২০১২ চনৰ কনৌ'জ অপহৰণ কাণ্ড

ভোটাৰক জন্মগত অৰ্থনৈতিক অধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক অধিকাৰ দিয়াৰ কাৰণে দলৰ প্ৰতিষ্ঠাপকৰ প্ৰস্তাৱৰ আবেদনক ১০০ জনকৈও অধিক সাংসদে সংসদৰ দুয়োখন সদনত উত্থাপন কৰিবলৈ প্ৰস্তুতি চলাইছিল আৰু জাননী লৈ সংসদত চৰ্চাৰ আহ্বান জনাইছিল। ২০০৫ চনৰ পৰা ২০১১ চনৰ মাজত প্ৰস্তাৱখন দুয়োখন সদনত প্ৰস্তুত কৰিছিল। সত্বাত থকা দল আৰু মুল বিৰুধী দলৰ অধ্যক্ষ সকলে এই প্ৰস্তাৱৰ বিৰুধীতা কৰিলে। য'ত অ' মনোবৃত্তিৰ সাংসদ সকলে সমৰ্থন কৰিছিল। সেইকাৰণে নতুন দল গঠন কৰি কেৱল দলৰ অধ্যক্ষ সকলৰ নিৰ্বাচনী ক্ষেত্ৰত তেওঁলোকক ৰাজনৈতিক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছিল।


কনৌজ অপহৰণ কাণ্ডৰ ঘটনাক্ৰম

দলৰ অধ্যক্ষসকলৰ নিৰ্বাচনী ক্ষেত্ৰত তেওঁলোকক ৰাজনৈতিক প্ৰত্যাহ্বান দিয়াৰ সিদ্ধান্ত ওপৰত ২০১২ চনত কনৌজ লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অহাত তেতিয়াৰ মূখ্যমন্ত্ৰী শ্ৰী অখিলেশ যাদৱৰ পত্নীৰ বিৰুদ্ধে দলে নিজৰ প্ৰথম প্ৰাৰ্থী ঠিয় কৰোৱাৰ সিদ্ধান্ত লয়। দলীয় প্ৰৰ্থীৰ লগতে তিনিজন নেতাক মূখ্যমন্ত্ৰীয়ে আৰক্ষী আৰু অপৰাধী লোকৰ জৰিয়তে ২০১২ চনৰ ৬ জুন তাৰিখে দিনদুপৰতে উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা অপহৰণ কৰোৱায়। পিছত পোৱা খবৰৰ ভিক্তিত আৰু দুজন লোকৰ অপহৰণ হ'ল। স্বদেশ য়াদৱ আৰু ৰাম সিঙ লোডী। এই দুজন ক্ৰমে ম্যেনপুৰী আৰু আৰৈয়া জিলাৰ আছিল


কনৌজ অপহৰণ কাণ্ডৰ ওপৰত আইনী কাৰ্যব্যৱস্থাৰ ঘটনাক্ৰম


বিশ্বাত্মাই উচ্চতম ন্যায়ালয়ত তৰিলে গোচৰ

ডেৰ মাহৰ পিছত ২০১২ চনৰ ২৩ জুলাই তাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ত শ্ৰীমতী ডিম্পল যাদৱৰ নিৰ্বাচনৰ ওপৰত নিৰ্বাচনী আবেদন দাখিল কৰি আপত্তি দৰ্শালে। উচ্চ ন্যায়ালয়ত উপস্থিত নোহোৱাৰ কাৰণে যেতিয়া একচেটিয়া শুনানীৰ আদেশ উচ্চ ন্যায়ালয়ে দিলে। তেতিয়া ডিম্পল যাদৱে নিজৰ উকীলৰ মাধ্যমেৰে উপস্থিত হ'ল। উকীল সেইজনেই আছিল গজেন্দ্ৰ সিঙ, যিজন মূখ্যমন্ত্ৰীৰ ব্যক্তিগত বিষয়া (PRO) আছিল। আৰু অপহৰণ কাণ্ডৰ মুল পৰিকল্পনাকাৰী আছিল। ইয়াৰ পিছত প্ৰাৰ্থী আৰু দলৰ মূখ্য শ্ৰী ভৰত গান্ধীলৈ প্ৰানে মৰা'ৰ ভাবুকি আহি থাকিল। ভিপিআই' প্ৰমুখ শ্ৰী ভৰত গান্ধীয়ে মাননীয় উচ্চতম ন্যায়ালয়ত ৰিট' আবেদন দাখিল কৰি কনৌজ অপহৰণ কাণ্ডৰ গোচৰত নিজে উকালটি কৰে আৰু মাননীয় উচ্চতম ন্যায়ালয়ক চিবি'চিআইডি' তদন্তৰ আহ্বানৰ লগতে নিজৰ আৰু প্ৰাৰ্থীজনৰ কাৰণে পুলিচ সুৰক্ষা বিচাৰে। উচ্চতম ন্যায়ালয়ে ২০১৩ চনৰ ২২ জানুৱাৰী তাৰিখে আদেশৰ ভিক্তিত চিবিআই তদন্তৰ নিৰ্দেশ নিদিলে যদিও শ্ৰী ভৰত গান্ধী আৰু তেওঁৰ দলৰ প্ৰাৰ্থীক পুলিচ সুৰক্ষা দিবলৈ উত্তৰ প্ৰদেশৰ আৰক্ষী সঞ্চালকক আদেশ জাৰি কৰিলে। মাননীয় উচ্চতম ন্যায়ালয়ৰ আদেশৰ অনুপালন অখিলেশ চৰকাৰে পাঁচ বছৰলৈকে হ'বলৈ নিদিলে। উচ্চতম ন্যায়ালয়ৰ পৰা ন্যায় নোপোৱা দেখি শ্ৰী ভৰত গান্ধীয়ে ২০১৩ চনৰ ১১ নবেম্বৰ তাৰিখে মানৱাধিকাৰ আয়োগত আবেদন দাখিল কৰি নিজৰ সুৰক্ষা বিচাৰে। লগতে চিবিআই' তদন্ত বিচাৰে।

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ দ্বাৰা তদন্তৰ আদেশৰ পিছত উত্তৰ প্ৰদেশ শাসকৰ নগ্ন নাচ

২০১৫ চনৰ ২ মাৰ্চ তাৰিখে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে উত্তৰ প্ৰদেশ আৰক্ষীৰ সমস্ত তদন্তৰ ৰিপ'ৰ্ট নাকচ কৰি আৰক্ষী আয়োক্তক আদেশ দিলে যে তেওঁ নিজৰ স্তৰত তদন্ত কৰাই ৰিপ'ৰ্ট পঠিয়াৱক। আয়োগৰ পৰা আদেশ পোৱাত কানপুৰ দেহাতৰ এএছপি' ঋষি পাল সিঙ যাদৱক তদন্ত বিষয়া বনাই। যিজনে তদন্ত কম আৰু অপৰাধ বেছি কৰে। তেওঁ অভিযুক্ত আৰু অপৰাধি সকলক লগত লৈ ততা-তয়াকৈ আবেদনকৰ্তাৰ ঘৰত তালাচী লৈ মনেসজা তথ্য দিবলৈ বাধ্য কৰালে। দলৰ প্ৰাৰ্থী প্ৰভাত পাণ্ডেক ২০১৫ চনৰ ২৭ এপ্ৰিল তাৰিখে তেওঁৰ ঘৰৰ পৰাই অপহৰণ কৰি নিয়ে। আৰু অসনীয় যাতনা দিয়ে। বহু উকা কাগজত চহী কৰাই ল'লে। নিজ ইচ্ছামতে মনেসজা তথ্য লিপিবদ্ধ কৰি চহী কৰাই ল'লে। সমাজবাদী পাৰ্টীত ইচ্ছানুযায়ী ভৰাই লৈ গ'ল। গায়ত্ৰী প্ৰজিপতিৰ মাধ্যমেৰে তেওঁৰ ওপৰত বলৎকাৰৰ গোচৰ ৰুজু কৰি ল'লে। এই গোচৰত ভৰত গান্ধীক ফচোৱাৰ চেষ্টা কৰা হ'ল। প্ৰভাত পাণ্ড ভাঙি পৰিল আৰু তেওঁলোকৰ পক্ষ ল'বলৈ বাধ্য হৈ পৰিল। কিন্তু ফোনত ৰেকৰ্ড হৈ যোৱাৰ কাৰণে শ্ৰী ভৰত গান্ধীয়ে আয়োগক ৰেকৰ্ডৰ চিডি' তথ্য সহকাৰে জমা কৰি দিলে। আয়োগে ২০১৬ চনৰ ১৬ অক্টোবৰ তাৰিখে পিছৰ আদেশ জাৰী কৰিলে আৰু আয়োগে উচ্চতম ন্যায়ালয়ৰ আদেশৰ ওপৰত কৰা কাৰ্যব্যৱস্থাৰ ৰিপ'ৰ্ট খুজিলে। কিন্তু আৰক্ষী আয়ুক্তক অখিলেশ চৰকাৰে এই ৰিপ'ৰ্ট পঠিয়াই নিদিলে।

বিশ্বাত্মাৰ ওপৰত সমাজবাদীৰ গুণ্ডাৰদ্বাৰা কেবাবাৰো আক্ৰমন

ইয়াৰ ভিতৰতে ভৰত গান্ধীৰ লক্ষ্ণৌস্থিত বাসভৱনত ২০১৫ চনৰ ৪ জুলাই তাৰিখে হাতে হাতে অস্ত্ৰ লৈ আক্ৰমণ কৰি দিলে। কিন্তু সেইদিনা ভৰত গান্ধী দিল্লীত আছিল, সেইকাৰণে বাচি গ'ল। আক্ৰমনৰ ঘটনাৰ খবৰ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগক দিয়া হয়। মানৱাধিকাৰ আয়োগে ২০১৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গৃহ সচীৱ দেবাশিষ পাণ্ডেক আদেশ দিলে যে এই সকলো ঘটনাক্ৰমৰ ওপৰত চিবি'চিআইডি' তদন্ত কৰাওক আৰু ভৰত গান্ধী আৰু তেওঁৰ পৰিয়ালক সুৰক্ষাৰ সু ব্যৱস্থা কৰি ছয় সপ্তাহৰ ভিতৰত ৰিপ'ৰ্ট কৰক। কিন্তু অখিলেশ চৰকাৰে চিবি'চিআইডি' তদন্তৰ অনুমতি নিদিলে। চিবি'চিআইডি'য়ে ২০১৬ চনৰ ৮ চেপ্তেম্বৰ তাৰিখে ভৰত গান্ধীক পত্ৰ যোগে জনাই যে ঘটনাক্ৰমৰ ওপৰত মোৰ এজেঞ্চীয়ে তদন্ত কৰিবলৈ শাসক পক্ষৰ পৰা অনুমতি পোৱা নাই। শ্ৰী ভৰত গান্ধীৰ ওপৰত চাৰিবাৰ আক্ৰমন কৰা হ'ল। এই খবৰ শ্ৰী ভৰত গান্ধীয়ে মানৱাধিকাৰ আয়োগক তথ্য সহকাৰে জনালে। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ওচৰত এটাই ৰাষ্টা আছিল যে উত্তৰ প্ৰদেশৰ মূখ্য গৃহ সচীৱ শ্ৰী দেবাশিস পাণ্ডাক আটক কৰাৰ ৱাৰেন্ট জাৰি কৰি আটক কৰা আৰু দিল্লীলৈ লৈ অনা যাওক। কিন্তু তেতিয়ালৈ চৰকাৰ সলনি হৈ গ'ল আৰু ২০১৭ চনত যোগী চৰকাৰৰ তৰফৰ পৰা শাসনাদেশ জাৰি কৰি দিলে আৰু চিবি'চিআইডি' তদন্তৰ অনুমতি প্ৰদান কৰিলে। অনুমতিৰ ১৫ দিনৰ পিছত অৰ্থাৎ ১৯ এপ্ৰিল তাৰিখে গৃহ সচিৱৰ ফালৰ পৰা নতুন আদেশ জাৰী কৰি শ্ৰী ভৰত গান্ধীক পুলিচ সুৰক্ষা দিয়াৰ আদেশ জাৰী কৰিলে। কিন্তু আজি পৰ্যন্ত সুৰক্ষা নাপালে। কিয়নো সুৰক্ষা বিভাগত তেতিয়াও অখিলেশৰ আদেশ পালন কৰা বিষয়া-কৰ্মছাৰী কাম কৰি আছিল যিসকলে সুৰক্ষাৰ তদন্তৰ নামত বাৰে বাৰে মিছা তথ্য চৰকাৰক পঠিয়াই আছিল।

উত্তৰ প্ৰদেশ চৰকাৰৰ মঞ্জুৰীৰ লগে লগে কনৌজ অপহৰণ কাণ্ডৰ চিবি'চিআইডি' তদন্ত আৰম্ভ।

চিবি'চিআইডি'য়ে সৰ্ব প্ৰথমে আবেদনকাৰী আৰু ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ মূখ্য ভৰত গান্ধীৰ বক্তব্য বহলৰূপত জানকীপুৰাম লক্ষ্ণৌত শ্ৰী গান্ধীৰ আবাসত ৰেকৰ্ড কৰে। অপহৰণ কাণ্ডৰ সম্পূৰ্ণ পৰিকল্পনা মূখ্যমন্ত্ৰী অখিলেশ যাদৱৰ দ্বাৰা নিজৰ পত্নীক কনৌজ লোকসভা সমষ্টিৰ পৰা নিৰ্বিৰুধ সাংসদ বনাবৰ কাৰণে ৰচা হৈছিল। কিয়নো ফিৰুজাবাদত ৰাঁজবাব্বৰক হৰুৱাৰ পিছত পূৰ্ব মূখ্যমন্ত্ৰী অখিলেশ যাদৱে পুনৰ কোনো নতুন প্ৰত্যাহ্বান লব খোজা নাছিল। ভিপিআই' প্ৰধানে কয় যে তেওঁৰ দলৰ প্ৰভাত পাণ্ডে, স্বদেশ যাদৱ আৰু ৰাম সিঙ লোডীক অপহৰণ কৰা হ'ল। যেতিয়া প্ৰভাত পাণ্ডে কনৌজ লোকসভা সমষ্টিৰ পৰা উপ-নিৰ্বাচনৰ ভিপিআই'ৰ প্ৰতিনিধি হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছিল।

কনৌজ অপহৰণ কাণ্ডৰ পিছফালে নিৰ্বাচনী বিষয়া আৰু সমাজবাদী দলৰ নেতাসকলৰ মাজৰ মিত্ৰতা

আবেদক ভৰত গান্ধীয়ে কলে যে চহৰখনৰ আৰক্ষীয়ে মুক্ত ৰূপত অপহৰণকাৰী সকলক সহায় কৰি আছিল। তেতিয়াৰ জিলাঅধিকাৰী চিল্বা কুমাৰী সমগ্ৰ অপহৰণ কাণ্ডৰ সহায়িকা আছিল। আৰু নিৰ্বাচন আয়োগৰ সলনি অখিলেশ যাদৱৰ প্ৰতিনিধিৰ ৰূপত কাম কৰি আছিল। শ্ৰী গান্ধীয়ে অভিযোগ কৰি কয় যে অপহৰণ কৰাবলৈ সকলো অপৰাধিক বগা কুৰ্টা-পায়জামা আৰু বগা পেন্ট-চাৰ্ট পিন্ধাইছিল। হয়তো এইকাৰণেই এনে কৰা হৈছিল চাগে তেওঁলোকক চিনি পোৱাত অসুবিধা হয়। অপহৰণৰ কাৰণে ধমক দি থকাসকল বেলেগ আছিল। যি সকলে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহা লোকসকলৰ পৰা মনোনয়ন কাঢ়ি নি টুকুৰা-টুকুৰকৈ ফালি বতাহত উৰুৱাই দিছিল। ইয়াৰ পিছত স্থানীয় আৰক্ষী বিষয়া আৰু থানাৰ বিষয়াসকলে মনোনয়ন দাখিল কৰিবলৈ অহা আৰু প্ৰস্তাৱক সকলক ঠেলা-হেচাঁ তথা মাৰ-পিট কৰি কনৌজ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চিকচিকীয়া গাড়ীৰ সন্মুখত ঠেলা মাৰি নিছিল, য'ত সমাজবাদী পাৰ্টিৰ পতাকা লগাই ৰখা আছিল। গাড়ীত আগৰেপৰাই বহিথকা অপৰাধিজনে নিজৰ পিষ্টলেৰে অপহৰণ কৰা সকলৰ কানৰ ওচৰত টুৱাই লৈ আনখন হাতেৰে ডিঙিত ধৰি গাড়ীৰ চিটৰ তলত লেপেটকাৰী বহি যাবলৈ বাধ্য কৰাইছিল।ইয়াৰ পিছত যাতে অপহৰণ কৰা লোকসকলে ঠাই আৰু মানুহ চিনি নাপাবৰ কাৰণে চকুত কাপোৰ বান্ধি দিছিল। আৰু গাড়ী চালকে কোনোবা ঠাণ্ডা গোদামত গাড়ীখন লৈ যায়। য'ত চকুৰ পৰা কাপোৰবোৰ খুলি দি পানী খাবলৈ দিয়া হয়। ইয়াৰ পিছত পুনৰ চকুত কাপোৰ বান্ধি অজ্ঞাত ঠাইলৈ লৈ গৈছিল। য'ত শ শ লোকক অপহৰণ কৰি সপ্তাহ আগৰ পৰা ৰখা হৈছিল। ২০১২ চনৰ ৬ জুন তাৰিখে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল। উক্ত দিনা সন্ধিয়া অপহৰণ কৰা লোকসকলক জংঘলৰ বহু ভিতৰলৈ নি এৰি দিলে। ইয়াত তদন্তৰ মূল বিষয় হৈছে কিছু কিছু লোকক হত্যা কৰা হ'ল নে নহ'ল ?

ৰাজনীতি সুধৰনি কৰিবলৈ বিশ্বাত্মাই পুন:পতিয়াকৈ প্ৰত্যাহ্বান জনালে সমাজবাদী পাৰ্টিক

ৰাজনৈতিক সুধৰনীৰ কাৰনে ভৰত গান্ধীৰ প্ৰস্তাৱ প্ৰায় সকলো দলৰ ১৩৭ জন সাংসদে সংসদত দাখিল কৰিছিল। ৰাজ্যসভাৰ ষ্টেন্দিঙ সমিতিখনে ২০১১ চনত ভৰত গান্ধীৰ মুল কিছু কথা লাগু কৰিম বুলি কথা দিছিল। ইয়াৰ পিছতো যেতিয়া আইন নবনিলে তেতিয়া শ্ৰী ভৰত গান্ধীৰ সমগ্ৰ সমৰ্থকে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলৰ গঠন কৰে। এই দলে ৰাজনীতিৰ পৰা অপৰাধ দূৰ কৰা এজেণ্ডাৰ ওপৰত কাম কৰি আছে। সেইকাৰণে দলে অপহৰণৰ চিকাৰ হোৱা কিছু লোকক লগ ধৰে আৰু সংযুক্ত ৰূপত আইনী যুজ দিয়াৰ আহ্বান জনায়। কিন্তু অপহৰণৰ চিকাৰ হোৱা লোকসকল অপহৰণৰ সময়ত দিয়া যাতনাত ইমানেই ভয়ত আছিল যে কোনেও এই অপৰাধিক ব্যৱস্থাৰ বিৰুদ্ধে পুলিচ অথবা আদালতত আৱাজ উঠাবলৈ সাহস কৰা নাই। শেষত এই আইনী যুজ ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেলে অকলে যুজিবলগীয়া হৈছে। য'ত দলৰ যিসকল লোকক আইনী যুজ দিয়াৰ বাবে মনোনীত কৰা যায়,তেওঁলোকক অখিলেশ যাদৱে নিজৰ অস্ত্ৰ-সস্ত্ৰৰে সু-সজ্জিত অপৰাধিক তেওঁলোকৰ ঘৰলৈ পঠিয়াই ভয়-ভাবুকি প্ৰদান কৰি আইনী যুজৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰালে। সেইকাৰণে শেষত আইনী যুজৰ সকলো দায়িত্ব ভৰত গান্ধীয়ে নিজে লব লগা হ'ল। ফলশ্ৰুতিত শ্ৰী গান্ধীয়ে কনৌজ অপহৰণ কাণ্ডক লৈ ২০১৩ চনৰ ২২ জানুৱাৰী তাৰিখে উচ্চতম ন্যায়ালয়ত নিজে উকালতি কৰে আৰু ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগত সকলো আইনী কাৰ্যব্যৱস্থা নিজে নিজৰ নাযত কৰিলে। সেইকাৰণেই হয়তো তেওঁৰ ওপৰত অখিলেশ যাদৱে তিনি বাৰকৈ হত্যাৰ পৰিকল্পনাৰে আক্ৰমণ কৰোৱালে কিন্তু ভাগ্যৰ বলত তিনিবাৰেই তেওঁ সুৰক্ষিত হৈ ৰ'ল। এই আক্ৰমন বোৰৰ ওপৰতো চিবি'চিআইডি'য়ে তদন্ত চলাই আছে।

চৰকাৰ সলনি হৈ যোৱাৰ পিছত ২০১৭ চনত চিবি' চিআইডি'ক তদন্তৰ ভাৰ

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে কনৌজ অপহৰণ কাণ্ডৰ তদন্ত চিবি'চিআইডি'ৰ দ্বাৰা কৰোৱা আদেশ ২৪ ফেব্ৰুৱাৰী ২০১৬ চনত উত্তৰ প্ৰদেশ চৰকাৰক দিছিল। কিন্তু অখিলেশ যাদৱৰ হেঁচাত গৃহ সচীৱ দেবাশিষ পাণ্ডাই আয়োগৰ আদেশ পালন কৰিবলৈ মানা কৰি দিলে। মানা কৰি দিয়াৰ এই খবৰ চিবি'চিআইডি'য়ে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ আৰু আবেদক ভৰত গান্ধীক ২০১৬ চনৰ ৮ চেপ্তেম্বৰ তাৰিখে পত্ৰৰ মাধ্যমেৰে সেই সময়ত দিছে যেতিয়া সুচনা অধিকাৰৰ মাধ্যমেৰে তথ্য বিচাৰিলে। চিবি'চিআইডি'ৰ দ্বাৰা দিয়া খবৰ পোৱাৰ পিছত আয়োগে বেলেগ আদেশ দিয়াৰ পক্ষত আছিল। কিন্তু তেতিয়ালৈ ৰাজ্যত চৰকাৰ সলনি হৈ গ'ল। যোগী আদিত্যনাথৰ চৰকাৰে মানৱাধিকাৰ আয়োগৰ আদেশৰ ভিক্তিত ২০১৭ চনৰ ৩ এপ্ৰিল তাৰিখে শাসনাদেশ জাৰি কৰি ৰাজ্যখনৰ চিবি'চিআইডি'ক কনৌজ অপহৰণ কাণ্ড আৰু ভৰত গান্ধীৰ ওপৰত কৰা আক্ৰমণৰ তদন্তৰ ভাৰ অৰ্পণ কৰে। এই তদন্ত কৰাবৰ কাৰণে চিবি'চিআইডি'ৰ মূখ্য কাৰ্য্যালয়ে কানপুৰ IG ক দায়িত্ব অৰ্পণ কৰে। আয়োগৰ নিৰ্দেশানুসৰি ভৰত গান্ধীক পুলিচ সুৰক্ষা দিয়া সম্বন্ধীয় কাৰ্যব্যৱস্থাও ৰাজ্যৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা কৰি আছে।


Open chat
Any query?
We are here to help you regarding
the new political system.