Mr. Gandhi to announce his new name in front of over one lakh people at his birthday celebration in Rangiya on February 12

অহা 12ফেব্ৰুৱাৰী, ৰঙিয়াত পালন কৰিব শ্ৰী ভৰত গান্ধীৰ 50তম জন্মোৎসৱ। লক্ষ্যাধিকৰ সন্মুখতে শ্ৰী গান্ধীয়ে ঘোষণা কৰিব তেওঁৰ নতুন নাম।

1 February 2019
ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ কেন্দ্ৰীয় সমিতিয়ে পুনৰবাৰ অসম ৰাজ্যিক সমিতিৰ আবেদনক শ্ৰদ্ধা জনাই নিৰ্ণয় লৈছে যে, এই বছৰো 12ফেব্ৰুৱাৰী শ্ৰী ভৰত গান্ধীৰ 50তম জন্মোৎসৱ অন্য প্ৰদেশত নহয় অসমতে পালন কৰা হব।
অসম ৰাজ্যিক সভাপতি ললিত পেগুৱে জানিবলৈ দিছে যে শ্ৰী গান্ধীৰ জন্মোৎসৱৰ কাৰনে ইতিমধ্যে ৰঙিয়াস্তিত জিলা খেলপথাৰ আৱন্তন কৰা হৈছে। তেওঁ লগতে জনাই যে, লক্ষাধিকৰো অধিক লোকে অংশগ্ৰহন কৰিব লগা এই সমাৰোহত। বহু কেইটা দলৰ গন্য-মান্য ৰাজনীতিবিদ উপস্থিত থাকিব। উল্লেখনীয় যে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলে শ্ৰী ভৰত গান্ধীৰ জন্মদিৱস আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক স্বাধীনতা দিৱসৰ ৰূপত মানি আহিছোঁ।এইবাৰৰ জন্মোৎসৱ কেইবাটাও কাৰণত ঐতিহাসিক হ’ব।কিয়নো এইটো প্ৰথম জন্মোৎসৱ সমাৰোহ হ’ব, যত দলৰ কৰ্মী সকলে ভোটাৰচীপ মিচনৰ আংশিক সফলতাৰ উৎসব পালিব আৰু শ্ৰী ভৰত গান্ধীয়ে সুদীৰ্ঘ 20 বছৰে কৰা কঠোৰ তপস্যাৰ অভিনন্দন জনাব।
ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে এইয়াও জনাই যে, 2019 চনৰ জন্মোৎসৱ সমাৰোহ এইকাৰনেওঁ ঐতিহাসিক হব কিয়নো এয়া শ্ৰী গান্ধীৰ 50তম জন্মবৰ্ষৰ লগতে এই দিনতে তেওঁ নিজৰ নতুন নাম ঘোষণা কৰি 24 বছৰ বয়সতে লোৱা সংকল্প পূৰ্ণ কৰিব। শ্ৰী গান্ধীৰ দৰ্শন যে, প্ৰত্যেক ব্যক্তি নিজৰ ব্যক্তিত্বক উত্তমৰ পৰা সৰ্বোত্তম বনাবলৈ নিৰবিচ্চিন্ন আত্ম সংশোধন কৰিব লাগে। এনে ব্যক্তিত্ব ব্যক্তি জনৰ নামৰ ওপৰতো প্ৰভাব পেলাব লাগে। সেইকাৰনে মানুহে নিজৰ আত্ম-সংশোধন, প্ৰতি 25 বছৰে নিজৰ ব্যক্তিত্ব অনুসৰি নিজৰ নাম সলনি কৰিব লাগে। শ্ৰী গান্ধীয়ে এই পৰম্পৰা নিজে নিজৰ পৰা আৰম্ভ কৰিছে । সেইকাৰনে তেওঁ 25 বছৰ বয়সতে তেওঁৰ নাম প্ৰথম বাৰৰ কাৰণে ৰাষ্ট্ৰ পুত্ৰৰ ৰূপত সলনি কৰি ভৰত গান্ধী ৰাখিছিল আৰু এই বছৰ 12ফেব্ৰুৱাৰীত 50 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে শ্ৰী গান্ধীয়ে নিজৰ সংকল্প অনুসৰি নতুন নাম ঘোষণা কৰিব। 12ফেব্ৰুৱাৰীত ঘোষিত নাম 75 বছৰলৈকে চলিব আৰু 75 বছৰ বয়সত তৃতীয় বাৰৰ বাবে সলনি কৰা হব,যিটো নাম জীৱনৰ অন্তিম ক্ষনলৈ চলিব।

Leave a Comment

Your email address will not be published. Required fields are marked *