সামৰিক বাহিনী জোৱানৰ মৃত্যু ৰুধিবলৈ দক্ষিণ এছিয়াৰ ৱতন চৰকাৰ প্ৰয়োজন- বিশ্বাত্মা ভৰত গান্ধী

ৰৌতা, ওদালগুৰি:- কাশ্মীৰৰ পূলৱামাত সন্ত্ৰাসবাদীৰ আই ডি আক্ৰমণৰ দ্বাৰা শ্বহীদ হোৱা সেনা জোৱান সকলক শ্ৰন্ধাঞ্জলি জনাবলৈ ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলে ওদালগুৰি জিলাৰ ৰৌতাত এক বিশাল জন সভাৰ আয়োজন কৰা হয়। যত দলৰ নীতি নিৰ্দেশক বিশ্বাত্মা ভৰত গান্ধীয়ে শ্ৰন্ধাঞ্জলি সভাক সম্বোধন কৰি চৰকাৰক প্ৰশ্ন উত্থাপন কৰে যে, ইউৰোপীয়ান ৰাষ্ট্ৰবাদৰ নামত কৃষক মজদুৰৰ সন্তানৰ ওঁপৰত আৰু কিমান দিনলৈ নৰসংহাৰ চলাই থাকিব ? তেওঁ কয় যে, মাটিৰ এটা অংশক ৰাষ্ট্ৰ বুলি মানি লোৱাৰ নীতি ইংৰাজে শিকাইছিল। ভাৰতৰ সভ্যতা আৰু সংস্কৃতিয়ে সমগ্ৰ বিশ্বকে ৰাষ্ট্ৰ বুলি মানি লোৱা যায়। মাত্ৰ পৃথিৱীৰ এডোখৰ ঠাইৰ নামত মাৰ-পিট, বিশৃংখল আৰু যুদ্ধ কৰোৱাটো এক প্ৰকাৰৰ জংঘলী মানসিকতা হয়। এই জংঘলী মানসিকতাৰ পৰা সেই দিনালৈকে মুক্তি নাপাব, যি দিনালৈকে দেশৰ জোৱানৰ তেজ বৈ থাকিব। ভি পি আইৰ নীতি নিৰ্দেশক জনে লগতে উল্লেখ কৰে যে, নাগৰিক, সম-প্ৰভুত্ব আৰু ৰাষ্ট্ৰবাদৰ বিষয়ে ইংৰাজে নিজৰ ভূল স্বীকাৰ কৰি ইউৰোপৰ 27 খন দেশ একলগ কৰি এখনি সামুহিক চৰকাৰ, সংসদ, ন্যায়ালয়, সেনা আৰু সামুহিক নোট (টকা) বনাই ল’লে। ইয়াৰ দ্বাৰা ইউৰোপৰ জোৱানৰ ওঁপৰত চলি থকা নৰসংহাৰ ৰুদ্ধ হৈ গ’ল।
শাসন ব্যৱস্থা আৰু অৰ্থ ব্যৱহাৰ ওপৰত এক দৰ্জনৰো অধিক কিতাপৰ লেখক বিশ্বাত্মা ভৰত গান্ধীয়ে চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে যে, সংকীৰ্ণ ৰাষ্ট্ৰবাদৰ যিটো ঔষধক বিষ মানি ইউৰোপৰ জনসাধাৰনে তেনে ৰাষ্ট্ৰবাদক ডাষ্টবিনত পেলাই দিলে, ইয়াৰ বিপৰীতে ভাৰত আৰু দক্ষিণ এছিয়াৰ দেশৰ নেতাসকলে এই ডাষ্টবিনৰ জাৱৰৰ পৰা ঔষধ পেৰি দেশৰ জনসাধাৰণক কিমান দিনলৈ দি থাকিব ? সেইকাৰনে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলে গৰীব আৰু অংশীদাৰী সকলৰ কাৰণে বিশ্বব্যাপি চুক্তি কৰাবৰ কাৰনে কাম কৰি আছে আৰু জনমত সংগ্ৰহ কৰি আছে।
শ্ৰন্ধাঞ্জলি সভাত দলৰ ৰাজ্যিক সভাপতি ললিত পেগু, অৰ্থনৈতিক স্বাধীনতা আন্দোলনৰ ৰাজ্যিক সভাপতি তৰণী বসুমতাৰী, সুনিল শৰকাৰ, আবু চামা, বিপুল নাৰ্জাৰী, ৰাজেশ নাৰ্জাৰী, ভৰত গয়াৰী, আবুল কালাম আজাদ,বলিৰাম দৈমাৰীকে আদি কৰি সকলো পদাধিকাৰীয়ে সম্বোধন কৰে। এই শ্ৰন্দাঞ্জলি সভাত উপস্থিত ভি পি আইৰ পাঁচ সহস্ৰাধিক কৰ্মকৰ্তাই শেষত দুই মিনিটৰ মৌনতা ৰাখি শ্বহীদ জোৱানৰ শ্ৰন্ধাঞ্জলি অৰ্পণ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *