা বাহিনী বিচাৰে। কেন্দ্ৰীয় চৰকাৰে মঞ্জুৰী নিদিলে। সেইকাৰণে ২৭ এপ্ৰিল তাৰিখে উচ্চ ন্যায়ালয়ৰ পৰা জামিন হৈ যোৱাৰ পিছতো শ্ৰী বিশ্বাত্মাক তিনি মাহতকৈও অধিক সময় জেলত থাকিবলগীয়া হয়। দুমাহৰ পিছত যিদিনা জেলৰ পৰা বাহিৰলৈ ওলাই আহিবলগা আছিল, উক্ত দিনাই বেলেগ জিলাৰ আৰক্ষী উপস্থিত হ'ল আৰু বিশ্বাত্মা'ক পাহাৰৰ ওপৰত ম্যানমাৰ সীমান্তৰ মন' জিলাৰ জেলত বন্দী কৰি দিলে। যত তেওঁ ডেৰমাহ প্ৰৰ্য্যন্ত জেলত থাকিব লগা হ'ল। ন্যায়ালয় প্ৰক্ৰিয়াত এই কথা ধৰা পৰিল যে মন' জিলাৰ আৰক্ষীয়ে কথিত ৰূপত সাতজন আবেদনকাৰীৰ চহী জালিয়াতি কৰি শ্ৰী বিশ্বাত্মাৰ বিৰুদ্ধে লুকাই-চূৰ কৰি গোচৰ ৰুজু কৰি থৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক আদেশৰ কাৰণে পাঁচ মাহৰ অন্তত ৪ আগষ্ট তাৰিখে পুলিচ সুৰক্ষাৰে সৈতে শ্ৰী বিশ্বাত্মা জীৱিত অৱস্থাত বাহিৰলৈ ওলাই অহাতো সম্ভৱ হ'ল। ২০২০ চনৰ শেষলৈকে নাগালেণ্ডৰ ডিমাপুৰ আৰু মন' জিলাত শ্ৰী বিশ্বাত্মাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ বিচাৰ এতিয়াও বিচাৰাধীন হৈ আছে। আৰু এই দুই গোচৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্ৰী বিশ্বাত্মাৰ আবেদনৰ গোচৰ বিচাৰাধীন হৈ আছে।
এই বছৰত গোৱালপাৰা জিলাৰ দুধনৈ'ত, বৰপেটা'ত (দুবাৰ), ৰঙাপাৰাত, উত্তৰ প্ৰদেশৰ ফৰুৰখাবাদ, মেনপুৰীত ৰাজনীতি সুধাঁৰকৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। ২০১৯ চনৰ ১০ আৰু ১১ ডিচেম্বৰ তাৰিখে ৰঙিয়াত দুদিনীয়াকৈ দলৰ পদাধিকাৰী সকলৰ সাংগঠনিক নিৰ্বাচন সম্পৰ্কে প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণত ২০০০ তকৈও অধিক সংখ্যক পদাধিকাৰীয়ে অংশগ্ৰহণ কৰে। ৭ জানুৱাৰী, ৩১ মাৰ্চ, আৰু ১৬ মে, তাৰিখে অসমৰ ৰঙিয়াত দলৰ অসম ৰাজ্যিক "পদাধিকাৰী সন্মিলন" সম্পন্ন হয়।
এই সন্মিলনত প্ৰায় ১৬০০ পদাধিকাৰীয়ে অংশগ্ৰহণ কৰে। অসমৰ বৰপেটা জিলাৰ জনীয়াত, সত্য-ধৰ্ম আশ্ৰমত, কলগছিয়াত, বাক্সা জিলাৰ বৰমা' আৰু শালবাৰীত, দৰং জিলাৰ মঙ্গলদৈত (দুবাৰ), ওদালগুৰি জিলাৰ ৰৌতা'ত, গোৱালপাৰা জিলাৰ দুধনৈ'ত, ধুবুৰী জিলাত (দুবাৰ) জনসভাৰ আয়োজন কৰা হয়। এই জনসভা সমুহত হাজাৰ হাজাৰ জনসাধাৰণে সমৰ্থন তথা অংশগ্ৰহণ কৰে। উত্তৰ প্ৰদেশৰ ছাহজানপুৰ জিলাত আৰু বিহাৰৰ বক্সাৰ আৰু কাৰাকট' তো দলৰ জনসভাৰ আয়োজন কৰা হয়। ১২ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে দলৰ নীতি-নিৰ্দেশক শ্ৰী ভৰত গান্ধীৰ জন্ম দিৱস সমাৰোহক এক ঐতিহাসিক সমাৰোহ হিচাপে পালন কৰা হয়। এই সমাৰোহত প্ৰায় ২৫০০০ লোকে অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ জেষ্ঠ্য নেতা তথা উত্তৰাখণ্ডৰ পূৰ্ব মূখ্যমন্ত্ৰী শ্ৰী হৰিশ ৰাৱতেও এই সমাৰোহত অংশগ্ৰহণৰ কৰে। উক্ত সমাৰোহতে দলৰ কৰ্ম-কৰ্তাসকলৰ নিবেদনৰ ওপৰত আৰু পূৰ্বে নিজে লোৱা সংকল্পৰ অনুৰূপ নিজৰ নাম "ভৰত গান্ধী"ৰ পৰা পৰিবৰ্তিত কৰি "বিশ্বাত্মা" ৰখাৰ কথা ঘোষণা কৰে।
দলৰ তৃতীয় ত্বম প্ৰতিষ্ঠা দিৱসৰ শুভক্ষনত ১৭ নবেম্বৰ ২০১৯ তাৰিখে ৰঙিয়াত (বিজয় দিৱস) পালন কৰা হয়। য'ত প্ৰায় এক লাখ লোকেৰে ৰঙিয়া লোকাৰন্য হৈ পৰিছিল। ১১ ফেব্ৰুৱাৰীত দলৰ সুৰক্ষা স্বেচ্ছাসেৱক সকলৰ আৰু ১৩ ফেব্ৰুৱাৰীত দলৰ বিদ্যাৰ্থী সংগঠনৰ প্ৰশিক্ষণ শিবিৰ অসমৰ ৰঙিয়াত সম্পন্ন হয়। উক্ত সকলো প্ৰশিক্ষণ আৰু জনসভা সমুহত শ্ৰী ভৰত গান্ধীয়ে জনসাধাৰণক সম্বোধন কৰে। তথ্য মজুত থকাৰ পিছতো যেতিয়া চিবি'চিআইডি'য়ে অপহৰণ কৰ্তা আৰু আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰিলে। তেতিয়া ২০১৯ চনৰ জানুৱাৰী মাহত এখনি প্ৰতিআবেদনৰ মাধ্যমেৰে শ্ৰী ভৰত গান্ধীয়ে চিবি'চিআইডি'ৰ ৰিপ'ৰ্ট ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ সমকক্ষ দাখিল কৰিলে আৰু পুনৰ চিবিচিআইডি' তদন্তৰ আহ্বান জনালে। কিন্তু গৃহ মন্ত্ৰালয়ে প্ৰতিআবেদন খন ক'ৰবাত বস্তাত ভৰাই পেলাই থৈছে। আৰু ভাৰত চৰকাৰৰ গৃহ সচিৱে ইয়াৰ ওপৰত পিছসুহকি ৰল। ২০২১ চনৰ ২৬ মাৰ্চ, এই তথ্য লিখাৰ সময়লৈকে আমি ন্যায় পোৱাৰ বাবে অপেক্ষাৰত।
০১৮ চনত, অসমৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰা(দুবাৰ), ঢেকীয়াজুলি, কোকৰাঝাৰ চহৰ, বঙাইগাঁও, ৰঙিয়া (তিনিবাৰ), গুৱাহাটী চহৰ, ছিপাঝাৰ, ধেমাজি আৰু বৰপেটাত ৰাজনীতি শুঁধাৰকৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰু বিহাৰৰ পাটনাত এনে প্ৰশিক্ষণ শিবিৰৰ আয়োজন হ'ল। এই প্ৰশিক্ষনত প্ৰায় ৫৬২৭ জনতকৈও অধিক সংখ্যক লোকে অংশগ্ৰহণ কৰে। এই সকলো শিবিৰতে শ্ৰী ভৰত গান্ধীয়ে প্ৰশিক্ষণ প্ৰদান কৰে। অসমৰ চিৰাং জিলাৰ গৰুভাষা খেলপথাৰ আৰু গৰু বজাৰ, কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱ, দৰং জিলাৰ বেছিমাৰী, মঙ্গলদৈ আৰু খটৰা সত্ৰ, শোণিতপুৰ জিলাৰ ৰঙাপাৰা আৰু থেলামৰা, উদালগুৰী জিলাৰ ডিমাকুছি, লখিমপুৰ জিলাৰ পানীগাঁৱ, বাক্সা জিলাৰ বাগানপাৰা আৰু ভকতপাৰা, নলবাৰী জিলাৰ টেম্পু খেলপথাৰ ক্লাৱত দলৰ জনসভাৰ আয়োজন কৰা হয়। ঠিক একেধৰনৰ জনসভা উত্তৰ প্ৰদেশৰ কানপুৰ, দেহাত' জিলাৰ চিকন্দৰা, জৈনপুৰ জিলাৰ অন্নাপুৰ, ফৰুৰখাবাদ আৰু ৰায়বেৰেলীতো আয়োজন কৰা হয়। ঝাৰখণ্ডৰ গোমলা আৰু ৰাঁচীত দলৰ জনসভা আয়োজন কৰা হয়। মধ্য প্ৰদেশৰ ভুপালত আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নানান ৰাজনৈতিক দলৰ প্ৰতিনিধি সন্মিলন আয়োজন কৰি দ'লৰ নীতি-আদৰ্শ তেওঁলোকক অৱগত কৰা হয়। আৰু ঐক্যবদ্ধ হৈ কাম কৰাৰ আহ্বান জনোৱা হয়। মধ্যপ্ৰদেশৰ খণ্ডৱা জিলাৰ ৰণগাঁৱতো দলৰ জনসভা আয়োজন কৰা হয়। এই সকলো জনসভাতেই দলৰ নীতি-নিৰ্দেশক শ্ৰী ভৰত গান্ধী মূখ্য অতিথি হিচাপে থাকি জনসাধাৰণক সম্বোধন কৰে।
২০১৮ চনত, অসমৰ শোণিতপুৰ জিলাৰ ৰঙাপাৰা(দুবাৰ), ঢেকীয়াজুলি, কোকৰাঝাৰ চহৰ, বঙাইগাঁও, ৰঙিয়া (তিনিবাৰ), গুৱাহাটী চহৰ, ছিপাঝাৰ, ধেমাজি আৰু বৰপেটাত ৰাজনীতি শুঁধাৰকৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ আৰু বিহাৰৰ পাটনাত এনে প্ৰশিক্ষণ শিবিৰৰ আয়োজন হ'ল। এই প্ৰশিক্ষনত প্ৰায় ৫৬২৭ জনতকৈও অধিক সংখ্যক লোকে অংশগ্ৰহণ কৰে। এই সকলো শিবিৰতে শ্ৰী ভৰত গান্ধীয়ে প্ৰশিক্ষণ প্ৰদান কৰে। অসমৰ চিৰাং জিলাৰ গৰুভাষা খেলপথাৰ আৰু গৰু বজাৰ, কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱ, দৰং জিলাৰ বেছিমাৰী, মঙ্গলদৈ আৰু খটৰা সত্ৰ, শোণিতপুৰ জিলাৰ ৰঙাপাৰা আৰু থেলামৰা, উদালগুৰী জিলাৰ ডিমাকুছি, লখিমপুৰ জিলাৰ পানীগাঁৱ, বাক্সা জিলাৰ বাগানপাৰা আৰু ভকতপাৰা, নলবাৰী জিলাৰ টেম্পু খেলপথাৰ ক্লাৱত দলৰ জনসভাৰ আয়োজন কৰা হয়। ঠিক একেধৰনৰ জনসভা উত্তৰ প্ৰদেশৰ কানপুৰ, দেহাত' জিলাৰ চিকন্দৰা, জৈনপুৰ জিলাৰ অন্নাপুৰ, ফৰুৰখাবাদ আৰু ৰায়বেৰেলীতো আয়োজন কৰা হয়। ঝাৰখণ্ডৰ গোমলা আৰু ৰাঁচীত দলৰ জনসভা আয়োজন কৰা হয়। মধ্য প্ৰদেশৰ ভুপালত আৰু উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত নানান ৰাজনৈতিক দলৰ প্ৰতিনিধি সন্মিলন আয়োজন কৰি দ'লৰ নীতি-আদৰ্শ তেওঁলোকক অৱগত কৰা হয়। আৰু ঐক্যবদ্ধ হৈ কাম কৰাৰ আহ্বান জনোৱা হয়। মধ্যপ্ৰদেশৰ খণ্ডৱা জিলাৰ ৰণগাঁৱতো দলৰ জনসভা আয়োজন কৰা হয়। এই সকলো জনসভাতেই দলৰ নীতি-নিৰ্দেশক শ্ৰী ভৰত গান্ধী মূখ্য অতিথি হিচাপে থাকি জনসাধাৰণক সম্বোধন কৰে।
২০১৬ চনৰ ১৯ জুন তাৰিখে দলৰ সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সাংগঠনিক নিৰ্বাচন অনুষ্ঠিত হ'ল। কিয়নো দলৰ গঠন চাৰিটা বছৰ সম্পূৰ্ণ হৈছিল। ১৪-১৭ ফেব্ৰুৱাৰীৰ মাজত অসমৰ দৰং জিলাৰ খাৰুপিটীয়াত প্ৰশিক্ষণ সম্পন্ন হয়। তাৰোপৰি লখিমপুৰ, কোকৰাঝাৰ, মঙ্গলদৈ আৰু বিহাৰৰ বক্তিয়াপুৰ'ত হোৱা দলৰ চাৰিদিনীয়া কৰ্মী প্ৰশিক্ষণ শিবিৰত প্ৰায় ২৯৯৮ গৰাকী দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে। উক্ত বছৰৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অসমৰ ৰঙাপাৰা, টংলা, উদালগুৰী, দৰং আৰু লখিমপুৰ'ৰ বহু ঠাইত জন সমাবেশৰ আয়োজন কৰা হয়। লখিমপুৰ আৰু গুৱাহাটীত সংবাদমেলৰো আয়োজন কৰা হয়।
২২ আগষ্ট, ২০১৬ তাৰিখে দলৰ নামত "ইন্টাৰনেছনেল" শব্দ সংযোগ হোৱাৰ ষ্পষ্টীকৰণ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা হয়। কনৌজ অপহৰণ কাণ্ডৰ ৰিপ'ৰ্ট, মানৱাধিকাৰ আয়োগে বাতিল কৰি দিয়ে আৰু ২৪ ফেব্ৰুৱাৰী, ২০১৬ চনত চিবিআই' তদন্তৰ বাবে আদেশ দিলে। কিন্তু উত্তৰ প্ৰদেশৰ মূখ্য গৃহ সচীৱে চিবিচিআইডি'ৰ বিষয়াৰ তদন্তৰ অনুমতি নিদিলে। ৰাজ্যখনৰ মূখ্য গৃহ সচীৱ আৰু ডিজিপি'য়ে জানিবুজি মানৱাধিকাৰ আয়োগৰ আদেশক অমান্য কৰি শ্ৰী ভৰত গান্ধী আৰু মুল সাক্ষীক পুলিচ সুৰক্ষা দিয়াৰ বাবে মানা কৰি দিলে। যেতিয়া আবেদনকাৰীৰ দ্বাৰা তথ্য বিষয়াৰ মাধ্যমেৰে পঠিয়াই দিয়া আবেদনত বিপদৰ আকাংক্ষা থকা বিষয়ৰ ওপৰত ৰিপ'ৰ্ট বিচৰা হৈছিল, তেতিয়া দুয়োখন কাৰ্য্যালয়ে ৰিপ'ৰ্ট দিয়াৰ বাবে মানা কৰি দিলে। ৰাজ্যখনৰ তথ্য আৰু সুচনা আয়োগে নিজে ভুল আদেশ জাৰী কৰি ডিজিপি' আৰু গৃহ সচীৱক বিচৰা তথ্য দিয়াৰ নিৰ্দেশ জাৰি কৰাৰ কথা অস্বীকাৰ কৰিলে। অপহৰণ কাণ্ডত মূখ্যমন্ত্ৰীৰ ব্যক্তিগত সঞ্চালনতা দেখি ৰাজ্য চৰকাৰৰ পৰা ন্যায় পোৱাৰ আশা শেষ হৈ গ'ল। পৰিনামস্বৰূপ সকলো তথ্য ১৮ এপ্ৰিল ২০১৬ আৰু ২ জুলাই ২০১৬ চনত কেন্দ্ৰ চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ সচীৱৰ সাক্ষাৎ ৰখা হ'ল আৰু চিবিআই'ৰ দ্বাৰা তদন্তৰ আহ্বানৰ লগতে কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ দ্বাৰা শ্ৰী ভৰত গান্ধীক সুৰক্ষা দিয়াৰ আহ্বান জনোৱা হ'ল। কেন্দ্ৰীয় গৃহ সচীৱৰ দ্বাৰা এই আদেশক অনুচিত ব্যৱস্থাৰে উত্তৰ প্ৰদেশ চৰকাৰে গৃহ সচীৱলৈ প্ৰেৰণ কৰা হৈছিল, য'ত নিজে অপৰাধৰ লগত জড়িত আছিল।
অপহৰণ কাণ্ডৰ মুল সাক্ষীৰ ওপৰত কেৱল এনে অত্যাচাৰতে ক্ষান্ত নাথাকিল। সাক্ষীৰ ওপৰত হেঁচা প্ৰয়োগ কৰাবৰ কাৰণে আৰু তেওঁক শ্ৰী ভৰত গান্ধীৰ বিৰুদ্ধাচৰণ কৰাবৰ বাবে আমেথি জিলাৰ আৰক্ষী অধীক্ষকে মুল সাক্ষীৰ বিৰুদ্ধে ২০১৬ চনৰ জুলাই মাহত গণধৰ্ষন'ৰ মিছা গোচৰ দাখিল কৰি দিলে। কিন্তু আৰক্ষীয়ে মুল সাক্ষীক আতক নকৰিলে। ডিজিপি' কাৰ্য্যালয়ৰ বিষয়া আৰু উত্তৰ প্ৰদেশৰ বেয়া মানুহবোৰৰ হতুৱাই ৪ জুলাই ২০১৫, ৩১ জানুৱাৰী ২০১৬ আৰু ১৫ নবেম্বৰ ২০১৬ ত শ্ৰী ভৰত গান্ধীক হত্যা কৰিবলৈ তিনিবাৰ আক্ৰমণ কৰিলে। কিন্তু কোনো বিষয়ত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে কোনো গোচৰ ৰুজু নকৰিলে। ৬ জূন ২০১২ চনৰ সামুহিক অপহৰণৰ গোচৰ, ৫ মে' ২০১৫ চনৰ সমৰ্থকৰ অপহৰণৰ আবেদনৰ চাৰি বছৰৰ পিছতো আৰক্ষীয়ে কোনো গোচৰ ৰুজু নকৰিলে। আইন আৰু ব্যৱস্থাৰ যান্ত্ৰীকৰণক সাক্ষীৰ বিৰুদ্ধাচৰণ দেখি আবেদনকাৰীয়ে 156 Crpc ৰ বিষয়ত গোচৰ ৰুজু কৰাবৰ কাৰণে কনৌজ জিলা ন্যায়ালয়ত ব্যক্তিগত ভাৱে যোৱাটো সুৰক্ষিত নাছিল।
২০১৪-১৫ চনত ৰাজনীতি সুধৰণিৰ মুঠ ন' টা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। এই প্ৰশিক্ষণৰ আয়োজন অসমৰ ক্ৰমে- কোকৰাঝাৰ, ঢেকিয়াজুলি, লখিমপুৰ, ৰঙাপাৰা, ৰঙিয়া, তামোলপুৰ, গোগামুখ, মঙ্গলদৈ আৰু বঙাইগাঁওত সম্পন্ন হয়। এই প্ৰশিক্ষণত প্ৰায় ৯০৬৪ জন লোকে প্ৰশিক্ষণ গ্ৰহণ কৰে। লগতে কোকৰাঝাৰ, গোৰেশ্বৰ, হৰিশিঙা, কলাইগাঁও আৰু নগাঁওত জনসভাৰ আয়োজন কৰা হয়। য'ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।
কনৌজ অপহৰণ কাণ্ডৰ বিষয়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ দ্বাৰা কোনো উত্তৰ নিদিয়াৰ পিছত ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে বিষয়টি তদন্তৰ কাৰণে ২ মাৰ্চ, ২০১৫ তাৰিখে উত্তৰ প্ৰদেশৰ আৰক্ষী আয়োক্তক নিৰ্দেশ জাৰি কৰিলে। বিচাৰক বিষয়া, কানপুৰ আৰক্ষী অধীক্ষক শ্ৰী ঋষিপাল যাদৱে আৰক্ষীৰ তনন্তৰ নামত পৰিকল্পিত তদন্ত চলাই। ২৭ এপ্ৰিল, ২০১৫ তাৰিখে তদন্তৰ নামত মুল অভিযুক্তৰ ঘৰ আমেথিলৈ গৈ নিৰ্দয়তাৰে তেওঁক প্ৰতাৰিত কৰিছিল। DGP কাৰ্য্যালয়ৰ মানৱাধিকাৰ বিভাগৰ জেষ্ঠ বিষয়াৰ দ্বাৰা মুল লক্ষ্যৰ ওপৰত প্ৰায় এক ৰীম উকা কাগজৰ ওপৰত চহী কৰাই ল'লে।
২০ আগষ্ট, ২০১৫ চনত দলৰ সাধাৰণ সভাৰ বৈঠকত দলৰ সাংবিধানিক মান্যতাৰ ওপৰত বিস্তৃত ৰূপত চৰ্চা হ'ল। ২০১৪ চনত ৰাজনীতি সুধৰণিৰ মুঠ ছয়'টা প্ৰশিক্ষণ শিবিৰ সম্পন্ন হয়। এই শিবিৰ সমুহৰ আয়োজন অসমৰ ৰঙিয়া আৰু উত্তৰ প্ৰদেশৰ এতা'ত হৈছিল। য'ত প্ৰায় ২৩০০ জন লোকে অংশগ্ৰহণ কৰে।
যেতিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকে নামানিলে, তেতিয়া কনৌজ অপহৰণ কাণ্ডক কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ক ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে জাননীযোগে তদন্তৰ নিৰ্দেশ জাৰি কৰিলে আৰু শ্ৰী ভৰত গান্ধীক পুলিচ সুৰক্ষা দিয়াৰ কাৰণে উচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু গৃহ মন্ত্ৰালয়ে মানৱ অধিকাৰ আয়োগৰ আদেশক মানিবলৈ মান্তি নহ'ল।
২০১৩ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল গঠন হোৱাৰ পিছত প্ৰথম বৈথকত দলৰ কাৰণে এক নতুন অনুদান নীতি প্ৰয়োগ কৰা হ'ল। এই বৈঠকত দলৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে এখনি সংবিধান সমিতি গঠন কৰা হয়।
২৩ ফেব্ৰুৱাৰী, ২০১৩ চনত উত্তৰ প্ৰদেশৰ মূখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে, নিজ পৰিয়ালৰ সুৰক্ষা আৰু কনৌজ অপহৰণ কাণ্ডৰ চিবিআই' তদন্ত বিচাৰি দলৰ প্ৰতিষ্ঠাপক ভৰত গান্ধীয়ে উচ্চতম ন্যায়ালয়ত এখনি লেখ আবেদন দাখিল কৰি নিজে উকালতি কৰে। উচ্চতম ন্যায়ালয়ে সুৰক্ষা বিষয়ক পৰীক্ষা-নিৰীক্ষা আৰু শ্ৰী ভৰত গান্ধীক পুলিচ সুৰক্ষা দিয়াৰ কাৰণে উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকক নিৰ্দেশ জাৰি কৰিলে। কিন্তু অপহৰণ কাণ্ডৰ চিবিআই' তদন্তৰ নিৰ্দেশ নিদিলে। বাতৰি কাকত সমুহে এই বাতৰিক গুৰুত্বসহকাৰে চাপিলে।
২০১৩ চনৰ ১৯-২২ চেপ্তেম্বৰ তাৰিখে অসমৰ বাক্সা জিলাৰ নাগ্ৰিজুলিত ৰাজনীতি সুধৰনীৰ চাৰিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন হ'ল। যত প্ৰায় ৩০০ জনলোকে অংশগ্ৰহণ কৰিছিল। ঠিক একে প্ৰশিক্ষণ পুনৰ নাগ্ৰিজুলিতে ৪ ৰ'পৰা ৭ ডিচেম্বৰ তাৰিখে ৩৫০ জন লোকেৰে সম্পন্ন হয়। তাৰপিছত একে বৰ্ষৰে ২৫ ৰ'পৰা ২৮ ডিচেম্বৰ তাৰিখলৈ উদালগুৰী জিলাৰ গৰৈমাৰীত সেই একে প্ৰশিক্ষণ ২১০ জন প্ৰশিক্ষাৰ্থীৰে সম্পন্ন কৰা হয়।
শ্ৰী ভৰত গান্ধী আৰু তেওঁৰ সমৰ্থক সকলৰ দ্বাৰা কনৌজৰ হাজাৰ গাঁৱত চলোৱা অভিযানৰ কাৰণে ২০১২ চনত কনৌজৰ জনসাধাৰণে সমাজবাদী দলৰ বিৰুদ্ধী হৈ গ'ল। উক্ত সময়ত ২০১২ চনৰ ৬ জুন তাৰিখে সংসদীয় উপ-নিৰ্বাচনৰ দিন ঘোষণা হ'ল। শ্ৰী ভৰত গান্ধীৰ সমৰ্থক সকলে কনৌজ লোকসভাৰ উপ-নিৰ্বাচনত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপৰ যো-জা আৰম্ভ কৰিলে। কিন্তু সত্বাত থকা সমাজবাদী দলৰ নেতাৰ চিন্তা হৈ গ'ল।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলেশ যাদৱে ২০১২ চনৰ ৬ জুন তাৰিখে হ'ব লগা উপ-নিৰ্বাচনত নিজৰ পত্নী ডিম্পল যাদৱক জয়ী কৰোৱাৰ পৰিকল্পনা তৈয়াৰ কৰিলে। মূখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ আইএএছ আৰু আইপিএছ অধিকাৰ আৰু সমাজবাদী দলৰ অপৰাধিক তত্বক মজুত কৰিলে যে এই উপ-নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহা দলৰ ব্যক্তিসকলক দাবী-ধমকী অথবা অপহৰণ কৰিব পাৰে। অপহৰণ কৰাৰ পিছত জিলা উপায়ুক্তই ঘোষণা কৰিলে যে মূখ্যমন্ত্ৰীৰ পত্নীয়ে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচনত জয়ী হৈছে। ভিপিআই'ৰ দুজন অন্য নেতা ক্ৰমে স্বদেশ যাদৱ আৰু ৰাম সিঙ লোডীৰ লগতে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল দলৰ প্ৰাৰ্থী প্ৰভাত পাণ্ডেকো অপহৰণ কৰিছিল। নিৰ্বাচন হ'ব নিদিলে। মূখ্যমন্ত্ৰীয়ে তেতিয়াৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ওপৰত নিজ পদৰ প্ৰভাৱ অপব্যৱহাৰ কৰি নিজ পত্নীৰ নাম বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হোৱাৰ প্ৰমাণ-পত্ৰ হস্তগত কৰি ল'লে। শ্ৰী ভৰত গান্ধীৰ কাৰণে এয়া নতুন অনুভৱ আছিল।
তেওঁলোকে এই অপৰাধৰ ওচৰত নতশিৰ নকৰাৰ সিদ্ধান্ত ল'লে। যদিও ৰাজ্যখনৰ সকলোতকৈ শক্তিশালী আৰু চতুৰ পৰিয়ালৰ পৰা লোহা কাঢ়ি অনাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাটো মৃত্যুৰ সৈতে খেলাৰ কোনো গুনেই কম নাছিল। শ্ৰী গান্ধীয়ে উত্তৰ প্ৰদেশৰ উচ্চ ন্যায়ালয়, ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত তেতিয়াৰ মূখ্যমন্ত্ৰী আৰু তেওঁৰ অপৰাধিক সহযোগীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি দিলে। ইয়াৰ পৰিনাম এনেকুৱা হ'ল যে পূৰ্বৰ পৰাই যি আশংকা কৰা হৈছিল। শ্ৰী ভৰত গান্ধীৰ জীৱনলৈ বিপদ নামি আহিল। তেতিয়াৰ সমাজবাদী দলৰ চৰকাৰে ডাঙৰ ডাঙৰ ন্যায়ালয়ৰ আদেশক অৱহেলা কৰিবলৈ আৰম্ভ কৰি দিলে। শ্ৰী ভৰত গান্ধীৰ নিৰ্দেশৰ ওপৰত মূখ্যমন্ত্ৰী পত্নীৰ নিৰ্বাচনক এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰত্যাহ্বান জনায় আহিছিল।
পৰিনামস্বৰূপ ৬ জুন, ২০১২ চনৰ পিছৰ পৰা শ্ৰী ভৰত গান্ধী আৰু তেওঁৰ পৰিয়ালৰ আন সদস্য সকলৰ জীৱনলৈ ভাবুকি নামি আহিল। এই ভাবুকি আহিছিল মূখ্যমন্ত্ৰী অখিলেশ যাদৱৰ পৰা, মূখ্য সচিৱ এছ দেবাশীষ পাণ্ডাৰ পৰা, উত্তৰ প্ৰদেশৰ DGP কাৰ্য্যালয়ৰ জেষ্ঠ্য অধিকাৰীৰ পৰা আৰু মূখ্যমন্ত্ৰীৰ সহযোগীৰ পৰা। কিছুদিনৰ পিছত শ্ৰী ভৰত গান্ধীৰ বহু সহযোগীক গণ স্বাক্ষৰ লক্ষ্যৰ ওপৰত আদৰ-সাদৰ কৰি নিৰ্দয়তাৰে প্ৰত্যায়িত কৰিলে আৰু অপৰাধীৰ পক্ষত নিজৰ ম'ত দিয়াৰ বাবে বাধ্য কৰালে। যেতিয়া ভোটাৰক ভোটাৰশ্বিপ অধিকাৰ দিওৱাৰ প্ৰস্তাৱক অধ্যয়ন কৰিবলৈ বনোৱা সংসদীয় গোৱেল সমিতিৰ আহ্বান চৰকাৰে নামানিলে। তেতিয়া ২০১২ চনত শ্ৰী ভৰত গান্ধীক তেওঁৰ সহযোগী সকলে পুনৰ এবাৰ এক নতুন নামেৰে নতুন দল গঠনৰ পৰামৰ্শ ল'লে। অপৰাধ আৰু অৰ্থনৈতিক শোষণৰ ৰাজনীতিৰ বিৰুদ্ধে যুঁজিবলৈ জনসাধাৰণক এক বিপল্পৰ প্ৰয়োজন আছিল। তেওঁ বিকল্প দিছিলেই। সেইকাৰণে নতুন দলৰ গঠন ২০১২ চনৰ ২০ আগষ্টত, কৰিলে। শেষত এই দলৰ নাম ৰখা হ'ল, "ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল" চমুকৈ ভিপিআই।
২০০৫ চনত সংসদত ভোটাৰশ্বিপ'ৰ অধিকাৰৰ কাৰণে চলি থকা সাংসদসকলৰ একত্ৰিকৰণৰ ওপৰত তেতিয়াৰ কংগ্ৰেছ চৰকাৰে ভোটাৰশ্বিপ আইন নবনালে আৰু ৮ মে, তাৰিখে সংসদত আলোচনাও অনুষ্ঠিত নকৰিলে। কিন্তু বিষয়বস্তুৰ গভীৰতা বুজি কংগ্ৰেছ চৰকাৰে জনসাধাৰণক নগদ ধন দিয়াৰ ৰাস্তাৰ ফালে গতি কৰিলে। এই গতিৰ ফলতেই চৰকাৰে "আধাৰ কাৰ্ড"ৰ আইন বনালে। অংক আছিল যে যদি জনসাধাৰণে চৰকাৰৰ দ্বাৰা দিয়া টকা অন্যান্য বেংকৰ জৰিয়তে উলিওৱাৰ চেষ্টা কৰে ধৰা পৰি যাব। ২০১০ চনত চৰকাৰে "খাদ্য সুৰক্ষা অধিনিয়ম" বনাই দৰিদ্ৰ পৰিয়ালক ২৫ কি:লো বিনামূলীয়াকৈ চাউল দিয়াৰ কাম আৰম্ভ কৰি দিলে। প্ৰায় তিনি লাখ কৌটি টকাৰ খাদ্য সুৰক্ষা আইনৰ বাজেট নিৰ্ধাৰণ কৰিলে। ইয়াৰদ্বাৰা দেশৰ AB+ মানসিকতাৰ পূঁজিপতি সকল চৰকাৰৰ প্ৰতি অসন্তুষ্ট হৈ পৰিল। তেঁওলোকে কংগ্ৰেছ চৰকাৰক ৰাজসত্বাৰ পৰা আঁতৰাবলৈ ৰাস্তা মুকলি কৰিলে। ইয়াৰ মাজতে ২০১১ চনৰ জানুৱাৰী মাহত "2G ষ্পেক্টট্ৰাম" কেলেংকাৰীত অভিযুক্ত মোবাইল কোম্পানীৰ মালিকসকলক আৰক্ষীয়ে আতক কৰা আৰম্ভ কৰি দিলে।
মোবাইল সেৱা প্ৰৱৰ্তন কৰা কোম্পানীৰ মালিকসকলে তেতিয়া জেল' যোৱাৰ ভয় দেখা পালে, তেতিয়া তেওঁলোকে কংগ্ৰেছ চৰকাৰক ৰাঁজসত্বাৰ পৰা আঁতৰাবলৈ ২০১১ চনৰ এপ্ৰিল মাহৰ পৰা "লোকপাল"ৰ নামত আন্দোলন আৰম্ভ কৰি দিলে। ব্যক্তিগত মিডিয়াৰ শক্তিৰে এনে ভ্ৰম সৃষ্টি কৰিলে যে দেশৰ জনসাধাৰণে দূৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিছে। কিছু কিছু লোকক ইয়াত মোহৰ হিচাপে ব্যৱহাৰ কৰা হ'ল। দূৰ্নীতিৰ এনে মিছা আন্দোলনক ৰুধিবলৈ শ্ৰী ভৰত গান্ধীয়ে "গণতন্ত্ৰীক লোকপাল" বিধেয়ক প্ৰস্তুত কৰি উলিয়ায়। এই বিধেয়ক খনকে মহামোহীম ৰাষ্ট্ৰপতি গৰাকীয়ে ২০১১ চনৰ ২৫ মে, তাৰিখে প্ৰস্তুত কৰে। এই ঘটনাই "জন লোকপাল"ৰ নামত চলি থকা দুৰ্নীতি বিৰোধী মিছা আন্দোলনৰ পৰ্দা ফালি দেখুৱালে। লোকপাল বিধেয়কৰ ওপৰত কাম কৰি থকা ষ্টেণ্ডিং সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি শ্ৰী ভৰত গান্ধীয়ে ২০১১ চনৰ ২১ অক্টোবৰ তাৰিখে উপস্থিত হয়। তেওঁ তাতেই দুৰ্নীতি বৃদ্ধি কৰিব পৰা (জন লোকপালৰ) বিৰোধ কৰে।
শ্ৰী গান্ধীৰ কথাক সংসদ্বীয় সমিতিখনে মানি ল'লে। শেষত: "জন লোকপাল"ৰ নামত চলাই যোৱা পূঁজিপতি সকলৰ পৰিকল্পনাত চেঁচা পানী পৰিল। যদিও ২০১৪ চনত কেন্দ্ৰত ৰাজসত্বা পৰিবৰ্তনত পূঁজিপতি সকল সফল হ'ল। শ্ৰী ভৰত গান্ধীৰ এই দুৰদৰ্শী ক্ষমতা সেই সময়ত পুনৰ এবাৰ প্ৰমাণিত হ'ল। এতিয়া জন লোকপালৰ নামত দিল্লীৰ ৰাজসত্বালৈ অহা লোকসকলে নিজেও জনলোকপাল বনোৱাৰ পৰা পলায়ন কৰিছে। শ্ৰী ভৰত গান্ধী যিদিনা লোকপালৰ ষ্টেণ্ডিং সমিতিৰ ওচৰত উপস্থিত হৈছিল তাৰ দুদিনমান পিছত অৰ্থাৎ ২০১১ চনৰ ২৩ আগষ্ট, তাৰিখে "ভোটাৰশ্বিপ"ৰ কাৰণে বনোৱা ৰাজ্যসভাৰ দ্বীপক গোৱেল সমিতি'ৰ নিমন্ত্ৰণত ৰাজ্যসভাৰ অধিকাৰী সমিতিৰ লগত আলোচনাত বহে। তেতিয়া যি ভোটাৰশ্বিপ অধিকাৰৰ ওপৰত তিনিশ জনকৈও অধিক সাংসদে ঐক্যমতত উপনীত হৈছিল। এই প্ৰস্তাৱক অধিকাৰী সমিতিখনে অ-ব্যৱহাৰিক আৰু অনুচিত বুলি মানিছিল। শ্ৰী ভৰত গান্ধীৰ লগত আলোচনাৰ অন্তত তেওঁলোকৰ বিচাৰ সলনি হ'ল। তেতিয়া গোৱেল সমিতিখনে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱত সন্মতি জনায় আৰু আবেদন খনক ৰাজ্যসভাত স্বীকাৰ কৰিবৰ কাৰণে শ্ৰী ভৰত গান্ধীক আশ্বাস প্ৰদান কৰে। যাক পিছলৈ এক কৌশলগত ভাবে ওলমাই ৰাখিলে।
২০১০ চনত শ্ৰী ভৰত গান্ধী আৰু তেওঁৰ সমৰ্থক সকলে পৰ্যালোচনা কৰি পালে যে তেঁওলোকে আমেথি আৰু ৰায়বেৰেলীত যি অভিযান চলালে ইয়াৰ লাভ সমাজবাদী পাৰ্টিয়ে উঠাই আছে। কিয়নো জনসাধাৰণৰ মাজত তেঁওলোকে কোনো ৰাজনৈতিক বিকল্পৰ কথা উত্থাপন কৰা নাই। যত সংসদত সমাজবাদী দলৰ মুখ্য শ্ৰী মুলায়ম সিঙ যাদৱো ভোটাৰশ্বিপ বিৰুধী শিবিৰত চামিল আছিল। এনে অনুভৱৰ পিছত সকলোৰে ৰায় আছিল এটা নতুন ৰাজনৈতিক দল গঠন কৰা। এই কাম বহুত কঠিন আছিল। কিয়নো পূঁজিপতি/কৌটিপতিৰ ইচ্ছাত নাচি থকা ডাঙৰ ডাঙৰ ৰাজনৈতিক দলবোৰৰ সন্মুখত ফেৰ মৰাটো প্ৰায় অসম্ভৱ আছিল। তথাপিও এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবই লাগিব। ২০১০ চনত দল গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। যাৰ নাম ৰখা হ'ল "ভোটাৰ্চ পাৰ্টি"। এই নামেৰেই দলৰ ৱেবচাইট, ফেচবুক পেজ আৰু ইউটিউব চেনেল আৰম্ভ হ'ল। এইটো নিৰ্ণয় কৰা হৈছিল যে দলৰ পঞ্জীয়নৰ কাম কিছুদিন স্থগিত ৰখা যাওক। প্ৰথমতে দলৰ জন-আন্দোলন সৃষ্টি কৰাৰ অন্তত আন্দোলনৰ পৰা অহা ব্যক্তিসকলক দলৰ প্ৰতিষ্ঠাপক বনোৱা যাওক। কিন্তু শ্ৰী ভৰত গান্ধীৰ লগত কাম কৰিথকা দিল্লী আৰু ইটাৱাৰ কিছু লোকে শ্ৰী ভৰত গান্ধীৰ লগত বিশ্বাসঘাটকতা কৰিলে। তেওঁলোকে মনে মনে এই দলৰ পঞ্জীয়নৰ কাৰণে ভাৰতৰ নিৰ্বাচন আয়োগত আবেদন দাখিল কৰি দিলে। এই বিশ্বাসঘাটকতাৰ বিৰুদ্ধে শ্ৰী ভৰত গান্ধীয়ে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিলে। উচ্চ ন্যায়ালয়ে ২০১১ চনত আদেশ দিলে যে, "এনে অৱস্থাত হ'ব পাৰে যে গোচৰ কৰ্তাসকলেই বাস্তবিকতে দলৰ প্ৰতিষ্ঠাপক, কিন্তু গোচৰকৰ্তা সকলে দলৰ পঞ্জীয়ন কৰাবলৈ প্ৰথমতে অহা নাই। গতিকে যি সকলে নিৰ্বাচন আয়োগলৈ আহিছে, তেওঁলোকৰ পঞ্জীয়ন নকৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক বাধা দিব নোৱাৰে"।
আমেথি আৰু ৰায়বেৰেলীৰ পিছত শ্ৰী ভৰত গান্ধী আৰু তেওঁৰ সমৰ্থক সকলে তেতিয়াৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সমৰ্থনত থকা সমাজবাদী দলৰ অধ্যক্ষ মুলায়ম সিঙ যাদৱৰ লগত আলোচনা কৰিলে। ২০০৮ চনৰ অক্টোবৰ মাহত লক্ষৌ বিধানসভাৰ ওচৰত ৪৩ জন সমৰ্থকে অনশন' আৰম্ভ কৰি দিলে। অনশনকাৰীয়ে সমাজবাদী দলৰ মূখ্য নেতাক আহ্বান জনালে যে ভোটাৰশ্বিপ বিষয়টি সমাজবাদী বিষয় হয়। সেইকাৰণে শ্ৰী মুলায়ম সিঙ যাদৱে সংসদত ভোটাৰশ্বিপ' প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিবলৈ কংগ্ৰেছ দলক সৈমান কৰক, নহ'লেও কংগ্ৰেছ চৰকাৰৰ পৰা নিজৰ সমৰ্থন উঠাই আনক। সমাজবাদী পাৰ্টিৰ অধ্যক্ষই শ্ৰী ভৰত গান্ধীক আশ্বাস প্ৰদান কৰি ক'লে যে তেওঁ নিজৰ সমৰ্থক সকলৰ অনশন' ভংগ কৰাওক। শ্ৰী মুলায়ম সিঙ যাদৱে মৌখিকৰূপত কথা দিলে যে "আগন্তুক সংসদৰ অধিৱেশনত ভোটাৰশ্বিপ'ৰ ওপৰত আলোচনা নিশ্চয় কৰাম"। পিছত সমাজবাদী দলৰ অধ্যক্ষজনে বিশ্বাসঘাটকতা কৰিলে।
তেওঁ সংসদত আলোচনা কৰোৱাটো বাদেই দিয়ক, এই সম্পৰ্কে দ্বিতীয়বাৰ খবৰ কৰাটোও সঠিক নহয় বুলি ধৰি ল'লে। ইয়াৰ পিছত শ্ৰী ভৰত গান্ধী আৰু তেওঁৰ সমৰ্থক সকলে পুনৰ নিৰ্নয় কৰি ল'লে যে, যি কাম তেঁওলোকে আমেথি আৰু ৰায়বেৰেলীত কৰিছিল এতিয়া সেই কাম মুলায়ম সিঙ যাদৱৰ ঠাই ইটাৱা আৰু কনৌজত কৰিব। এই সিদ্ধান্তৰ পিছত শ্ৰী গান্ধী আৰু তেওঁৰ সমৰ্থকসকলে কনৌজ গুছি গ'ল আৰু তাত গাঁৱে গাঁৱে পদযাত্ৰা আৰম্ভ কৰি দিলে। প্ৰায় ডেৰ হাজাৰ গাঁৱত দেৱাল লিখন কৰিলে। শ্ৰী গান্ধীয়ে কেৱল কনৌজ লোকসভা সমষ্টিত নিজে ৪২ খন জনসভাক সম্বোধন কৰে। ইয়াৰদ্বাৰা সমষ্টিবাসী জনসাধাৰণৰ মন সলনি হৈ গ'ল। সমাজবাদৰ বিৰুদ্ধে কাম কৰি থকা শ্ৰী মুলায়ম সিঙ যাদৱক শিক্ষা দিবৰ কাৰণে জনসাধাৰণ নিৰ্বাচনলৈ অপেক্ষা কৰিব লগাত পৰিল। এই সুযোগ ২০১২ চনত আহিল। তেতিয়া শ্ৰী অখিলেশ যাদৱে মূখ্যমন্ত্ৰী হোৱাৰ পিছত সাংসদ পদৰ পৰা পদত্যাগ কৰিলে আৰু সেই সমষ্টি খালি হৈ পৰিল। কনৌজৰ খালি সমষ্টিত অখিলেশ পত্নী ডিম্পল যাদৱক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰোৱাৰ ঘোষনা হৈ গ'ল। শ্ৰী ভৰত গান্ধীৰ সমৰ্থক সকলে সিদ্ধান্ত ল'লে যে শ্ৰী মুলায়ম সিঙ যাদৱৰ ল'ৰা তথা মূখ্যমন্ত্ৰী অখিলেশ যাদৱৰ সমষ্টিত নিজৰ প্ৰাৰ্থী ঠিয় কৰাব। কথা মতে কাম। কিন্তু পিছত এক ডাঙৰ অপৰাধিক ঘটনা ঘটিল, য'ত মূখ্যমন্ত্ৰী শ্ৰী অখিলেশ যাদৱ নিজে ঘটনাৰ লগত জড়িত আছিল।
২০০৮ চনত সাংসদসকলৰ ঐতিহাসিক দ্ৰুৱীকৰণ দেখি তেতিয়াৰ সংসদ্বীয় কাৰ্য্যমন্ত্ৰী শ্ৰী প্ৰিয়ৰঞ্জণ দাসমুঞ্চীয়ে শ্ৰী ভৰত গান্ধীক মাতিলে। শাস্ত্ৰী ভৱনত দিঘলীয়া কথাবাৰ্তা হ'ল। শেষত তেওঁ ভোটাৰশ্বিপ'ৰ সমৰ্থন কৰি ক'লে যে, "চৰকাৰৰ ফালৰপৰা ভোটাৰশ্বিপ'ৰ প্ৰস্তাৱৰ ওপৰত তৰ্কবাদ কৰিবলৈ মই সাজু আছোঁ, আপুনি লোকসভাৰ অধ্যক্ষক প্ৰস্তুত কৰক"। শ্ৰী গান্ধীয়ে লোকসভাৰ অধ্যক্ষ সোমনাথ ছেটাৰ্জীকো ভোটাৰশ্বিপ প্ৰস্তাৱ সম্পৰ্কে বুজনি দিয়াত শ্ৰী চেটাৰ্জীও সৈমান হ'ল। এতিয়া এয়া নিশ্চিত হৈ পৰিল যে লোকসভাৰ নিয়ম ১৯৩ অধীনত এদিন আলোচনা আয়োজিত কৰা যাব। সংসদ ভৱনৰ এই সিদ্ধান্তৰ পিছত প্ৰথমবাৰ শ্ৰী ভৰত গান্ধীৰ এই প্ৰয়াসক সমগ্ৰ দেশৰ বাতৰি কাকতে প্ৰতিটো ভাষাতে মুক্ত ৰূপত প্ৰকাশ কৰিলে। এই বাতৰিয়ে পোন প্ৰথমবাৰৰ বাবে ডাঙৰ ডাঙৰ দলৰ অধ্যক্ষ আৰু দেশ-বিদেশৰ পূঁজিপতি আৰু ৰাজনীতি বিশেষজ্ঞ সকলৰ ওচৰলৈ গ'ল। এই সংবাদ পঢ়ি নিষ্ঠুৰ AB+ মানসিকতাৰ লোকসকলৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। সংসদত এই প্ৰস্তাৱ আলোচনা হোৱাৰ এদিনৰ আগতেই সকলো দলৰ সভাপতি/অধ্যক্ষ সকলে নিজৰ নিজৰ মাজত আলোচনা অনুষ্ঠিত কৰি ভোটাৰশ্বিপ ৰুধীবলৈ আকস্মিকভাৱে সংসদৰ অধিৱেশন বন্ধ কৰাৰ ইঙ্গিত প্ৰদান কৰিলে আৰু ৮ মে, ২০০৮ তাৰিখে লোকসভাৰ কাৰ্য্যসূচী বাতিল কৰি দিলে। আৰু বাস্তবিক গণতন্ত্ৰ পৃথিৱীলৈ অনাৰ চেষ্টাক ব্যৰ্থ কৰি দিলে।
অৰ্থনৈতিক অচলাৱস্তাত ছটপতাই থকা জনসাধাৰণে সংসদৰ পৰা কিছু সকাহ পাব পাৰে, এই আশাত চেঁচা পানী পৰিল। ২০০৮ চনত সংসদ ভৱনত দেশৰ ভোটাৰৰ বিৰুদ্ধে যোৱা পৰিকল্পনাৰ ওপৰত শ্ৰী ভৰত গান্ধীয়ে প্ৰথমবাৰৰ বাবে নিজৰ কলম ধৰিলে আৰু সৰু এখনি কিতাপ লিখিলে। এই কিতাপখনৰ নাম আছিল "আৰ্থিক নৰসংসাৰৰ বিৰুদ্ধে মহাভাৰত"। এই কিতাপখনে বহুত জনপ্ৰিয়তা পালে। আৰু কিতাপখন কেবাহাজাৰো কপি চকুৰ আগত বিক্ৰী হ'ল। শ্ৰী ভৰত গান্ধী আৰু তেওঁৰ সহযোগীসকলে এই সিদ্ধান্তত উপনীত হ'ল যে জনসাধাৰণৰ আৰ্থিক দুৰ্দশাৰ কাৰণে সাংসদ আৰু বিধায়কসকল দোষী নহয়। বৰঞ্চ দলৰ সভাপতি/অধ্যক্ষ সকলহে দায়ী। যি সকলে সম্পূৰ্ণৰূপে দেশ-বিদেশৰ পূঁজিপতিৰ চংগোলত আছে। তেওঁলোকৰ পৰা নিৰ্বাচনী পূঁজি আৰু সত্বাৰোহণ কৰি থাকিবৰ কাৰণে তেওঁলোকৰ কাঠপুতলা হৈ নাচি আছে। এনে ব্যৱস্থাক গণতন্ত্ৰ বুলি ক'ব পৰা নাযায়। এনে মূহুৰ্তত এইটো প্ৰমাণিত হ'ল যে এই শাসনতন্ত্ৰ গণতন্ত্ৰ নহয়, কাঠপুতলা তন্ত্ৰহে। এই নকলি গণতন্ত্ৰৰ সম্পূৰ্ণ কাহিনী শ্ৰী গান্ধীয়ে জনসাধাৰণক শুনোৱাৰ সিদ্ধান্ত ল'লে। যি স্থান বা সমষ্টিৰ পৰা দলৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে, এই অঞ্চললৈ গৈ সংসদত ঘটি যোৱা ঘটনাবোৰ প্ৰচাৰ কৰাৰ সিদ্ধান্ত ল'লে। নিজৰ এই নীতিৰ ভিক্তিত শ্ৰী ভৰত গান্ধী আৰু তেওঁৰ সমৰ্থকে দিল্লীৰ পৰা আমেথী আৰু ৰায়বেৰেলী গুছি গ'ল। ২০০৮ চনত ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত কাৰ্য্যালয় খুলিলে। তাত প্ৰায় আঢ়ৈ হাজাৰ গাঁৱলৈ পদযাত্ৰা কৰি তেঁওৰ সমৰ্থক সকলে সংসদৰ সম্পূৰ্ণ কাহিনী জনসাধাৰণক ক'লে। স্থানীয় জনসাধাৰণৰ পৰা কম সময়ত জনসমৰ্থন পাবলৈ সক্ষম হ'ল। ১ অক্টোবৰ, আৰু ১৪ নবেম্বৰ, ২০০৮ তাৰিখে আমেথি আৰু ৰায়বেৰেলীত শ্ৰী ভৰত গান্ধীৰ দুটা বিশাল জনসভা সম্পন্ন হ'ল। তাৰপৰাই এই সমষ্টিবোৰত কংগ্ৰেছৰ পতন আৰম্ভ হ'ল।
২০০৫ চনত শ্ৰী ভৰত গান্ধীয়ে দিল্লীত নিজৰ এটি সৰু গোট' বনালে। সাংসদসকলৰ ঘৰে ঘৰে গৈ ৰাজনৈতিক সুধৰণী আৰু ভোটাৰশ্বিপ' অধিকাৰৰ লাভ আৰু এই প্ৰস্তাৱত আৰম্ভ কৰা আৰু ব্যৱহাৰিক দিশৰ ওপৰত কথা-বাৰ্তা আৰম্ভ কৰি দিলে। শ্ৰী গান্ধীয়ে এই বিষয়ে সংসদ্বীয় প্ৰস্তাৱক সমিতিৰ সমকক্ষ নিজৰ প্ৰস্তাৱ প্ৰস্তুত কৰাৰ নিবেদন কৰিলে। শ্ৰী ভৰত গান্ধীক এনে কৰিবলৈ ভাৰতৰ গুনী-জ্ঞানী সংবিধান বিশেষজ্ঞ তথা লোকসভাৰ পূৰ্ব মুখ্যসচিৱ ডা• সুভাষ কাশ্যপে পৰামৰ্শ দিছিল। ২০০৫-০৭ চনলৈ প্ৰায় ৩০০ ৰো অধিক সাংসদ শ্ৰী ভৰত গান্ধীৰ প্ৰস্তাৱৰ সমৰ্থনত আহিল। শ্ৰী ভৰত গান্ধীৰ ভোটাৰশ্বিপ প্ৰস্তাৱক এখনি আবেদনৰ ৰূপত সংসদত দাখিল কৰাৰ কাম আৰম্ভ হৈ গ'ল। প্ৰতিদিনে সমৰ্থক সাংসদৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। আবেদন জাৰি কৰা সাংসদৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিলে। সংসদত চৰ্চাৰ সময়ত প্ৰসংগক্ৰমে ভোটাৰশ্বিপ প্ৰস্তাৱৰ ওপৰত কিছু অংশ সাংসদ সকলে ক'বলৈ আৰম্ভ কৰি দিলে। শ্ৰী ভৰত গান্ধীৰ নিবেদনৰ ওপৰত সকলো দলৰ সাংসদ সকলে মিলি এক সৰ্বদলীয় সাংসদ সংগঠন বনালে। যাৰ নাম ৰাখিলে "ভোটাৰশ্বিপ'ৰ কাৰণে সাংসদ পৰিষদ"। সাংসদসকলৰ এই সংগঠনে লক্ষ্য নিৰ্ধাৰণ কৰি ল'লে যে ভোটাৰশ্বিপ'ৰ আবেদনৰ ওপৰত সংসদত চৰ্চা কৰিবলৈ চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিব। সাংসদসকলে শ্ৰী ভৰত গান্ধীক নিবেদন কৰিলে যে ভোটাৰশ্বিপ'ক সংসদত চৰ্চাৰ কাৰণে সাংসদসকলক প্ৰস্তুত কৰক। সংসদত চৰ্চাৰ প্ৰস্তুতিৰ কাৰণে শ্ৰী ভৰত গান্ধীয়ে সাংসদ সকলৰ সৈতে সৰু সৰু গোট'ত বিভাজিত হৈ আলোচনা আৰম্ভ কৰিলে। সংসদৰ কাৰ্য্যবাহীৰ পিছত সন্ধিয়া এক ডৰ্জনৰো অধিক সাংসদ শ্ৰী ভৰত গান্ধীৰ নিমন্ত্ৰণত কোনোবা নহয় কোনোবা সাংসদৰ ঘৰত উপস্হিত হৈছিল আৰু ৰাতি ৮:০০ বজাৰ পৰা ১১:০০ বজালৈকে তেওঁলোকে শ্ৰী ভৰত গান্ধীৰ কথা শুনিছিল। সৰু সৰু গোট'ৰ সময়ত সাংসদসকলে তৰ্ক-বিতৰ্ক কৰি নিজৰ নিজৰ মাজত যুক্তি প্ৰদৰ্শন কৰিছিল আৰু ভোটাৰশ্বিপ'ৰ মাধ্যমেৰে বাস্তৱিক গণতন্ত্ৰৰ বস্ত্ৰ পিন্ধোৱাৰ কাৰণে অধ্যয়ন কৰিছিল। এই প্ৰয়াস ২০০৫ চনৰ এপ্ৰিলৰ পৰা ২০০৮ চনলৈ চলিল।
২০০২ চনৰ পৰা ২০০৪ চনলৈ তিনি বছৰত দলৰ হৈ শ্ৰী ভৰত গান্ধীয়ে মেৰঠ আৰু বিহাৰত পাঁচশৰো অধিক জনসভাক সম্বোধন কৰে। যাৰদ্বাৰা তেওঁ অপাৰ জনসমৰ্থন পালে। এইয়া প্ৰমাণ হৈ গ'ল যে যি ৰাজনৈতিক সুধৰণিৰ ৰূপৰেখা বহুবছৰ আগতে একান্তভাবে প্ৰস্তুত কৰিছিল, এই পক্ষত সাধাৰণ নাগৰিক আছিল। ২০০৩ চনত বিহাৰৰ চঙপাৰণ'ৰ টাউন হলত তেতিয়া শ্ৰী ভৰত গান্ধীয়ে এখনি জনসভা সম্বোধন কৰি আছিল। সভাৰ শেষত প্ৰশ্নোত্তৰ হিতানত খীন-মীন শৰীৰৰ মলিয়ন কাপোৰ পিন্ধা এগৰাকী আদহীয়া কৃষকে এটা প্ৰশ্ন উত্থাপন কৰি ক'লে যে, " ইমান ডাঙৰ দেশখনত আপুনি ঠায়ে ঠায়ে গৈ জনসাধাৰণক বুজায় থাকিলে বহু সময় লাগিব। তেতিয়ালৈ লাখ লাখ মানুহ দৰিদ্ৰতাত মৰি থাকিব। গতিকে আপুনি এই কথাকে দিল্লীৰ সাংসদ সকলক নুবুজাই কিয়" ? তেখেতে আৰু ক'লে যে, "যদি সংসদ সদস্যগনে বুজি পায় তেতিয়া হ'লে আইন বনিব আৰু যদিহে তেঁওলোকে বিৰুদ্ধ কৰে তেতিয়া জনসাধাৰণে নিজৰ ভুমিকা বুজি উঠিব"। চঙপাৰণ'ৰ সেই কৃষক গৰাকীৰ কথা শ্ৰী ভৰত গান্ধীয়ে পচণ্ড কৰিলে। আৰু শ্ৰী গান্ধীয়ে জনসভা অভিযান বন্ধ কৰিলে আৰু মেৰঠ এৰি দিল্লী যোৱাৰ সিদ্ধান্ত ল'লে। তেওঁ লক্ষ্য নিৰ্ধাৰণ কৰি ল'লে যে এতিয়া নিজৰ কথা জনসাধাৰণক কোৱাৰ পৰিবৰ্তে সাংসদসকলক বুজাব। এনেকৈয়ে ২০০৫ চনত আৰম্ভ হ'ল সাংসদ সকলক বুজোৱা অভিযান।
২০ জানুৱাৰী, ২০০১ চন শ্ৰী ভৰত গান্ধীক মেৰঠ'ৰ জিলা উপায়ুক্তৰ নিৰ্দেশৰ ওপৰত আৰক্ষীয়ে আতক কৰিলে। কাৰণ এয়াই যে মেৰঠস্থিত এটি কটাই মিলত মজদুৰ সকলক স্বসেৱানিবৃত্ব যোজনাৰ অধিনৰ দৰে চৰকাৰৰ পৰা বলপূৰ্বক ভাৱে টকা দি চাকৰি এৰাবলৈ বাধ্য কৰাইছিল। নিবনুৱা হৈও শ্ৰমিকে এনে কৰিবলৈ বাধ্য হৈছিল। এক উচ্চস্তৰীয় কুটকৌশলৰ বাবে তেওঁলোকক ঠগবাজ কৰি আছিল। তেওঁলোকক যি চেক' প্ৰদান কৰা হৈছিল তাতো তেওঁক স্বসেৱানিবৃত্ত আইন অনুসৰি পাব লগা টকাৰ ২ অথবা ৪ শতাংশহে দিয়া হৈছিল। সেইসময়ৰ উপায়ুক্ত, উদ্যোগ সচিৱ, স্থানীয় বিধায়ক সকলোবোৰে বলপূৰ্বক ভাৱে মজদুৰ সকলক ঘৰলৈ পঠিয়াই দিছিল। এই কথা মিলৰ কৰ্মচাৰী সকলে শ্ৰী ভৰত গান্ধীৰ ওচৰত বৰ দুখেৰে ক'লে যে আজি এক সপ্তাহজুৰি এই পুহমহীয়া ঠাণ্ডাত ঘৰৰ বাহিৰত বহি সময় অতিবাহিত কৰি আছে। ৰাতি ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ কলনীৰ জুপুৰি ঘৰবোৰ জ্বলাই থাকিব লগাত পৰিছে। বিদ্যুৎ আৰু পানী সংযোগ বিচ্ছিন্ন কৰি দিছে। ঘৰবোৰৰ তলা' বন্ধ কৰি ছাবিবোৰ জিলা উপায়ুক্তক গটাই দিছে। ঘৰৰ পৰা বয়-বস্তু উলিয়াই লৈ যাবলৈ ৪০০০ পৰা ৬০০০ টকাৰ চেক' প্ৰদান কৰিছে। আৰু এই টকাও যাতে উলিয়াই নিব নোৱাৰে বেংক পৰিচালকক মানা কৰি ৰাখিছে। তেওঁলোকে ঘৰো যাব নোৱাৰে আৰু কোম্পানীৰ পৰিষৰটো থাকিল নোৱাৰে। এনে অত্যাচাৰ দেখি শ্ৰী ভৰত গান্ধীয়ে মজদুৰ সকলক আশ্বাস প্ৰদান কৰিলে যে এই সম্পৰ্কে জিলা উপায়ুক্তকৰ লগত কথা পাতিবলৈ গৈ আছোঁ, গতিকে দুই-চাৰিজন মিল কৰ্মচাৰী তেওঁৰ লগত যাব লাগে। কিন্তু দুই-চাৰিজনৰ সলনি তাত আঢ়ৈ হাজাৰ কৰ্মীয়ে ভৰত গান্ধীক সহযোগ কৰিলে। তিনিঘন্টা পদযাত্ৰা কৰা'ৰ শনি'টপঅন্তত সন্ধিয়া ৭:০০ বজাত উপায়ুক্তৰ ঘৰত গৈ পালেগৈ। সকলো কৰ্মচাৰী ঠাণ্ডাত কপি আছিল। প্ৰথমতে চকীদাৰে গেট' খুলিবলৈ অনিচ্ছুক হৈ, গেট' নুখুলিলে। কিছু কৰ্মচাৰীয়ে বলপূৰ্বক গে'ট খুলি দিলে। সকলো মানুহ ভিতৰত গৈ উপায়ুক্তৰ অপেক্ষাত থাকিল। চৰকাৰী কৰ্মচাৰী সকলে উপায়ুক্তলৈ খবৰ দিলে যে তেওঁৰ ঘৰ মজদূৰ সকলে কব্জা কৰি লৈছে। আৰু তেওঁৰ পৰিয়াল ঘৰ এৰি পলাবলগিয়া অৱস্থাৰ সৃষ্টি হৈছে। ঘটনা ওলোটা ফালেহে গতি কৰিলে। উপায়ুক্তই জিলা আৰক্ষী অধীক্ষকলৈ ফোন কৰিলে আৰু অধীক্ষকে লাঠি চাৰ্জ কৰিবলৈ নিৰ্দেশ দিলে। ক্ষন্তেক সময়ৰ পিছতেই শ্ৰী ভৰত গান্ধীৰ ওপৰত আৰক্ষী জপিয়াই পৰিল আৰু শ্ৰী গান্ধী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চেতন হেৰুৱলে। এনে অৱচেতন অৱস্থাতে তেওঁৰ হাতত পুলিছে হাত কেৰিয়া লগাই দিলে। তেওঁক চিকিৎসালয়লৈ লৈ গ'ল। চিকিৎসালয়ত ৰাতি ১:০০ বজাত শ্ৰী গান্ধীৰ চেতনা আহিল। তেওঁক ৰাতি পূৱা জেল হাজোতলৈ প্ৰেৰণ কৰি দিলে। কিছুদিনৰ পিছত সন্ত্ৰাসবাদী নামাকৰণেৰে জিলা উপায়ুক্তৰ দ্বাৰা ৰাষ্ট্ৰীয় সুৰক্ষা অধিনিয়মৰ অধিনত এক বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰে। জেললৈ গৈ শ্ৰী গান্ধীয়ে সিদ্ধান্ত ল'লে যে তেওঁ জীয়াই থাকিবলৈ দিনত মাত্ৰ এখন ৰুটি খাব। তেওঁক ভুল তথা অন্যায়ভাবে আতক কৰাৰ বিৰুদ্ধে তেওঁ জেলতে সত্যাগ্ৰহ আৰম্ভ কৰি দিলে। তেওঁ এই পণ ল'লে যে তেওঁৰ লগত জেললৈ অহা ৩২ জন মিল কৰ্মচাৰীক জেলৰ পৰা বাহিৰলৈ ওলিয়াই নিবৰ বাবে আইনী যুদ্ধ কৰিব। তাকো আদালতত কেতিয়াও মিছা কথা নকও, টকা খৰচ নকৰোঁ আৰু উকিল নলও। উক্ত বিষয় সন্দৰ্ভত ৰাষ্ট্ৰীয় সুৰক্ষা আইন (NSA) ৰ অধীনত লক্ষৌ উচ্চ ন্যায়ালয়ত তিনিজনীয়া ন্যায়াধীশক লৈ উচ্চ স্তৰীয় বিচাৰ আয়োগ গঠন কৰা হ'ল। যাৰ ওচৰত শ্ৰী ভৰত গান্ধীয়ে সচাঁ কথাবোৰ ক'লে। উচ্চ ন্যায়ালয়ৰ উচ্চ স্তৰীয় আয়োগে শ্ৰী ভৰত গান্ধীক তিনি মাহৰ পিছত স-সন্মানে দুষমুক্ত কৰি দিলে আৰু ৰাজ্যখনৰ ৰাজ্যপাল গৰাকীলৈ পত্ৰ লিখিলে যে শ্ৰী ভৰত গান্ধীক তেওঁৰ পৰা মুক্তি কৰি দিব লাগে। দ্বিতীয় দিনাও স্থানীয় আদালতে ৰায় দিলে যে শ্ৰী ভৰত গান্ধীৰ লগতে কাৰাৰুদ্ধ ৩২ জন লোক নিৰ্দোষী। তেওঁলোকক পৰিকল্পিতভাৱে জেললৈ প্ৰেৰণ কৰা হৈছে। সেইকাৰণে FIR ধাৰী জিলা উপায়ুক্তৰ ষ্টেন'গ্ৰাফাৰ জনৰ বিৰুদ্ধে আদালতে নিজে স্বজ্ঞানে CRPC- 340 ধাৰাৰ অধীনত কেছ ফাইল কৰি দিয়ে। মেৰঠ'ৰ স্বতন্ত্ৰ সিঙ আদালতে সন্মান সহকাৰে শ্ৰী ভৰত গান্ধীৰ লগতে ৩২ জন লোকক জেলৰ পৰা মুকলি কৰাৰ আদেশ জাৰী কৰিলে। পিছলৈ এই বিষয়ৰ ওপৰত শ্ৰী ভৰত গান্ধীয়ে উচ্চ ন্যায়ালয়ত কালেক্টৰ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি নিজে উকালতি কৰে। আদালতে অভিযোগ স্বীকাৰ কৰিলে। কিন্তু ১৫ বছৰলৈ কোনো কাৰ্যব্যৱস্থা নললে। শেষত এদিন আদালতে এই বিচাৰ বন্ধ কৰি দিলে। শ্ৰী ভৰত গান্ধীয়ে মজদুৰৰ প্ৰাপ্য ধনৰাশি দিয়াবৰ কাৰণে লক্ষৌ উচ্চ ন্যায়ালয়ত এখনি গোচৰ ৰুজু কৰিলে। ১৫ বছৰৰ অন্তত উক্ত গোচৰো উচ্চ ন্যায়ালয়ে বন্ধ কৰি দিলে। মিলৰ কৰ্মচাৰী সকলে তেওঁলোকৰ প্ৰাপ্য ধন পাবলৈ সক্ষম নহ'ল। মিলৰ ঠাইবোৰ খালী হৈ গ'ল আৰু ঘৰবোৰ ভঙা-চিঙা হৈ ৰ'ল
২০০০ চনত মাননীয় প্ৰধানমন্ত্ৰী অতল বিহাৰী বাজপেয়ীয়ে ভাৰতৰ সংবিধান খনত থকা ক'মি পুৰণ কৰিবৰ বাবে এখনি তদৰ্থ আয়োগ গঠন কৰিলে। এই আয়োগৰ অধ্যক্ষ আছিল উচ্চতম ন্যায়ালয়ৰ পূৰ্ব ন্যায়াধীশ এম বেংকটচলৈয়া। উক্ত আয়োগৰ দ্বাৰা যাতে দেশৰ সংবিধানৰ মুল ধাৰাত কোনো ব্যাঘাত নজন্মে আৰু উত্থানৰ সলনি পতনৰ দিশলৈ যাতে গতি নকৰে ইয়াৰ কাৰণে শ্ৰী ভৰত গান্ধীৰ নেতৃত্বত এক সংবিধান সমীক্ষাৰ কাৰণে এখনি নিজস্ব সমিতি বনালে আৰু চৰকাৰৰ সমান্তৰালকৈ সংবিধান সংশোধনৰ এখনি মৰ্য্যদা প্ৰস্তুত কৰিলে। এই সংশোধনী প্ৰস্তাৱৰ ওপৰত সাধাৰণ নাগৰিকৰ ৰায় জানিবৰ কাৰণে শ্ৰী ভৰত গান্ধীয়ে মেৰঠ'ৰ জনপথত প্ৰায় ১৫০ খন গাওঁ পদযাত্ৰা কৰিলে। ২০০০ চনৰ ১৫ আগষ্ট তাৰিখে মেৰঠ'ৰ বেলেগ বেলেগ গাঁৱৰ পৰা প্ৰায় আঢ়ৈ হাজাৰ লোক মেৰঠ'ৰ কালন্টেড নামৰ ঠাইত সংবিধান সংশোধনৰ প্ৰস্তাৱৰ সমৰ্থনত সমবেত হ'ল। ভাৰতৰ সংবিধান সংশোধনী প্ৰস্তাৱৰ ওপৰত শ্ৰী ভৰত গান্ধীয়ে পূৰ্ব প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙ'ৰ চৰ্চা কৰিলে। শ্ৰী বিপি সিঙে এই সন্দৰ্ভত পূৰ্ব প্ৰধানমন্ত্ৰী শ্ৰী ইন্দ্ৰকুমাৰ গুজৰালৰ চৰ্চা ৰাখিলে। শ্ৰী বিপি সিঙে তেওঁক নিবেদন কৰিলে যে ভৰত গান্ধীক লৈ তেওঁ তৎক্ষানিক ৰাষ্ট্ৰপতি শ্ৰী কে আৰ নাৰায়নৰ ওচৰলৈ যাওক আৰু ইয়াৰ সম্পুৰ্ণ বিষয় ৰাষ্ট্ৰপতিক পৰিচিত কৰাওক। ঠিক কথা মতেই কাম। মহামহীম ৰাষ্ট্ৰপতিয়ে শ্ৰী ভৰত গান্ধীৰ প্ৰচেষ্টাক প্ৰসংশা কৰি ক'লে যে এই সংবিধান সংশোধনী প্ৰস্তাৱৰ ওপৰত তেওঁৰ কাৰ্য্যালয়ৰ সীমিত অধিকাৰহে আছে। সেইকাৰণে তেঁওৰ যিখিনি সম্ভৱ সেইখিনি অৱশ্যেই কৰা যাব।
১৯৯৯ চন, ভোটাৰশ্বিপ' অধিকাৰ দিয়াবৰ বাবে শ্ৰী ভৰত গান্ধীৰ নিমন্ত্ৰনত মেৰঠ'ৰ এজন গান্ধীবাদী নেতা তথা উদ্যোগপতি শ্ৰী কৃষ্ণ কুমাৰ খান্নাৰ ঘৰত প্ৰায় ১৫ জনীয়া সমাজসেৱকৰ সভা বহে। এই সভাতেই এটি সংগঠনৰ জন্ম হয়। যাৰ নাম ৰখা হ'ল "অৰ্থনৈতিক স্বাধীনতা সংগ্ৰাম পৰিষদ"। এবছৰ পূৰ্বে ১৪ দিনৰ অনশনৰ পিছত মেৰঠৰ বেছি সংখ্যক লোক শ্ৰী ভৰত গান্ধীৰ সংস্পৰ্শলৈ আহিছিল। অনশনৰ ঘটনাৰ কাৰণে শ্ৰী ভৰত গান্ধীৰ নিৰ্জন গোপনীয়তা ভংগ হৈ গৈছিল। ইয়াৰে বেছি সংখ্যক লোকে শ্ৰী গান্ধীজীক আহ্বান জনাইছিল যে শ্ৰী গান্ধীয়ে গোপন ভাবে থাকি যি লিখা-মেলা কৰিছে, এইবোৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কিছু সময় দিব লাগে। এই নতুন সংগঠন বাঢ়ি গৈ থাকিল। প্ৰথমতে স্থানীয় মিডিয়াই এই কথাত গুৰুত্ব দিয়া নাছিল। কিন্তু পিছলৈ স্থানীয় মিডিয়াই এই সংগঠনৰ খবৰ চাপিবলৈ আৰম্ভ কৰি দিলে। পিছত ২০০৫ চনত এই সংগঠনৰ মাধ্যমেৰেই সংসদ সদস্যৰ মাজত ভোটাৰশ্বিপ'ৰ কাৰণে অভিযান চলোৱা হয়।
১৯৯৭ চনত ভোটাৰশ্বিপ' অধিকাৰ আবিষ্কাৰ হোৱাৰ পিছত দলৰ প্ৰেৰণাময়ী শ্ৰী ভৰত গান্ধীয়ে মেৰঠ'ৰ "ডিগ্গী" নামৰ এখন গাঁৱত প্ৰতিদিনে ৮ মাহ সৰ্বেক্ষন অভিযান চলাই। গাঁৱৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজনৰ ওচৰত ভোটাৰ পেঞ্চনৰ বিচাৰ ৰাখিলে আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিলে। গাঁৱৰ এজন ব্যক্তিয়ে এটি আচৰ্য্যজনক প্ৰতিক্ৰিয়া ৰাখিলে। এইলোকজনৰ এনে আচৰ্য্যজনক প্ৰতিক্ৰিয়াৰ পিছতে সংসদ সদস্য তথা সাংসদ সকলক দেখা পোৱা গ'ল। ইয়াৰ মাজতে ১৯৯৮ চনৰ এক জুলাই তাৰিখে মেৰঠ'ৰ এটি খেতিয়ক পৰিয়ালে নিজৰ দৰিদ্ৰতাৰ কাৰণে দুটি সন্তানক বিহপান কৰালে আৰু পতি-পত্নীয়ে বিহ' খাই আত্মহত্যা কৰিলে। ইয়াৰে দুটি সন্তানৰ পৰা ৮ বছৰীয়া ছোৱালীজনীক ডাক্তৰে চিকিৎসালয়ত প্ৰান ৰক্ষা কৰিলে। এই দুখজনক খবৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত আছিল। বাতৰিটো পঢ়ি শ্ৰী ভৰত গান্ধীৰ এনে লাগিল যে এই দৰিদ্ৰ পৰিয়ালৰ আত্মহত্যাৰ বাবে তেওঁ নিজে দায়ী। তেওঁৰ বিচাৰ আছিল যে যদি ভোটাৰ পেঞ্চন অধিকাৰ পাই থকা হ'লে এই পৰিয়ালটি দৰিদ্ৰতাৰ কাৰণে নমৰিলহেতেন। পূৱা বাতৰি কাকতখন পঢ়াৰ পাছত দিনটো ভোক নালাগিল। দ্বিতীয় দিনাও খোৱা-বোৱা নকৰিলে, তৃতীয় দিনাও ভোকতে থাকিল। চতুৰ্থ দিনাও একো নাখালে, পঞ্চম দিনাখন স্বাস্থ্যৰ সংকটজনক অৱস্থা। শ্ৰী গান্ধীক চিনি পোৱা লোকসকলে বহু কিবাকিবি শুধাপোছা কৰাত তেওঁ কাৰণটো জনালে। ব্যক্তিজন এজন ৰাজনৈতিক ব্যক্তি আছিল। সেইকাৰণে ব্যক্তিজনে তেওঁক অনশন মানিলে। ব্যক্তিকেইজনে এই খবৰ জিলা উপায়ুক্তক অৱগত কৰিলে। আৰু শ্ৰী ভৰত গান্ধীৰ বিচাৰ ৰাখিলে যে পিতৃ-মাতৃ মৰি যোৱাৰ পিছত বাচিযোৱা সৰু ছোৱালীজনীক ৰাষ্ট্ৰপিতাৰ ফালৰপৰা তাইৰ বেংক একাউন্টত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ আধা অংশৰ পৰা ১৭৫০ টকাকৈ ( ১৯৯৮ চনৰ হিচাপত) দিব লাগে। তেওঁক চিনিপোৱা ব্যক্তিসকলে শ্ৰী ভৰত গান্ধীক দাঙি নি অকলশৰীয়াকৈ উপায়ুক্তৰ ওচৰত বহুৱাই দিলে। এনেকৈয়ে দল'ৰ প্ৰেৰণাদায়ক শ্ৰী ভৰত গান্ধীৰ ব্যক্তিগত প্ৰায়চিত্ত এক ৰাজনৈতিক অনশন লৈ ৰূপান্তৰ ঘটিল। তেতিয়া জিলা উপায়ুক্তই কথাটো গম পালে তেতিয়া তেওঁ খঙতে গান্ধীক আহি কলে, "মই একো কৰিব নোৱাৰো, মৰিব যদি লাগে মৰি যা"। ইয়াৰ পিছত ষষ্ঠ দিন গ'ল। সপ্তম, অষ্টম আৰু নৱম দিন গ'ল। দহ' দিনত চৰকাৰী ডাক্তৰৰ এটা দল আহি ৰিপ'ৰ্ট লিখিলে যে অনশনকাৰীৰ স্বাস্থ্যৰ অৱনতি হৈছে আৰু যি কোনো সময়ত মৰি যাব পাৰে। ইয়াৰ পিছত উপায়ুক্তৰ নিৰ্দেশত ৰাতি ১১:০০ বজাত শ্ৰী গান্ধীক আৰক্ষীয়ে আতক কৰিলে আৰু চিকিৎসালয়লৈ নি বলপূৰ্বক খাদ্য খোৱাবলৈ চেষ্টাৰ লগতে গ্লুকজ দিবলৈ চেষ্টা কৰিলে। শ্ৰী গান্ধীয়ে পুলিচৰ এটা কথাও নুশুনিলে। উপায়ন্তৰ হৈ আৰক্ষীয়ে ৰাতি ১:০০ বজাত শ্ৰী গান্ধীক স্থানীয় থানালৈ লৈ গ'ল। থানাত অনশনকাৰীক লাঠিৰে কোৱাই আৰু বিজুলীৰ চ'ক লগাই খাদ্য খোৱাবলৈ আদেশ দিলে। কিন্তু শ্ৰী গান্ধীৰ লগত কথাবাৰ্তা হোৱাৰ পিছত থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজন সলনি হৈ গ'ল। বিষয়া গৰাকীয়ে শ্ৰী গান্ধীক শাস্তি নিদিয়াৰ সিদ্ধান্ত ল'লে আৰু ওপৰৰ অধিকাৰীক ক'লে যে মই মোৰ চাকৰি এৰি দিব পাৰিম কিন্তু এই ব্যক্তিজনক শাস্তি দিব নোৱাৰিম। তাৰ পিছত আৰক্ষীয়ে শ্ৰী গান্ধীক ৰাতি ২:০০ বজাত কাছাৰীত এৰি থৈ আহিল।য'ৰ পৰা তেওঁক উঠাই আনিছিল। অনশন ১২ দিনলৈ গতি কৰিলে। ১২ দিনৰ পিছতহে এই খবৰ বাতৰি কাকতবোৰে চাপিলে। কাৰণ এই খবৰ নাচাপিবলৈ জিলা উপায়ুক্তই সাংবাদিক সকলক বাধা দি ৰাখিছিল। বাতৰিকাকতত ওলোৱাৰ পিছত স্থানীয় বিধায়ক জন যথা সময়ত আহি উপস্থিত হ'ল। তৎক্ষণাৎ কেন্দ্ৰ চৰকাৰৰ কৃষি মন্ত্ৰী শ্ৰী সোমনাথ শাস্ত্ৰীৰ মাধ্যমেৰে মাননীয় প্ৰধানমন্ত্ৰী অতল বিহাৰী বাজপেয়ীৰ ওচৰলৈ এই খবৰ পঠিয়ালে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী অতল বিহাৰী বাজপেয়ীয়ে এক লাখ টকাৰ এখন চেক' সেই নাবালিকা জনীৰ নামত মঞ্জুৰ কৰিলে। যি জনী ছোৱালীয়ে আত্মহত্যা কৰা পৰিয়ালৰ পৰা বাচি গৈছিল। মাননীয় প্ৰধানমন্ত্ৰীয়ে অনশনকাৰী ভৰত গান্ধীলৈ খবৰ পঠিয়াই জনালে যে আপুনি এই নাবালিকা গৰাকীৰ বাবে ৰাষ্ট্ৰপিতাৰ ফালৰপৰা প্ৰতিমাহে ১৭৫০ টকাকৈ বিচাৰ আছে। গতিকে এক লাখ টকা তাইৰ বেংক একাউণ্টত জমা হ'লে, ১৮ শতাংশ সুতৰ হিচাপত ছোৱালীজনীয়ে মাহত ১৮০০ টকাকৈ পাব। আমি তোমাৰ দাবী মানি লৈছোঁ, গতিকে অনশন ভংগ কৰি দিয়ক। মেৰঠ'ৰ গন্য-মান্য লোক বিশেষকৈ সমাজবাদী নেতা কৃষ্ণ কুমাৰ খান্নাৰ অনুগ্ৰহৰ খাতিৰত শ্ৰী ভৰত গান্ধীয়ে ১৪ দিনৰ অন্তত তেওঁৰ অনশন সমাপ্ত কৰিলে। এতিয়া তেওঁৰ সন্মুখত কেৱলমাত্ৰ নাবালিকা গৰাকীয়েই নহয় দেশৰ সমগ্ৰ ভোটাৰক "ভোটাৰশ্বিপ" অধিকাৰ দিওৱাৰ প্ৰত্যাহ্বান আছে।
শ্ৰী ভৰত গান্ধীয়ে কোনোবা এখন বাতৰি কাকতত পঢ়িবলৈ পালে যে দেশত "বগা ৰঙৰ চাকৰি" মানে চৰকাৰী চাকৰি বিচৰা মানুহ বহুত আছে। কিন্তু ব্যক্তিগত খণ্ডত কাম কৰা মানুহ বিচাৰি পোৱা নাযায়। শ্ৰী গান্ধীয়ে বাতৰি কাকতত এই কথাষাৰ পঢ়াৰ পাছত এনেকুৱা লাগিল যে তেওঁ বহু বছৰৰ পুৰণি প্ৰশ্নৰ উত্তৰ পাই গ'ল। তেওঁ ভাবিলে যদি মজদুৰ বজাৰত গৈ তেওঁ হাজিৰা কাম কৰে তেতিয়া কাৰো একো অসুবিধা নহ'ব আৰু কোনো ব্যক্তিৰ ভাত-কাপোৰ কাঢ়ি লোৱা নোবুজাব। এই ভাৱনাৰে ১৯৯৭ চনৰ গৰমৰ দিনত শ্ৰী ভৰত গান্ধী হাজিৰা বিচাৰি পূৱা পূৱাই মজদুৰ বজাৰলৈ যাবলৈ আৰম্ভ কৰিলে। তেওঁৰ বিশ্বাস জন্মিছিল যে এই কামেৰে তেওঁৰ সংকল্পৰ সুৰক্ষাৰ লগতে উপাৰ্জনৰ পথ মুকলি হ'ব।
মজদুৰ বজাৰলৈ নিয়মিত ভাৱে তিনিমাহ অহা-যোৱাৰ পিছত গম পালোঁ যে মজদুৰ বজাৰৰ পৰিস্থিতি বহুত দুখজনক। কাম বিচাৰি শ্ৰী ভৰত গান্ধী পূৱা ৬:০০ বজাতেই গৈ পাই আৰু কোনো কাম নাপাই ১১:০০ বজাত পুনৰ নিজৰ কোঠালৈ উভতি আহে। তিনি মাহৰ অন্তত শ্ৰী গান্ধীয়ে মজদুৰ বজাৰত কাম বিচাৰি অহা আন এজন মজদুৰৰ উপাৰ্জন জানিব বিচাৰিলে। তেতিয়াহে প্ৰকৃত ঘটনা পোহৰলৈ আহে যে বেছিসংখ্যক মজদুৰে কাম নাপায় ১১:০০ বজাত নিজ নিজ ঘৰলৈ উভতি যায়। তেতিয়া শ্ৰী গান্ধীৰ মগজুত এটা কথা বিজুলীৰ দৰে কোবাই গ'ল যে, মেচিনে মানুহৰ কাম কাঢ়ি নিছে। যি আয় মজদুৰৰ হাতলৈ যাব লাগিছিল, এয়া আজি মেচিনৰ উপাৰ্জন মেচিন মালিকৰ হাতলৈ আৰু মেচিনৰ ফেক্টৰীৰ মালিকলৈ গৈ আছে। যদি মেচিনৰ পৰিশ্ৰম আৰু আয়' হিচাপ কৰা যায় আৰু সেই আয়' মজদুৰক ভগাই দিয়া যায় তেতিয়া নিবনুৱা সমস্যা শেষ হৈ যাব। ইয়াকে পিছলৈ ৰণনীতি কাৰনৰ বাবে "ভোটাৰ পেঞ্চন" বুলি কোৱা হ'ল আৰু ২০০৪ চনত "ভোটকৰ্তাবৃত্তি" অথবা "ভোটাৰশ্বিপ" বুলি কোৱা হৈছে।
১৯৯৬ চনত, শ্ৰী ভৰত গান্ধী মেৰঠ' পালেগৈ। তেওঁৰ সন্মুখত এই প্ৰত্যাহ্বান আছিল যে বিধানসভা আৰু ভাৰতৰ সংসদত এই বিষয়টি কেনেদৰে মান্যতা পোৱা যায় ? কিন্তু ইয়াৰ আগতে আৰু এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। কিয়নো সংসদ এটি বৃহৎ অনুষ্ঠান, তাৰ আগতে ওচৰে পাজৰে বসবাস কৰি থকা লোকসকলক কেনেদৰে সৈমান কৰা যায়। নানান ধৰণৰ মতভেদে ওচৰ-চুবুৰীয়াকেই সৈমান হ'ব নিদিয়ে। সেইকাৰণে যেতিয়ালৈকে মতভেদৰ প্ৰকৃত কাৰণ আৰু জৈৱ-বৈজ্ঞানিক কাৰণ গম পোৱা নাযাব তেতিয়ালৈকে সকলোকে বুজোৱাটো সম্ভৱ নহ'ব। এই প্ৰত্যাহ্বানৰ সন্মুখীন লৈ শ্ৰী ভৰত গান্ধী প্ৰতিদিনে শ্মশান ঘাট লৈ যাবলৈ আৰম্ভ কৰিলে। শ্মশান ঘাটত মানুহৰ ভিৰ হ'লেও নিৰ্জনতা ভংগৰ ভয় নাছিল। মতভেদৰ বাস্তৱিক কাৰণ কি ? মতভেদৰ প্ৰাকৃতিক কাৰণ কি ? মতভেদৰ জৈৱ-বৈজ্ঞানিক কাৰণ কি ? এনেবোৰ তথ্যৰ বিচাৰত শ্ৰী ভৰত গান্ধী বহু সময় ধৰি থমকি ৰৈছিল। বহু গন্য-মান্য ব্যক্তিক সাক্ষাৎ কৰিও কোনো সন্তুষজনক উত্তৰ বিচাৰি নাপালে। আইএএছ, পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত তেওঁ বহু বিষয়ৰ শব্দকোষ পঢ়িছিল। তাতো কোনো উত্তৰ নাপালে। গুৰুত্ব সহকাৰে বাতৰি কাকত পঢ়াৰ অভ্যাস আছিল। কিন্তু কোনো সদুত্তৰ বিচাৰি নাপালে। বিশ্ববিদ্যালয়ৰ বহু প্ৰফেছাৰক সংযোগ কৰিলোঁ। কিন্তু তেওঁলোকৰ তাতো কোনো প্ৰশ্নৰ সন্তোষজনক উত্তৰ নাপালে। ধৰ্ম আৰু আধ্যাত্মিকতাত বিলীন হৈ যোৱা মানুহকো লগ ধৰিলে। কোনো উত্তৰ নাপালে। চাৰিওফালে উত্তৰবিহীন মন লৈ এনে লাগিল যে হয়তো তেওঁৰ উদ্দেশ্য পুৰণ নহ'ব। তেওঁ নিজৰ সংকল্প ভংগ কৰিব লাগিব। তেওঁ ঘৰৰ পৰা আৰ্থিক সহযোগ বিচৰা বন্ধ কৰি দিছিল। এনে সময়ত গভীৰ অৰ্থনৈতিক সংকটে দেখা দিছিল। এটি সৰু কোঠাৰ কেবামাহৰো ভাড়া দিব পৰা নাছিলো। সেইকাৰণে তেওঁ এই সৰু কোঠাতো এৰি নিজৰ সৰু ভায়েকৰ হোষ্টেলত গৈ থাকিব লগাত পৰিছিল। কিন্তু মেৰট'খন সংসাৰৰ কাৰণে বহুতো উপযোগী প্ৰমাণিত হল। দলৰ প্ৰতিষ্ঠাপক শ্ৰী ভৰত গান্ধীৰ কাৰণে সেয়া এক ভয়াবহ সপোনৰ দৰে আছিল। আৰ্থিক সংকটৰ যি পৰিস্থিতিৰ সৃষ্টি হ'ব লগাত পৰিল, তেওঁ এনে জীৱন কেতিয়াও দেখা নাছিল। তেওঁৰ সংকল্প আছিল যে তেওঁ কাৰো ভাত-কাপোৰ কাঢ়ি নিজৰ ৰোজগাৰ তথা আয় নবনাই। এনে কঠিন সময় আহিছিল যে, তেওঁৰ সংকল্প ভংগ হৈ হৈ বাচি গ'ল। সেই দিনবোৰত তেওঁ তেতিয়া শ্মশান ঘাটলৈ দিনত যোৱা কৰিছিল। তেতিয়া ৰাতি সপোন দেখিবলৈ ল'লে। সপোনতে তেওঁ দিনৰ দিনতো মনত দূলা দি থকা প্ৰশ্নৰ উত্তৰ পাবলৈ ধৰিলে। তেওঁ ৰাতি ২-৩ বজাত উঠি আহিব লগাত পৰিছিল। সপোনৰ পৰা সাৰপাই এই প্ৰশ্নৰ উত্তৰৰ ওপৰত কিছু ৰেখাচিত্ৰ বনাইছিল। ৰেখাচিত্ৰ বনাই পুনৰ শুই পৰিছিল। তেওঁ ভাবিছিল যে ৰাতিপুৱা শুই উঠি ৰেখাচিত্ৰৰ ব্যাখ্যা কৰিম। এই প্ৰক্ৰিয়া ১৯৯৮ চনলৈ চলিছিল। তেওঁ সপোনৰ মাধ্যমেৰে বহুতো জ্ঞান লাভ কৰিলে। আৰু যাক নিৰবিচ্ছিন্ন ভাবে লিপিবদ্ধ কৰি গ'ল। এয়া বহু পৃষ্ঠাৰ হৈ যোৱাত তাক ছপা কৰোৱাত অসুবিধা আহি পৰিল। তেওঁ এজন টাইপিষ্টৰ হতুৱাই কেবাহাজাৰ পৃষ্ঠা এটি কম্পিউটাৰত টাইপ কৰালে। কিন্তু টকাৰ অভাৱত উলিয়াই আনিব পৰা নহ'ল। তেওঁ বিশ্বাস কৰিছিল যে এদিন নহয়, এদিন তেওঁৰ টাইপৰ খৰচ কোনোবাই বহন কৰিব আৰু পিছলৈ ধাৰ পৰিশোধ কৰিম। কিন্তু এনেকুৱা একো নহ'ল। প্ৰায় ডেৰ বছৰৰ পাছত টাইপিষ্টজনে এদিন টকা নোপোৱাৰ খঙত সকলো তথ্য নিজৰ কম্পিউটাৰৰ পৰা আঁতৰাই দিলে। পাণ্ডুলিপিত এয়া আজিও মজুত আছে। শ্ৰী ভৰত গান্ধীয়ে সপোনত যি কথা গম পালে, সেয়া তেওঁৰ ভৱিষ্যত চিন্তনৰ আধাৰ বনিলে। পিছলৈ তেওঁ যিমান ৰাজনৈতিক, বৈজ্ঞানিক, ধাৰ্মিক আৰু সাংস্কৃতিক সুধৰণি সম্বন্ধীয় প্ৰস্তাৱ প্ৰস্তুত কৰিলে। এই সকলোবোৰৰ সুতেই এই জ্ঞান। যাক পিছলৈ তেওঁ এটা শব্দত "জিৰপেথ" নাম ৰাখিলে। "জিৰপেথ"ৰ জ্ঞানৰ ওপৰতেই শ্ৰী ভৰত গান্ধীৰ এখনি পুঠিৰ সৃষ্টি হ'ল যাৰ নাম "জনউপনিষদ"। তেওঁৰ দৰ্শন আৰু কিতাপৰ সৃষ্টিতেই আগলৈ গৈ ২০১২ চনত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল, নিশ্চিত হ'ল।
সেই সময়ত শ্ৰী ভৰত গান্ধীৰ হাত বহুত সৰু আছিল। শিক্ষা ব্যৱস্থা সুধৰণীৰ বাবে সংসদ আৰু বিধানসভাৰ পৰা মঞ্জুৰী প্ৰাপ্ত কৰাটো তেওঁৰ কাৰণে সম্ভৱ নাছিল। তেতিয়া ভৰত গান্ধীৰ সন্মুখত দুটা ৰাস্তা আছিল। এটা নিজৰ অধীনস্থ এনজিঅ'ৰ নামত চৰকাৰৰ পৰা পূঁজি মঞ্জুৰ কৰোৱা আৰু নিজৰ ভাত-কাপোৰ যোগাৰ কৰা। দ্বিতীয় ৰাস্তা তেওঁ হাৰ নামানিব আৰু অন্য কোনো ৰাস্তা উলিয়াব। যাৰদ্বাৰা সংসদ্বীয় মঞ্জুৰী পাব পাৰে। শ্ৰী ভৰত গান্ধীয়ে দ্বিতীয় ৰাস্তাকেই বাঁচনি কৰিলে। পৰিনাম স্বৰূপ তেওঁ এই কথা বুজি পালে যে, সংসদ আৰু বিধানসভাক বুজাবলৈ কেৱলমাত্ৰ শিক্ষাত সুধৰণি পৰ্যাপ্ত নহয়। জনসাধাৰণৰ দুখ-দুৰ্দষাকো বুজি পাব লাগে। তেওঁৰ লক্ষ্য আছিল যে এনেকুৱা এটি ৰাস্তা উলিয়াব লাগিব যাৰদ্বাৰা দেশৰ সাধাৰণ নাগৰিকে তেওঁৰ কথা পচন্দ কৰে আৰু ডাঙৰ ডাঙৰ ৰাজনৈতিক দলেও মানিবলৈ আৰম্ভ কৰে।
১৯৯৪ চনত "বিশ্ব বানিজ্য সংগঠন" (GATT) নামৰ এটি বিবাদিত আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পাদিত হৈছিল। যিটো বিষয় ১৯৯১ চনৰ পৰা নিৰবিচ্ছিন্ন ভাবে বিৰুদ্ধ চলি থকাৰ পিছতো ভাৰত চৰকাৰে ১৯৯৪ চনৰ ১৫ এপ্ৰিল তাৰিখে চুক্তিত স্বাক্ষৰিত কৰে। শ্ৰী ভৰত গান্ধীৰ যুক্তি আছিল যে এই আন্তঃৰাষ্ট্ৰীয় চুক্তিয়ে কোম্পানী বোৰৰ ওপৰত চৰকাৰে কৰিব পৰা শাসনৰ অধিকাৰ প্ৰায় সমাপ্ত কৰি দিলে। তেওঁৰ আৰু যুক্তি আছিল যে এতিয়া অৰ্থব্যাবস্থা বিশ্বায়ন হৈ গ'ল আৰু ৰাজব্যৱস্থা দেশৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিল। ইয়াৰ দ্বাৰা সমাজ অৰাজকতাৰ স্থিতিলৈ গতি কৰিছে। ভৰত গান্ধীৰ সেই সময়ৰ যুক্তি আছিল, এতিয়া কেনেদৰে বিশ্ব ৰাঁজ ব্যৱস্থা (বিশ্ব চৰকাৰ) বনোৱা যায়। যি ব্যৱস্থাৰ দ্বাৰা বিশ্ব অৰ্থব্যৱস্থাৰ সঞ্চালন আৰু বিনিময় কৰিব পাৰে। ভাৰতৰ সংসদ আৰু অন্য দেশৰ চৰকাৰৰ মঞ্জুৰী অবিহনে এই কাম সম্ভৱ নাছিল। উক্ত যুক্তিৰ কাৰণ অনুভৱ কৰি শ্ৰী ভৰত গান্ধীয়ে জনসাধাৰণৰ সমস্যা সমুহৰ কাৰণ আৰু নিবাৰণৰ চিন্তা আৰু লিপিৱদ্ধ কৰাৰ কাৰণে নিৰ্জন ঠাই বাচনি কৰিছিল। আৰু তেওঁৰ নিজৰ জনপ্ৰিয় কৰ্মভুমি এলাহাবাদ এৰি ১৯৯৬ চনত মেৰুঠলৈ গুছি গ'ল। যত তেওঁৰ সৰু ভায়েক সেই সময়ত MBBS কৰিবলৈ গুছি গৈছিল।
১৯৯৪ চনৰ ফেব্ৰুৱাৰীত এলাহাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ভৰত ৰাম যাদৱ ২৫ বছৰত ভৰি দিলে। সেই সময়তে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰুদ্ধে গ'ত দুই বছৰ ধৰি আন্দোলন চলি আছিল। এই আন্দোলন ছাত্ৰজনে নিজ চকুৰে দেখিছিল। এই আন্দোলনৰ কাৰণে উচ্চ বৰ্ণৰ সহপাঠী সকলে ছাত্ৰ জনক বহিষ্কাৰ কৰিছিল। কিয়নো ছাত্ৰজন পিছপৰা শ্ৰেণীৰ আছিল। এদিন ছাত্ৰজনে গাঁৱৰ ঘৰলৈ যোৱাৰ সময়তে তেওঁৰ বয়বস্তু একাষৰীয়াকৈ এৰি দি উচ্চ বৰ্ণৰ সহপাঠী দুজনে অন্য কোঠা লৈছিল। উচ্চ বৰ্ণৰ ছাত্ৰৰ দ্বাৰা কৰা এনে দুব্যৱহাৰ দেখি ছাত্ৰজনৰ মনত জাতিবাদৰ বিৰুদ্ধে বিদ্ৰুহ সৃষ্টি হৈছিল। এই বিদ্ৰুহৰ মনোবলতেই ছাত্ৰজনে নিজৰ ২৫ তম জন্মদিনৰ শুভক্ষণত নিজৰ নাম সলনি কৰি "ভৰত গান্ধী" ৰখাৰ সিদ্ধান্ত ল'লে। নাম সলনি কৰি ছাত্ৰজনে জাতিৰ পৰিচয়ৰ সলনি ৰাষ্ট্ৰৰ পৰিচয়েৰে জীৱন অতিবাহিত কৰাৰ পন লয়। তেওঁৰ দৰ্শন এয়াই আছিল যে ৰাষ্ট্ৰপিতাৰ উপাধি "গান্ধী" হোৱাৰ খাতিৰত দেশৰ সমস্ত ৰাষ্ট্ৰ পুত্ৰ/পুত্ৰীৰ উপাধি গান্ধী হ'ব লাগে। এনে দৰ্শনৰ কাৰণে এতিয়া এই ছাত্ৰজন "ভৰত ৰাম যাদৱ"ৰ ঠাইত ভৰত গান্ধী নামেৰে জনাজাত। নাম পৰিবৰ্তনৰ এই সিদ্ধান্তক সকলো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত চাপিলে। এলাহাবাদৰ মিডিয়াত ১৯৯৪ - ৯৫ চনত "নেশ্ব্যনেল ফাউণ্ডেশ্যন অব এডুকেশ্বন ৰিচাৰ্ছ" (NFER)ৰ বিষয়ে প্ৰত্যেক মাহে প্ৰায় ২ -৪ পৃষ্ঠাকৈ চাপিবলৈ ধৰিলে। দৈনিক জাগৰণ, অমৰ উজ্বালা, ৰাষ্ট্ৰীয় ছাহাৰা, স্বতন্ত্ৰ ভাৰত, অমৃত প্ৰভাত, টাইমছ অফ ইণ্ডিয়া, হিন্দুস্তান টাইমছ, নিউজিলেণ্ড আদিৰ দৰে বহু ৰাষ্ট্ৰীয় আৰু স্থানীয় বাতৰি কাকতে শ্ৰী ভৰত গান্ধীৰ দ্বাৰা শিক্ষাৰ ক্ষেত্ৰত দিয়া অভিনৱ পৰামৰ্শত অভিভুত আছিল। এলাহাবাদ আকাশবাণীত ভৰত গান্ধীৰ ব্যাখ্যান সপ্তাহিক পৰিক্ৰমা কাৰ্য্যসূচীত নিয়মিত প্ৰচাৰ কৰিছিল। চৰকাৰৰ শিক্ষা বিভাগে শ্ৰী ভৰত গান্ধীৰ দ্বাৰা প্ৰস্তাৱিত শিক্ষা ব্যৱস্থা সুধৰনীৰ কথাখিনি গভীৰভাৱে নল'লে। ইয়াৰ প্ৰথমটো কাৰণ আছিল যে, ভৰত গান্ধীৰ বয়স বহুত কম আছিল। আৰু তেওঁ অনুজ্ঞাপত্ৰিত শিক্ষাবিদ নাছিল। দ্বিতীয়তে, তেওঁৰ দ্বাৰা প্ৰস্তাৱিত শিক্ষা ব্যৱস্থা সুধৰণী আৰম্ভ কৰিবলৈ সংসদ তথা বিধানসভাত মঞ্জুৰী আৱশ্যক আছিল। ১৯৯৫ চনলৈ ভৰত গান্ধীক মিডিয়াই শিক্ষাবিদ হিচাপে মানি লৈছিল কিন্তু চৰকাৰে মানি লবলৈ বাধ্য নাছিল।
প্ৰায় এবছৰ অতিবাহিত হোৱাৰ পিছত ১৯৯৩ চনত সেই মেধাৱী ছাত্ৰ ভৰত ৰাম যাদৱে মাত্ৰ অসামৰিক সেৱাৰ পৰীক্ষাই নহয়, পঢ়া-শুনা এৰি নিজৰ শৈক্ষিক জীৱন এৰাৰ সিদ্ধান্ত ল'লে। ছাত্ৰজনে নিজ ঘৰত সমান্তৰাল প্ৰস্তাৱ ৰাখি ক'লে যে, তেওঁ বিবাহৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থাৰ পৰা নিজকে আঁতৰাই ৰাখিছে। ছাত্ৰজনে লগতে নিজ ঘৰখনক স্পষ্টকৈ জনাই দিলে যে তেওঁ আইএএছ, হ'ব নিবিচাৰে আৰু ৰোজগাৰৰ এনে কাম কেতিয়াও নকৰে, যি কামে বেলেগৰ ভাত-কাপোৰ কাঢ়ে। এনে মেধাৱী ছাত্ৰৰ কথা শুনি পৰিয়ালৰ ওপৰত দুখৰ পাহাৰ খহি পৰিল। কিয়নো এই কৃষক তথা মজদুৰ পৰিয়ালে নিজৰ সৰ্বোচ্চ উজাৰি ল'ৰাক পঢ়োৱাইছিল। ল'ৰাৰ প্ৰতিভা দেখি ঘৰখনে সপোন ৰচি ছিল যে এইজন ল'ৰাই এদিন এইখন পৰিয়ালৰ দুখ কষ্ট লাঘৱ কৰিব। তথাপিও পৰিয়ালটোৱে এই ছাত্ৰজনৰ ইমান গভীৰ আৰু আত্মঘাতী সিদ্ধান্তৰ সহযোগ কৰাৰ সিদ্ধান্ত ল'লে। ইয়াৰ কাৰণ এয়াই আছিল যে ল'ৰাজনে সৰুৰে পৰা কোনো ধৰণৰ ভুল সিদ্ধান্ত লোৱা নাছিল। এই ল'ৰা জনৰ জন্ম মুম্বাই চহৰৰ এক ফেষ্টৰী শ্ৰমিক পৰিয়ালত ১৯৬৯ চনত হৈছিল। এজন শ্ৰমিকৰ কাৰণে মুম্বাইত ল'ৰা-ছোৱালী পঢ়োৱাটো সম্ভৱ নাছিল। সেইকাৰণে পিতৃয়ে ল'ৰা-ছোৱালীক পঢ়াবলৈ নিজৰ পৈতৃক জিলা উত্তৰ প্ৰদেশৰ জৈনপুৰলৈ পঠিয়াই দিলে। এই ল'ৰা জনৰ প্ৰাথমিক শিক্ষা গাঁৱৰ চৰকাৰী বিদ্যালয়ত হৈছিল। তেতিয়া ভৰত ৰাম যাদৱ নামৰ ছাত্ৰজনে নিজৰ শৈক্ষিক জীৱন অন্ত কৰাৰ সিদ্ধান্ত ল'লে, তেতিয়া তেওঁৰ ওচৰত কোনো কাম নাছিল। সেইকাৰণে ১৯৯৩ চনত তেওঁ নিজৰ ২৪ বছৰ বয়সতে শিক্ষা ব্যৱস্থা সুধৰণী কৰাৰ কাৰণে "নেশ্বন্যেল ফাউণ্ডেশ্যন অৱ এডোকেশ্যন এণ্ড ৰিচাৰ্ছ (NFER) নামৰ এক নিজস্ব সংগঠন পঞ্জীয়ন কৰায়। এই সংগঠনে দেখ-দেখকৈ এলাহাবাদত খ্যাতি অৰ্জন কৰিলে
ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল, (ভিপিআই) প্ৰতিষ্ঠাৰ শিপা ১৯৯২ চনৰ কিছু ঘটনাৰ পৰা আৰম্ভণি হ'ল। এই ঘটনাৰ সম্বন্ধ এলাহাবাদ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰৰ। এই ছাত্ৰ জনৰ নাম আছিল ভৰত ৰাম যাদৱ। যিজনক পিছলৈ ভৰত গান্ধী আৰু বিশ্বাত্মা নামেৰে জনাজাত। ১৯৯২ চন, উত্তৰ প্ৰদেশ লোকসেৱা আয়োগৰ (অসামৰিক) প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল। এই ছাত্ৰজনে এনে পৰীক্ষাত পোন প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল আৰু ছাত্ৰজনক ফলাফল সফল ঘোষণা কৰিছিল। অন্য সফল পৰীক্ষাৰ্থীৰ দৰে তেওঁকো মুল পৰীক্ষাৰ বাবে আমন্ত্ৰিত কৰিছিল। নিজকে অন্য পৰীক্ষাৰ্থীৰ পৰা আঁতৰাই ৰাখি, বেলেগ পথ বিচাৰি ছাত্ৰ জনে মুল পৰীক্ষাৰ পৰা আতঁৰি থকাৰ সিদ্ধান্ত ললে। ইয়াৰ কাৰণ আছিল যে, ছাত্ৰজন এই কথাত ব্যাথিত আছিল যে, সেই সময়তে এজন জ্যেষ্ঠ ছাত্ৰই আইএএছ (IAS) প্ৰতিযোগিতা মূলক পৰীক্ষাত অসফল হৈছিল। অসফল ছাত্ৰ জনৰ ঘৰত দুখৰ ছাঁ পৰিছিল। তেতিয়াই তেওঁৰ এনে লাগিল, তেওঁ এইএএছ, পৰীক্ষাত সফল হৈ গ'লেই আৰু বেলেগ এজনৰ ঘৰত দুখৰ কাৰণ হৈ পৰিব আৰু তেওঁ বেলেগৰ চাকৰি কাঢ়ি লোৱা হ'ব। ছাত্ৰজনে তেওঁৰ মাত্ৰ ২৩ বছৰ বয়সতে সিদ্ধান্ত ল'লে যে তেওঁ এনেকুৱা একো কাম কেতিয়াও নকৰে, যি কামৰদ্বাৰা বেলেগ এজনৰ অন্ন-বস্ত্ৰ কাঢ়ি লোৱা হয়। এনে সংকল্পই ছাত্ৰজনৰ জীৱনৰ ৰাস্তা সলনি কৰি দিলে। এই সংকল্পই পিছলৈ ছাত্ৰজনৰ জীৱনলৈ এফালে ভয়াবহ দুখলৈ ঠেলি দিলে আৰু আনফালে সমগ্ৰ বিশ্বৰ মানৱতাৰ কাৰণে এক নতুন ৰাষ্টা মুকলি কৰি দিলে। এই সংকল্পই ২০ বছৰ অতিক্ৰম কৰাৰ পিছত ২০১২ চনত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল দলৰ জন্মৰ কাৰণ হ'ল