ভিপিআই'ৰ লগত সম্পৰ্কিত আৰু মিত্ৰ ৰাজনৈতিক দল

ভোটাৰক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শোষণৰ পৰা মুক্তি দিয়াবৰ কাৰণে আৰু তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ দিয়াবৰ কাৰণে বাকী ৰাজনৈতিক দলৰ লগত মিত্ৰজোঁট হৈ কাম কৰাটো ভিপিআই'ৰ এটা গুৰুত্বপূৰ্ণ কাম হয়। দলৰ সংবিধানৰ অনুচ্ছেদ ২১,২২ আৰু ২৩ (দলৰ সংবিধান চাওক)। ভিপিআই'য়ে ভোটাৰ ৰ মাজত বিভাজন সৃষ্টি কৰা দূৰ্ণীতি আৰু একক অৰ্থনৈতিক শোষণ সমাপ্ত কৰিব বিচাৰে। তথা বাকী দলবোৰৰ পূঁজি পতিৰ দ্বাৰা চৰকাৰী ধনত দূৰ্ণীতি, সামাজিক, অৰ্থনৈতিক আৰু ভৌগোলিক বিষমতা বৃদ্ধি, বেছি সংখ্যকক অৰ্থনৈতিক শোষণ, সামাজিক ঘৃণা, সাংস্কৃতিক আক্ৰমণ আৰু পৰিবেশ ধ্বংস ৰোধ কৰিব বিচাৰে। আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ শোষণ আৰু অন্যায়ৰ পৰা ভোটাৰক মুক্তি দিয়াবৰ কাৰণে ভিপিআই' নিজে এক আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক মঞ্চৰ সদস্য হয়। এই মঞ্চখনৰ নাম হৈছে- অংশীদাৰীত্ব আৰু শান্তিৰ ওপৰত বৈশ্বিক চুক্তি, গ্যেপ' (Global Agreement on Participation and Peace, GAPP)


ভিপিআই নিজে ভাৰতৰ নিৰ্বাচন আয়োগত পঞ্জীকৃত বহু ৰাজনৈতিক দলক উমৈহতীয়া মঞ্চৰ সুবিধা দিয়ে। এনে দলবোৰক ভিপিআই'য়ে সামুহিক সংগঠন আৰু মিত্ৰ গোষ্ঠী দল বুলি মানে। এনে সংস্থা আৰু মিত্ৰ দলবোৰক ভিপিআই'য়ে নিম্নউল্লেখিত সেবাবোৰ প্ৰদান কৰে-

১) মিত্ৰ মঞ্চবোৰৰ গতিবিধিক ৱেবচাইটৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা।

২) দলবোৰক গণতন্ত্ৰ বিৰোধী চান্দাৰ বিপদৰ পৰা বচাই ৰাখি নিজৰ ওপৰত চলিব পৰাকৈ গণতান্ত্ৰীক চান্দাৰ ব্যৱস্থা কৰা।

৩) দলবোৰক উমৈহতীয়া সন্মিলন, শুভাযাত্ৰা, শান্তিপূৰ্ণ সভা আৰু প্ৰশিক্ষণ শিবিৰৰ সুবিধা দিয়া।

৪) দল সমুহৰ সদস্য আৰু পদাধিকাৰী সকলৰ তথ্য আৰু ভিডিঅ' অনলাইনত সংৰক্ষিত কৰি ৰখা।

৫) দল বোৰৰ নিজা প্ৰয়োজনৰ কাৰণে অনলাইন মাছুল সংগ্ৰহৰ সুবিধা দিয়া।

৬) দলবোৰৰ উমৈহতীয়া মঞ্চৰ অনুদান একত্ৰিত কৰা আৰু এই অনুদানৰ লেখ পৰীক্ষাৰ সুবিধা দিয়া।

৭) নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হ'বৰ কাৰণে উমৈহতীয়া যোজনা বনোৱাৰ সুবিধা দিয়া।

৮) বেলেগ বেলেগ দলৰ সমৰ্থক সকল উমৈহতীয়া সমস্যা সমুহৰ দ্বাৰা প্ৰতাৰিত কিন্তু বিভিন্ন জাতি, সম্প্ৰদায়, ধৰ্ম, ভাষা, ৰাজনৈতিক দল, অঞ্চল আৰু দেশৰ মাজত বিভাজিত আৰু অসংগঠিত জনসাধাৰণৰ ৰাজনৈতিক শক্তিক একত্ৰিত কৰা আৰু শক্তিশালী বনাবৰ কাৰণে উমৈহতীয়া আচঁনি প্ৰস্তুত কৰাৰ সুবিধা দিয়া।

Open chat
Any query?
We are here to help you regarding
the new political system.