17-11-2021 Rangia নিৰ্বাচন নহয়! সংৰক্ষনেৰেহে পাব পাৰে বড়ো, আদিবাসী আৰু অন্যান্য 17 Nov. Rangia পিছপৰা শ্ৰেনীয়ে সত্বা আৰু সমৃদ্ধিত অংশীদাৰীত্ব – বিশ্বাত্মা

ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা মাহমুদ প্ৰাচা’ৰ অংশগ্ৰহন।

ভিপিআই’ৰ “শান্তি আৰু অংশীদাৰীত্ব” মহাৰেলিত বড়ো-মুচলমান লোকেৰে লোকাৰণ্য ৰঙিয়া।

ৰঙিয়া, ১৭ নৱেম্বৰঃ আজি কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেল’ৰ পঞ্চম সংখ্যক প্ৰতিষ্ঠা দিৱস ৰাজ্যিক ভিক্তিত আয়োজিত হয়। প্ৰতিষ্ঠা দিৱসত দ’লৰ প্ৰতিষ্ঠাপক, নীতি-নিৰ্দেশক বিশ্বাত্মা ভৰত গান্ধীয়ে মূখ্য অতিথি হিচাপে উপস্থিত থাকি দলীয় কৰ্মীক সম্ভোধিত কৰি বিশ্বাত্মাই কয় যে, ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলে সকলো ভোটাৰক সত্বা আৰু অংশীদাৰীত্ব দিয়াবৰ বাবে সংকল্পিত। তেওঁ কয় যে, বাকী দ’লৰ দৰে আমি মাত্ৰ নেতাসকলক ধনৱান বনাবলৈ কাম কৰা নাই। আমি মেচিন আৰু প্ৰাকৃতিক উৎপাদনৰ দ্বাৰা সৃষ্টি হোৱা ৰাষ্ট্ৰীয় আয়ত প্ৰত্যেক ব্যক্তিৰ অংশীদাৰীত্ব দিয়াবলৈ কাম কৰি আছোঁ। তেওঁ লগতে নিৰ্বাচনী পদ্ধতিত থকা দূষ উল্লেখ কৰি কয় যে এতিয়া সংৰক্ষণ অবিহনে অনুসূচীত জাতি, জনজাতি, অন্যান্য পিছপৰা শ্ৰেনী আৰু আদিবাসী সকলে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হোৱাৰ ৰাস্তা বন্ধ হৈ গৈছে। গতিকে ইয়াৰ ওপৰত সংৰক্ষণ হ’ব লাগে। আৰু তেওঁলোকক ন্যায় দিব লাগে। সমকালীন ৰাজনীতি শুঁধাৰকৰ ওপৰত এক দৰ্জনৰো অধিক কিতাপৰ লিখক শ্ৰীবিশ্বাত্মাই বিভিন্ন সামাজিক আৰু আৰ্থিক বৰ্গক সত্বা আৰু সমৃদ্ধিত অংশীদাৰীত্ব দিয়াবৰ কাৰণে প্ৰয়োজনীয় সংৰক্ষণ নীতি শুঁধৰাই প্ৰত্যেক বৰ্ষত বেলেগ বেলেগ মুখ্যমন্ত্ৰী বনোৱা যাওক আৰু সকলোকে বিকাশ কৰাৰ সুবিধা দিব লাগে। বান-গঢ়াখহনীয়া সমস্যাক অসমৰ সন্ত্ৰাস বুলি উল্লেখ কৰি বিশ্বাত্মাই আহ্বান জনাই যে, যেতিয়ালৈকে বানপানী সমস্যাৰ স্থায়ী সামাধান নহয়, তেতিয়ালৈকে বান প্ৰভাম্বিত অঞ্চলৰ সকলো ব্যক্তিক মাহে ৬০০০ হাজাৰ টকাকৈ “বান ভাট্ৰা” দিয়া যাওক। যাৰদ্বাৰা নিৰাপদ স্থান আৰু প্ৰান বচাব পাৰে। 

         

 ভিপিআই’ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শিৱাকান্ত গৌৰখপুৰীয়ে কয় যে, কোনো দালাল দ’লৰ চৰকাৰে পূঁজিপতিৰ পৰা ক’ৰ লগাই ভোটাৰশ্বিপ আইন বনাব নোৱাৰে। য’ত প্ৰধানমন্ত্ৰীয়ে আদানী-আম্বানীক “ধনী’’ বুলি ঘোষণা কৰিব পৰা নাই, তে’নেস্থলত ভোটাৰৰ ভোটাৰশ্বিপ’ আইন কেনেদৰে বনাব ? প্ৰধানমন্ত্ৰীয়ে পূঁজিপতিৰ ওপৰত কৰ্পৰেট ক’ৰ লাগু কৰি পুনৰ বাতিল কৰিলে আৰু সকলো ক’ৰ ডিজেল, পেট্ৰল আৰু নিত্য ব্যৱহাৰ্য্য সামগ্ৰীত লগাই মুল্যবৃদ্ধি আকাশলংঘী কৰি দিলে। ইয়াৰপৰা গম পোৱা যায় যে প্ৰধানমন্ত্ৰীয়ে পূঁজিপতিৰ সন্মুখত আটু’ ল’লে। কাৰণ দুই-চাৰিজন পূঁজিপতিয়ে দেশ লুটি আছে আৰু সত্বাত থকা চৰকাৰে চকু-মুখ বন্ধ কৰি চাই আছে। 

দ’লৰ সৰ্বভাৰতীয় সভানেত্ৰী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠা অধিবক্তা ববিতা শৰ্মা গোৱেলে জনসভা সম্ভোধন কৰি কয় যে ভিপিআই’য়ে ভাৰতক বিজ্ঞান বিৰুধী, ধৰ্মান্ধ, অন্ধবিশ্বাসী, হিংসুক আৰু সন্ত্ৰাসবাদী ৰাষ্ট্ৰ কেতিয়াও হ’ব নিদিয়ে। কিছু কিছু দ’লে মাত্ৰ ভোট লোৱাৰ কাৰণে দুটা সম্প্ৰদায়ৰ মাজত ঘৃণা ভাব সৃষ্টি কৰাই তেজৰ ফাকু খেলিব বিচাৰে। তেনে পৰিকল্পনাক ভোটাৰ্চ পাৰ্টিয়ে কেতিয়াও সফল হ’ব নিদিয়ে। 

মহাৰেলিত বিশিষ্ট অতিথিৰ ৰূপত উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা মাহমুদ প্ৰাচাই কয় যে, সংবিধান, ধৰ্মনিৰপেক্ষতা, সমাজবাদ, পৰিসংঘীয় ধাৰা আৰু মানৱাধিকাৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে ডাঙৰ প্ৰাথমিকতা। সংবিধানে এনে মুল্যৰ বিৰুদ্ধে কাম কৰা দ’লক কেতিয়াও সহ্য নকৰে। আৰু তেওঁলোকৰ বিৰুদ্ধে সক্ষম মঞ্চ বা দ’লত থাকি আইনী কাৰ্যব্যৱস্থা গ্ৰহন কৰা হ’ব। 

 দ’লৰ ৰাজ্যিক সভাপতি ললিত পেগুৱে দলীয় কৰ্মীসকলক সম্ভোধন কৰি কয় যে, ডিজেল-পেট্ৰল ১০০ টকাত বেছি, মিঠাতেলৰ মূল্য ২০০ টকাকৈ বেছি সত্বাত থকা বিজেপি চৰকাৰে জনসাধাৰণক লুন্ঠন কৰি পূঁজিপতিৰ বাকচত আমাৰ টকা ভৰাই  আছে। আৰু সত্বাধাৰী দ’লে বেলেগ বেলেগ কায়দাৰে বাঙালী ভাষী আৰু অসমীয়া ভাষী সকলৰ মাজত হাই-কাজিয়া কৰাব বিছাৰে। শ্ৰী পেগুৱে লগতে কয় যে মুচলমানৰ ওপৰত হৈ থকা প্ৰশাসনিক অত্যাচাৰ ভিপিআই’য়ে আৰু সহ্য নকৰে। যি কোনো প্ৰকাৰে মুচলমানক সহায় কৰিব। জনসভাত বিশ্ব পৰিবৰ্তন মিচ্ নৰ ৰাজ্যিক সভাপতি তৰণী বসুমতাৰীয়ে কয় যে, বিটিচি গঠনৰ পিছত বিটিচি’ৰ দুৰ্দশা দিনক দিনে বৃদ্ধি হৈ গৈ আছে। জনসাধাৰণৰ মাজত নিৰাশা, খং আৰু আবেগৰ ছবি প্ৰতিফলিত হৈছে। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰা হোৱা নাই। 

          শান্তি ৰেলিত ৰঞ্জয় বসুমতাৰী, সুনিল সৰকাৰ আৰু হামিদ আলিয়ে সভা সম্ভোধন কৰে। ৰেলিত ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, উদালগুৰী, দৰং, বাক্সা, নলবাৰী, নগাঁও, মৰিগাঁও, গুৱাহাটী, কামৰূপ, গোৱালপাৰা, চিৰাং, কোকৰাঝাৰ, বজালি, বৰপেটা আৰু বঙাইগাঁও আদি জিলাৰ পৰা দ’লৰ কৰ্ম-কৰ্তা অংশগ্ৰহন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *