ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল
দলৰ নীতিসমুহ
বিশ্বৰ সকলো নাগৰিক'ৰ সমস্যা সমুহৰ সামাধান বিশ্বৰ সকলো নাগৰিকৰ দ্বাৰা বিশ্ব নাগৰিকৰ বাবে কৰা যাব।
বিপিএল, এপিএল, এছটি, এছচি, অবিচি আৰু মহিলাৰ জনসংখ্যা অনুপাতে অংশীদাৰী
ভোটাৰ্চ পাৰ্টি ইন্টাৰনেছনেল, VPI একমাত্ৰ দল, যি দলে ভাৰতৰ বিপিএল, এপিএল, অনুসূচীত জাতি/জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু মহিলা সকলক ধন-সম্পত্তি, ৰাষ্ট্ৰীয় আয়, চাকৰি আৰু শিক্ষন প্ৰতিষ্ঠানত জনসংখ্যা অনুপাতে অংশীদাৰী দিয়াবৰ বাবে সংগ্ৰাম কৰি আছে।
দেশৰ জনসাধাৰণৰ আন্তঃৰাষ্ট্ৰীয় অধিকাৰ
নিজৰ দেশৰ জনসাধাৰণৰ আন্তঃৰাষ্ট্ৰীয় আৰু বৈশ্ব্যিক অধিকাৰবোৰ দিয়াবৰ কাৰণে আৰু পূৰ্বৰ বৃহত্তৰ (অখণ্ড) ভাৰত বনাই ভাৰতৰ ঐতিহাসিক গৌৰৱ ওভতাই আনিবলৈ কাম কৰি থকা একমাত্ৰ দল
নেতাৰ নহয়, ভোটাৰৰ সমৃদ্ধিৰ বাবে কৰ্মৰত একমাত্ৰ দল
মেচিনৰ পৰিশ্ৰম, প্ৰাকৃতিক সংশোধন আৰু আইনৰ অস্তিত্বৰ কাৰণে উৎপাদন হোৱা ৰাষ্ট্ৰীয় আয় সকলো জনসাধাৰণক সমান ৰূপত ভগাই দিয়াৰ আইন হৈ গ'লে ২০২০ চনৰ হিচাপত ভাৰতৰ সকলো এপিএল আৰু বিপিএল ভোটাৰে প্ৰতিমাহে ৮০০০ টকাকৈ পাবলৈ আৰম্ভ কৰিব। এই অংশীদাৰীকেই "ভোটাৰশ্বিপ" বুলি কোৱা হৈছে।
সকলোৰে বাবে ৰোজগাৰ আৰু আয়
ৰোজগাৰ মাত্ৰ কেইজনমানক নহয়, সকলো জনসাধাৰণে পাওক। সমাজ আৰু ৰাজনীতি সুধৰাৰ বাবে কৰ্মৰত সকলো লোক'কে চৰকাৰৰ পৰা বেতন দিয়াবৰ বাবে কৰ্মৰত একমাত্ৰ দল।
পূঁজিপতিৰ গোলামীৰ পৰা মুক্ত দল
এয়াই একমাত্ৰ দল, যি দলে নিজৰ খৰচ উলিয়াবৰ বাবে আচৰিত ব্যৱস্থা উলিয়াইছে। বাকী বেছিভাগ "নেতাৰ দল" নিজৰ খৰচৰ বাবদ অতি ধনৱানৰ ওপৰত নিৰ্ভৰশীল হয় আৰু তেওঁলোকৰ হাতৰ "ৰিমট কন্ট্ৰল' হৈ সঞ্চালিত হয়।
"টোপ দিয়ক আৰু শোষন কৰক" এনে কু-নীতিৰ পৰা আঁতৰত থকা একমাত্ৰ দল
এয়াই একমাত্ৰ দল হয়, যি দলে নিবিচাৰে যে, ভোটাৰৰ শক্তিক বিভাজন কৰি ক'ম সংখ্যক পূঁজিপতিয়ে বেছি সংখ্যক সমাজখনক শোষন কৰক তথা শোষণ কৰাৰ সুবিধা দিয়া যাঁওক। সেইকাৰণে এয়াই একমাত্ৰ দল' হয়, যি দলে লিখিত সংবিধানৰ ওপৰত সকলো দলক একত্ৰিত হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে প্ৰেৰণা দিয়ে।
অখণ্ড ভাৰতৰ' দ্বাৰা সম্পূৰ্ণ দক্ষিণ এছিয়াৰ দেশবোৰৰ "য়ুনিয়ন" বনোৱাৰ কাৰণে কাম কৰি থকা দ'ল
হিন্দুস্থান বিভাজনে এই ভুল তথ্য সৃষ্টি কৰিছিল যে, হিন্দু-মুচলমান একেলগে থাকিব নোৱাৰে। এই ভুলে ভাৰতৰ ঐতিহাসিক গৌৰৱক ভাৰতৰ জনসাধাৰণৰ পৰা কাঢ়ি নিলে। এনে ভ্ৰমৰ কাৰণে ভাৰতত কিছু মুচলমানৰ মাজত মুচলমান হোৱাৰ বাধ্য-বাধকতা আহি পৰিল। এনে ভুলে ভাৰতক বাৰে বাৰে হিন্দু-মুচলমানৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটালে, সীমান্তত সন্ত্ৰাসবাদীৰ সৃষ্টি কৰিলে, ভাৰত-পাকিস্থানৰ নামত যুদ্ধত অৱতীৰ্ণ হ'ল। যুদ্ধৰ কাৰণে দেশৰ মধ্যবৰ্গ আৰু গৰিৱৰ টকা সেনাবাহিনীৰ ওপৰত খৰচ কৰিব লগাত পৰিল।